< প্ৰকাশিত বাক্য 16 >

1 পাছত পবিত্ৰ মন্দিৰৰ পৰা এটা মহা-বাণী কোৱা শুনিলো আৰু সেই সাত জন দূতলৈ এইদৰে কলে, “তোমালোকে যোৱা আৰু ঈশ্বৰৰ ক্ৰোধৰ সেই সাতোটা বাটি পৃথিৱীত বাকি দিয়া।”
ততঃ পরং মন্দিরাৎ তান্ সপ্তদূতান্ সম্ভাষমাণ এষ মহারৱো মযাশ্রাৱি, যূযং গৎৱা তেভ্যঃ সপ্তকংসেভ্য ঈশ্ৱরস্য ক্রোধং পৃথিৱ্যাং স্রাৱযত|
2 তেতিয়া প্ৰথম জন দূতে গৈ পৃথিৱীত নিজৰ বাটি বাকি দিলে; তাতে সেই পশুৰ ছাব থকা আৰু তাৰ প্ৰতিমূৰ্তিক প্ৰণিপাত কৰা লোক সকলৰ গাত জঘন্য আৰু ক্লেশ-দায়ক বিষম ঘা হ’ল।
ততঃ প্রথমো দূতো গৎৱা স্ৱকংসে যদ্যদ্ অৱিদ্যত তৎ পৃথিৱ্যাম্ অস্রাৱযৎ তস্মাৎ পশোঃ কলঙ্কধারিণাং তৎপ্রতিমাপূজকানাং মানৱানাং শরীরেষু ৱ্যথাজনকা দুষ্টৱ্রণা অভৱন্|
3 দ্বিতীয় জন দূতে সাগৰত নিজৰ বাটি বাকি দিলে; তাতে সেয়ে মৃত লোকৰ তেজৰ নিচিনা হ’ল; আৰু সাগৰত থকা আটাই জীৱিত প্ৰাণী মৰিল।
ততঃ পরং দ্ৱিতীযো দূতঃ স্ৱকংসে যদ্যদ্ অৱিদ্যত তৎ সমুদ্রে ঽস্রাৱযৎ তেন স কুণপস্থশোণিতরূপ্যভৱৎ সমুদ্রে স্থিতাশ্চ সর্ৱ্ৱে প্রাণিনো মৃত্যুং গতাঃ|
4 তৃতীয় জন দূতে নদী আৰু জলৰ ভুমুকবোৰত নিজৰ বাটি বাকি দিলে; তাতে সেয়ে তেজ হৈ বৈ গ’ল।
অপরং তৃতীযো দূতঃ স্ৱকংসে যদ্যদ্ অৱিদ্যত তৎ সর্ৱ্ৱং নদীষু জলপ্রস্রৱণেষু চাস্রাৱযৎ ততস্তানি রক্তমযান্যভৱন্| অপরং তোযানাম্ অধিপস্য দূতস্য ৱাগিযং মযা শ্রুতা|
5 তেতিয়া জলৰ দূত জনক এই কথা কোৱা শুনিলোঁ, “তুমি ন্যায়ৱান, যি জন আছে আৰু যি জন আছিল, সেই জন পবিত্ৰ, কিয়নো তুমি এনে সোধ-বিচাৰ উপনিত কৰিলা।
ৱর্ত্তমানশ্চ ভূতশ্চ ভৱিষ্যংশ্চ পরমেশ্ৱরঃ| ৎৱমেৱ ন্যায্যকারী যদ্ এতাদৃক্ ৎৱং ৱ্যচারযঃ|
6 যিহেতু তেওঁলোকে তোমাৰ পবিত্ৰ লোক আৰু ভাববাদী সকলৰ ৰক্তপাত কৰিলে, সেয়েহে তুমিও তেওঁলোকক পান কৰিবলৈ তেজ দিলা; তেওঁলোক ইয়াৰ যোগ্য৷”
ভৱিষ্যদ্ৱাদিসাধূনাং রক্তং তৈরেৱ পাতিতং| শোণিতং ৎৱন্তু তেভ্যো ঽদাস্তৎপানং তেষু যুজ্যতে||
7 পাছত মই বেদিয়ে এই কথা কোৱা শুনিলোঁ, “হয়, হে সকলোৰে ওপৰত শাসন কৰা প্ৰভু পৰমেশ্বৰ, তোমাৰ বিচাৰ-আজ্ঞাবোৰ সত্য আৰু ন্যায়।”
অনন্তরং ৱেদীতো ভাষমাণস্য কস্যচিদ্ অযং রৱো মযা শ্রুতঃ, হে পরশ্ৱর সত্যং তৎ হে সর্ৱ্ৱশক্তিমন্ প্রভো| সত্যা ন্যায্যাশ্চ সর্ৱ্ৱা হি ৱিচারাজ্ঞাস্ত্ৱদীযকাঃ||
