< প্ৰকাশিত বাক্য 18 >

1 এইবোৰ ঘটনা ঘটাৰ পাছত মই আন এজন দূতক স্বৰ্গৰ পৰা নমা দেখিলোঁ; তেওঁ অধিক অধিকাৰ পোৱা আৰু তেওঁৰ প্ৰতাপত পৃথিৱী খন দীপ্তিময় হ’ল।
Baada ya hayo, nilimwona malaika mwingine akishuka kutoka mbinguni. Alikuwa na uwezo mkuu, na dunia ikamulikwa na mng'ao wake.
2 তেওঁ বলৱান মাতেৰে ৰিঙিয়াই ক’লে, “পৰিল, পৰিল সেই বাবিল মহা-নগৰ! তাই ভূতবোৰৰ বাসস্থান হৈ পৰিছে সকলো অশুচি আত্মাৰ কয়দখানা আৰু আটাই অশুচি আৰু ঘিণলগীয়া চৰাই বাস কৰা ঠাই হ’ল।
Basi, akapaaza sauti kwa nguvu akisema, “Umeanguka; Babuloni mkuu umeanguka! Sasa umekuwa makao ya mashetani na pepo wachafu; umekuwa makao ya ndege wachafu na wa kuchukiza mno.
3 কিয়নো সকলো জাতি তাইৰ ব্যভিচাৰৰ ক্ৰোধৰূপ দ্ৰাক্ষাৰসৰ দ্বাৰাই পতিত হ’ল৷ আৰু পৃথিৱীৰ ৰজা সকলে তাইৰে সৈতে ব্যভিচাৰ কৰিলে, তাইৰ বিলাসিতা শক্তিৰ প্ৰভাৱত পৃথিৱীৰ সদাগৰ সকল ধনৱন্ত হ’ল।”
Maana mataifa yote yalileweshwa kwa divai kali ya uzinzi wake, nao wafalme wa dunia wamefanya uzinzi naye. Nao wafanyabiashara wa dunia wametajirika kutokana na anasa zake zisizo na kipimo.”
4 পাছত আন এক আকাশ বাণীত এনেদৰে কোৱা শুনিলোঁ, “হে মোৰ লোক সকল, তোমালোকে যেন তাইৰ পৰা ওলাই আহা যাতে তোমালোকে তাইৰ পাপৰ অংশীদাৰ নোহোৱা আৰু তাইৰ উৎপাতৰ ভাগ নোপোৱা৷
Kisha nikasikia sauti nyingine kutoka mbinguni ikisema, “Watu wangu, ondokeni kwake, ili msishirikiane naye katika dhambi zake, msije mkaipata adhabu yake.
5 কিয়নো তাইৰ পাপ স্বৰ্গলৈ বৃদ্ধি পালে, আৰু তাইৰ অপৰাধ ঈশ্বৰে সোঁৱৰণ কৰিলে।
Kwa maana dhambi zake zimekuwa nyingi mno, zimelundikana mpaka mbinguni, na Mungu ameyakumbuka maovu yake.
6 তাই যি দৰে দিলে, তোমালোকেও তাইক সেইদৰে প্ৰতিফল দিয়া, আৰু তাইৰ কৰ্ম অনুসাৰে দুগুণত দুগুণ প্ৰতিফল দিয়া; যি পান-পাত্ৰত পেয় যুগুত কৰিলে, সেই পান-পাত্ৰত তোমালোকেও তাইলৈ দুগুণ পেয় যুগুত কৰা।
Mtendeeni kama alivyowatendea ninyi; mlipeni mara mbili kwa yale aliyoyatenda. Jazeni kikombe chake kwa kinywaji kikali mara mbili zaidi ya kile alichowapeni.
7 তাই যিমান গৌৰৱ আৰু বিলাসিতা কৰিছিল তাইক সিমান যাতনা আৰু শোক দিয়া৷ কিয়নো তাই মনতে কয়, ‘মই ৰাণী হৈ বহি আছোঁ; মই বিধৱা নহওঁ আৰু মই শোকৰ দিন কেতিয়াও নেদেখিম।’
Mpeni mateso na uchungu kadiri ya kujigamba kwake, na kuishi kwake kwa anasa. Maana anajisemea moyoni: Ninaketi hapa; mimi ni malkia. Mimi si mjane, wala sitapatwa na uchungu!
8 সেই বাবে তাইৰ সকলো উৎপাত: মৃত্যু শোক আৰু আকাল; একেদিনাই উপস্থিত হ’ব৷ তাইক জুইত পুৰি পেলোৱা যাব, কিয়নো তাইৰ বিচাৰকৰ্তা প্ৰভু পৰমেশ্বৰ বলৱান।
Kwa sababu hiyo mabaa yake yatampata kwa siku moja: ugonjwa, huzuni na njaa. Atachomwa moto, maana Bwana Mungu mwenye kumhukumu ni Mwenye Uwezo.”