8 চতুৰ্থ দূত জনে সুৰ্য্যৰ ওপৰত নিজৰ বাটি বাকি দিলে; আৰু মানুহক জুইৰে তাপিত কৰিবলৈ তেওঁক ক্ষমতা দিয়া হ’ল।
অনন্তরং চতুর্থো দূতঃ স্ৱকংসে যদ্যদ্ অৱিদ্যত তৎ সর্ৱ্ৱং সূর্য্যে ঽস্রাৱযৎ তস্মৈ চ ৱহ্নিনা মানৱান্ দগ্ধুং সামর্থ্যম্ অদাযি|
9 তেতিয়া মানুহবোৰে বৰ তাপেৰে তাপিত হৈ, এইবোৰ উৎপাতৰ ওপৰত ক্ষমতা থকা ঈশ্বৰৰ নামক নিন্দা কৰিলে৷ সিহঁতে তেওঁৰ মহিমা স্বীকাৰ নকৰিলে আৰু মন-পালটন নকৰিলে।
তেন মনুষ্যা মহাতাপেন তাপিতাস্তেষাং দণ্ডানাম্ আধিপত্যৱিশিষ্টস্যেশ্ৱরস্য নামানিন্দন্ তৎপ্রশংসার্থঞ্চ মনঃপরিৱর্ত্তনং নাকুর্ৱ্ৱন্|
10 ১০ পঞ্চম দূত জনে পশুৰ সিংহাসনৰ ওপৰত নিজৰ বাটি বাকি দিলে; তাতে তাৰ ৰাজ্য অন্ধকাৰময় হ’ল; আৰু তেওঁলোকে মনোকষ্টত নিজ নিজ জিভা কামুৰিলে;
১০ততঃ পরং পঞ্চমো দূতঃ স্ৱকংসে যদ্যদ্ অৱিদ্যত তৎ সর্ৱ্ৱং পশোঃ সিংহাসনে ঽস্রাৱযৎ তেন তস্য রাষ্ট্রং তিমিরাচ্ছন্নম্ অভৱৎ লোকাশ্চ ৱেদনাকারণাৎ স্ৱরসনা অদংদশ্যত|
11 ১১ আৰু নিজ নিজ বেদনা আৰু ঘা বোৰৰ কাৰণে স্বৰ্গৰ ঈশ্বৰক নিন্দা কৰি নিজ নিজ কৰ্মৰ পৰা মন-পালটন নকৰিলে।
১১স্ৱকীযৱ্যথাৱ্রণকারণাচ্চ স্ৱর্গস্থম্ অনিন্দন্ স্ৱক্রিযাভ্যশ্চ মনাংসি ন পরাৱর্ত্তযন্|
12 ১২ ষষ্ঠ দূত জনে ফৰাৎ মহা-নদীত নিজৰ বাটি বাকি দিলে; তাতে পূব দিশৰ পৰা অহা ৰজা সকলৰ পথ প্ৰস্তুত কৰিবলৈ, সেই নদীৰ পানী শুকাই গ’ল।
১২ততঃ পরং ষষ্ঠো দূতঃ স্ৱকংসে যদ্যদ্ অৱিদ্যত তৎ সর্ৱ্ৱং ফরাতাখ্যো মহানদে ঽস্রাৱযৎ তেন সূর্য্যোদযদিশ আগমিষ্যতাং রাজ্ঞাং মার্গসুগমার্থং তস্য তোযানি পর্য্যশুষ্যন্|
13 ১৩ পাছত সেই ড্ৰেগনৰ মুখৰ পৰা, পশুৰ মুখৰ পৰা আৰু ভাঁৰিকোৱা ভাববাদীৰ মুখৰ পৰা, ভেকুলিৰ সদৃশ তিনটা অশুচি আত্মা ওলোৱা দেখিলোঁ।
১৩অনন্তরং নাগস্য ৱদনাৎ পশো র্ৱদনাৎ মিথ্যাভৱিষ্যদ্ৱাদিনশ্চ ৱদনাৎ নির্গচ্ছন্তস্ত্রযো ঽশুচয আত্মানো মযা দৃষ্টাস্তে মণ্ডূকাকারাঃ|
14 ১৪ কিয়নো সিহঁত ভূতবোৰৰ আত্মা, আচৰিত চিন দেখুৱাওঁতা; সিহঁতে সৰ্বশক্তিমান ঈশ্বৰৰ সেই মহা-দিনৰ যুদ্ধলৈ গোটেই জগতৰ ৰজা সকলক গোট খুৱাবৰ কাৰণে তেওঁলোকৰ ওচৰলৈ ওলাই গ’ল।
১৪ত আশ্চর্য্যকর্ম্মকারিণো ভূতানাম্ আত্মানঃ সন্তি সর্ৱ্ৱশক্তিমত ঈশ্ৱরস্য মহাদিনে যেন যুদ্ধেন ভৱিতৱ্যং তৎকৃতে কৃৎস্রজগতো রাজ্ঞাঃ সংগ্রহীতুং তেষাং সন্নিধিং নির্গচ্ছন্তি|
15 ১৫ (মন কৰিবা! মই চোৰৰনিচিনাকৈ আহিম। ধন্য এনে লোক যি জনে নিজ গাত বস্ত্ৰ ৰাখিজাগি থাকে, যাতে তেওঁ উলঙ্গ হৈ বাহিৰলৈ ওলাব নালাগে আৰু তেওঁৰ লাজ আন লোকে দেখা নাপায়।)
১৫অপরম্ ইব্রিভাষযা হর্ম্মগিদ্দোনামকস্থনে তে সঙ্গৃহীতাঃ|
16 ১৬ পাছত সিহঁতে ইব্ৰী ভাষাত হৰমাগিদ্দোন বোলা এখন ঠাইত ৰজা সকলক গোট খোৱালে।
১৬পশ্যাহং চৈরৱদ্ আগচ্ছামি যো জনঃ প্রবুদ্ধস্তিষ্ঠতি যথা চ নগ্নঃ সন্ ন পর্য্যটতি তস্য লজ্জা চ যথা দৃশ্যা ন ভৱতি তথা স্ৱৱাসাংসি রক্ষতি স ধন্যঃ|
17 ১৭ সপ্তম দূত জনে আকাশত নিজৰ বাটি বাকি দিলে; তাতে সেই মন্দিৰ আৰু সিংহাসনৰ পৰা এই মহা-বাণী ওলাল, ‘এইটো কৰা হ’ল৷’
১৭ততঃ পরং সপ্তমো দূতঃ স্ৱকংসে যদ্যদ্ অৱিদ্যত তৎ সর্ৱ্ৱম্ আকাশে ঽস্রাৱযৎ তেন স্ৱর্গীযমন্দিরমধ্যস্থসিংহাসনাৎ মহারৱো ঽযং নির্গতঃ সমাপ্তিরভৱদিতি|
18 ১৮ তেতিয়া বিজুলী, গুমগুমনি, মেঘ-গৰ্জ্জন আৰু মহা-ভুমিকম্প হ’ল, তেনে ভুমিকম্প পৃথিৱীত মনুষ্য সৃষ্টি হোৱা দিনৰে পৰা কেতিয়াও হোৱা নাছিল; এই ভুমিকম্প অতি ভয়ানক আছিল৷
১৮তদনন্তরং তডিতো রৱাঃ স্তনিতানি চাভৱন্, যস্মিন্ কালে চ পৃথিৱ্যাং মনুষ্যাঃ সৃষ্টাস্তম্ আরভ্য যাদৃঙ্মহাভূমিকম্পঃ কদাপি নাভৱৎ তাদৃগ্ ভূকম্পো ঽভৱৎ|
19 ১৯ তাতে মহা-নগৰ খন তিনি ভাগত বিভক্ত হ’ল আৰু অনা-ইহুদী সকলৰ নগৰবোৰ পৰিল; আৰু ঈশ্বৰৰ প্ৰচণ্ড ক্ৰোধৰূপ দ্ৰাক্ষাৰসেৰে পৰিপূৰ্ণ পান-পাত্ৰ সেই মহান বাবিলক দিবলৈ, ঈশ্বৰৰ দৃষ্টিতে তাক সোঁৱৰণ কৰা গ’ল।
১৯তদানীং মহানগরী ত্রিখণ্ডা জাতা ভিন্নজাতীযানাং নগরাণি চ ন্যপতন্ মহাবাবিল্ চেশ্ৱরেণ স্ৱকীযপ্রচণ্ডকোপমদিরাপাত্রদানার্থং সংস্মৃতা|
20 ২০ আৰু আটাই দ্বীপ নোহোৱা হ’ল, পৰ্বতবোৰো পুনৰ পোৱা নগ’ল।
২০দ্ৱীপাশ্চ পলাযিতা গিরযশ্চান্তহিতাঃ|
21 ২১ আৰু মানুহৰ ওপৰত, আকাশৰ পৰা এমোন এমোন গধুৰৰ মহা-শিলাবৃষ্টি হ’ল; এই শিলা-বৃষ্টিৰূপ উৎপাতৰ কাৰণে মানুহে ঈশ্বৰক নিন্দা কৰিলে; কিয়নো সেই উৎপাত অতি ভয়ানক।
২১গগনমণ্ডলাচ্চ মনুষ্যাণাম্ উপর্য্যেকৈকদ্রোণপরিমিতশিলানাং মহাৱৃষ্টিরভৱৎ তচ্ছিলাৱৃষ্টেঃ ক্লেশাৎ মনুষ্যা ঈশ্ৱরম্ অনিন্দম্ যতস্তজ্জাতঃ ক্লেশো ঽতীৱ মহান্|

< প্ৰকাশিত বাক্য 16 >