9 পৃথিৱীৰ যি ৰজা সকলে তাইৰে সৈতে ব্যভিচাৰ আৰু বিলাসিতা কৰিছিল, তেওঁলোকে তাইক পোৰাৰ ধুঁৱা যেতিয়া দেখিব, তেতিয়া তাইৰ কাৰণে ক্ৰন্দন কৰি হিয়া ভুকুৱাব৷
Wafalme wa Dunia waliofanya uzinzi naye na kuishi naye maisha ya anasa wataomboleza na kulia wakati watakapoona moshi wa mji huo unaoteketea.
10 ১০ তাইৰ যাতনাৰ ভয়ত দুৰৈত থিয় হৈ এইদৰে ক’ব, “হায় হায়, বাবিল মহা-নগৰ, তুমি সন্তাপৰ পাত্ৰ, পৰাক্ৰমী বাবিল নগৰ! কিয়নো এঘণ্টাৰ ভিতৰতে তোমাৰ দণ্ডাজ্ঞা হ’ল।”
Wanasimama kwa mbali kwa sababu ya kuogopa mateso yake, na kusema, “Ole! Ole kwako Babuloni, mji maarufu na wenye nguvu! Kwa muda wa saa moja tu adhabu yako imekupata.”
11 ১১ পৃথিৱীৰ সদাগৰ সকলে তাইৰ কাৰণে ক্ৰন্দন আৰু শোক কৰিছে,
Wafanyabiashara wa dunia watalia na kumfanyia matanga, maana hakuna mtu anayenunua tena bidhaa zao;
12 ১২ কিয়নো তেওঁলোকৰ বাণিজ্য-দ্ৰব্য, অৰ্থাৎ সোণ, ৰূপ, বহুমুলীয়া মণি, মুকুতা, শণ সুতাৰ মিহি কাপোৰ, বেঙেনা বৰণীয়া কাপোৰ, পাট কাপোৰ, উজ্বল ৰঙা বৰণীয়া কাপোৰ, চন্দন আদি কাঠ, হাতী-দাঁতৰ আটাই পাত্ৰ আৰু বহুমুল্য কাঠৰ, পিতলৰ, লোহাৰ আৰু মৰ্ম্মৰ শিলৰ সকলো পাত্ৰ,
hakuna tena wa kununua dhahabu yao, fedha, mawe ya thamani na lulu, kitani na nguo za rangi ya zambarau, hariri na nguo nyekundu; vyombo vya kila aina ya miti ya pekee, vyombo vya pembe za ndovu, vya miti ya thamani kubwa, vya shaba, chuma na marmari;
13 ১৩ ডালচেনি, মচলা, ধূপ, সুগন্ধি তেল, ধুনা-এঁঠা, দ্ৰাক্ষাৰস, তেল, মিহি আটাগুড়ি, ঘেঁহু ধান, মেৰ, ঘোঁৰা আৰু ৰথ, বন্দী মানুহ আৰু মানুহৰ প্ৰাণ, এতিয়া কোনেও নিকিনে৷
mdalasini, viungo, ubani, manemane, udi, divai, mafuta, unga na ngano, ng'ombe na kondoo, farasi na magari ya kukokotwa, watumwa wao na hata maisha ya watu.
14 ১৪ তোমাৰ প্ৰাণৰ অভিলাষিত ফলবোৰ তোমাৰ পৰা গুচি গ’ল৷ সকলো শোভা আৰু দীপ্তি তোমাৰ পৰা নোহোৱা হৈ গ’ল; সেইবোৰ কেতিয়াও পুনৰ নাপাবা।
Wafanyabiashara wanamwambia: “Faida yote uliyotazamia imetoweka, na utajiri na fahari vimekuponyoka; hutaweza kuvipata tena!”
15 ১৫ এই সকলো বস্তুৰে যি সদাগৰ সকল তাইৰ পৰা ধনৱন্ত হৈ গ’ল, তেওঁলোকে তাইৰ যাতনা দেখি ভয়তে দুৰৈত থিয় হৈ, ক্ৰন্দন আৰু শোক কৰিব৷
Wafanya biashara waliotajirika kutokana na mji huo, watasimama mbali kwa sababu ya hofu ya mateso yake, watalalamika na kuomboleza,
16 ১৬ তেওঁলোকে কব, “হায় হায়, সেই মহা-নগৰ সন্তাপৰ পাত্ৰ যি শণ সুতাৰ মিহি কাপোৰ পিন্ধা, বেঙেনা বৰণীয়া আৰু উজ্বল ৰঙা বৰণীয়া কাপোৰ পিন্ধা আৰু সোণ, বহুমুলীয়া মণি আৰু মুকুতাৰে অলঙ্কৃত হোৱা!”
wakisema, “Ole! Ole kwa mji huu mkuu. Ulizoea kuvalia nguo za kitani, za rangi ya zambarau na nyekundu, na kujipamba kwa dhahabu, mawe ya thamani na lulu!
17 ১৭ এঘণ্টাৰ ভিতৰতে এই সকলো ধন-সম্পত্তি ধ্বংস হ’ল। জাহাজৰ চাৰেং সকল, জাহাজেৰে ঠায়ে ঠায়ে অহা-যোৱা কৰা লোক সকল আৰু নাৱিক সকলকে আদি কৰি যিমান সমুদ্ৰ-ব্যৱসায়ী লোক আছে, সেই সকলোৱে দুৰৈত থিয় দি থাকিল৷
Kwa saa moja tu utajiri wako umetoweka!” Halafu manahodha wote na wasafiri wao, wanamaji na wote wanaofanya kazi baharini, walisimama kwa mbali,
18 ১৮ তাইক পোৰাৰ ধুঁৱা দেখি তেওঁলোকে ৰিঙিয়াই ক’লে, “এই মহা-নগৰ তুল্য কোন নগৰ আছে?”
na walipouona moshi wa moto ule uliouteketeza, wakalia kwa sauti: “Hakujapata kuwako mji kama mji huu mkuu!”
19 ১৯ আৰু তেওঁলোকে নিজৰ মুৰত ধুলি পেলাই ক্ৰন্দন আৰু শোক কৰি ৰিঙিয়াই ক’লে, “হায় হায়, সেই মহা-নগৰ সন্তাপৰ পাত্ৰ যত সকলো জাহাজৰ গৰাকী সকল সাগৰত থাকি যি নগৰ ধনৰ বাহুল্যতাৰ দ্বাৰাই ধনৱন্ত হৈ গ’ল, এঘণ্টাৰ ভিতৰতে তাইৰ ধ্বংস হ’ল।”
Wakajimwagia vumbi juu ya vichwa vyao wakilia kwa sauti na kuomboleza: “Ole! Ole kwako mji mkuu! Ni mji ambamo wote wenye meli zisafirizo baharini walitajirika kutokana na utajiri wake. Kwa muda wa saa moja tu umepoteza kila kitu!”
20 ২০ “হে স্বৰ্গ, পবিত্ৰ লোক, পাঁচনি আৰু ভাববাদী সকল, তোমালোকে তাইৰ বিষয়ে আনন্দ কৰা, কিয়নো ঈশ্বৰে তোমালোকৰ সোধ-বিচাৰ তাইৰ ওপৰত কৰিলে!”
Furahi ee mbingu, kwa sababu ya uharibifu wake. Furahini watu wa Mungu, mitume na manabii! Kwa maana Mungu ameuhukumu kwa sababu ya mambo uliyowatenda ninyi!
21 ২১ পাছত এজন বলৱান দূতে এখন জাঁতৰ নিচিনা এচটা ডাঙৰ শিল তুলি লৈ সাগৰত দলিয়াই ক’লে, “এইদৰে বাবিল মহা-নগৰক বলেৰে পেলোৱা হ’ব, আৰু কেতিয়াও দেখা নাযাব।
Kisha malaika mmoja mwenye nguvu sana akainua jiwe mfano wa jiwe kubwa la kusagia, akalitupa baharini akisema, “Ndivyo, Babuloni atakavyotupwa na kupotea kabisa.
22 ২২ বীণা বজোৱা, গায়ন-বায়ন, বাঁহীবাদক আৰু কালি বজোৱা সকলৰ মাত তোমাৰ মাজত আৰু কেতিয়াও শুনা নাযাব৷ আৰু কোনো প্ৰকাৰ শিল্পকাৰী লোক তোমাৰ মাজত কেতিয়াও পোৱা নাযাব৷ জাঁত-ঘৰৰ মাত তোমাৰ মাজত কেতিয়াও শুনা নাযাব;
Sauti za vinubi za muziki, sauti za wapiga filimbi na tarumbeta hazitasikika tena ndani yako. Hakuna fundi wa namna yoyote ile atakayepatikana tena ndani yako; wala sauti ya jiwe la kusagia haitasikika tena ndani yako.
23 ২৩ চাকিৰ পোহৰ তোমাৰ মাজত কেতিয়াও দেখা নাযাব৷ দৰা আৰু কন্যাৰ মাত তোমাৰ মাজত কেতিয়াও শুনা নাযাব, কিয়নো তোমাৰ সদাগৰ সকল পৃথিৱীৰ ৰাজকুমাৰ আছিল, আৰু তোমাৰ মায়াকৰ্ম্মৰ দ্বাৰাই সকলো জাতিবোৰ ভ্ৰান্ত হ’ল।
Mwanga wa taa hautaonekana tena ndani yako; sauti za bwana arusi na bibi arusi hazitasikika tena ndani yako. Wafanyabiashara wako walikuwa wakuu duniani, na kwa uchawi wako mataifa yote yalipotoshwa!”
24 ২৪ ভাববাদী আৰু পবিত্ৰ লোক সকলকে আদি কৰি যিমান লোকক পৃথিৱীত বধ কৰা হ’ল, সেই সকলোৰে তেজ এই নগৰৰ ভিতৰত পোৱা গ’ল।”
Mji huo uliadhibiwa kwani humo mlipatikana damu ya manabii, damu ya watu wa Mungu na damu ya watu wote waliouawa duniani.

< প্ৰকাশিত বাক্য 18 >