< প্ৰকাশিত বাক্য 13 >

1 তেতিয়া সেই ড্ৰেগন গৈ সমুদ্ৰৰ তীৰত থিয় হ’ল। তেতিয়া মই সাগৰৰ পৰা এটা পশুক উঠা দেখিলোঁ৷ তাৰ দহোটা শিং, সাতোটা মূৰ আছিল৷ তাৰ শিঙত দহোটা কিৰীটি আৰু মূৰত ঈশ্বৰক নিন্দা কৰা কিছুমান নাম লিখা আছিল।
Kenaka ndinaona chinjokacho chitayima mʼmbali mwa nyanja. Ndipo ndinaona chirombo chikutuluka mʼnyanja. Chinali ndi nyanga khumi ndi mitu isanu ndi iwiri. Pa nyanga iliyonse chinavala chipewa chaufumu, ndipo pa mutu uliwonse panali dzina lonyoza Mulungu.
2 সেই যি পশু মই দেখিলোঁ, সি নাহৰফুটুকী বাঘৰ নিচিনা আছিল৷ তাৰ ভৰি ভালুকৰ নিচিনা আৰু সিংহৰ মুখৰ নিচিনা তাৰ মুখ৷ সেই ড্ৰেগনে নিজৰ শক্তি সেই পশুক দিলে, আৰু তাৰ নিজৰ সিংহাসন আৰু ক্ষমতা চলাবলৈ অধিকাৰো তাক দিলে৷
Chirombo chimene ndinachionacho chinali ngati kambuku, mapazi ake ngati chimbalangondo, kukamwa kwake ngati kwa mkango. Chinjoka chija chinapatsa chirombocho mphamvu zake, mpando wake waufumu ndiponso ulamuliro waukulu.
3 পাছত পশুৰ মূৰবোৰৰ মাজৰ এটা মূৰত মৰাকৈ কটা এটা ঘা যেন দেখিলোঁ; কিন্তু সেই মৃত্যুজনক ঘা সুস্থ কৰা হ’ল, ইয়াকে দেখি গোটেই জগত খনে সেই পশুৰ কথাত আচৰিত মানিলে আৰু তাক অনুসৰণ কৰিলে।
Umodzi wa mitu wa chirombocho unkaoneka ngati uli ndi bala losati nʼkupola, koma nʼkuti balalo litapola. Dziko lonse linadabwa ndipo linatsatira chirombocho.
4 তাতে সকলোৱে সেই ড্ৰেগনকো প্ৰণিপাত কৰিলে, কিয়নো সি পশুক নিজৰ ক্ষমতা দিলে, আৰু তেওঁলোকে পশুকো প্ৰণিপাত কৰি ক’লে, “এই পশুৰ তুল্য কোন আছে, আৰু ইয়াৰে সৈতে কোনে যুদ্ধ কৰিব পাৰে?”
Anthu anapembedza chinjoka chija chifukwa chinapereka ulamuliro wake kwa chirombocho. Nachonso chirombo chija anachipembedza nʼkumafunsa kuti, “Ndani angafanane ndi chirombochi? Ndani angachite nacho nkhondo?”
5 সেই পশুক বৰ বৰ কথা কবলৈ আৰু ঈশ্বৰক নিন্দা কৰা বাক্য কোৱা মুখ দিয়া হ’ল৷ বিয়াল্লিশ মাহলৈকে কাৰ্য কৰিবলৈ তাক ক্ষমতা দিয়া হ’ল।
Chirombo chija chinaloledwa kuyankhula mawu onyada ndi achipongwe kwa Mulungu. Chinapatsidwa mphamvu zolamulira pa miyezi 42.
6 তাতে সেই পশুৱে নিজ মুখ মেলি ঈশ্বৰৰ বিৰুদ্ধে নিন্দা কৰিব ধৰিলে, তেওঁৰ নাম, তেওঁৰ বাসস্থান আৰু তেওঁৰ সৈতে নিবাস কৰা স্বৰ্গনিবাসী সকলোকে নিন্দা কৰিবলৈ ধৰিলে।
Ndipo chinayamba kuyankhula mawu achipongwe onyoza Mulungu, dzina lake, malo okhalamo ndi onse amene amakhala kumwamba.
7 সেই পশুক পবিত্ৰ লোকৰ সৈতে যুদ্ধ কৰিবলৈ আৰু তেওঁলোকক জয় কৰিবলৈ তাক শক্তি দিয়া হ’ল। ইয়াৰ উপৰি সকলো ফৈদ, লোক, ভাষা আৰু সকলো জাতিৰ ওপৰত তাক অধিকাৰ দিয়া হ’ল।
Chinaloledwa kuchita nkhondo ndi oyera mtima ndi kuwagonjetsa. Ndipo chinapatsidwanso mphamvu zolamulira anthu a fuko lililonse, mtundu uliwonse ndi chiyankhulo chilichonse.
8 তাতে জগত স্থাপনৰ পুৰ্ব্বৰে পৰা হত হোৱা সেই মেৰ-পোৱালিৰ জীৱন পুস্তকত যি সকলৰ নাম লিখা নাই, পৃথিৱী নিবাসী সেই সকলো লোকে তাক প্ৰণিপাত কৰিব।
Anthu onse okhala pa dziko lapansi adzapembedza chirombocho, aliyense amene chilengedwere cha dziko lapansi dzina lake silinalembedwe mʼbuku la amoyo la Mwana Wankhosa anaphedwa uja.
9 কাৰোবাৰ যদি কাণ আছে, তেওঁ শুনক।
Iye amene ali ndi makutu, amve.
10 ১০ কোনোৱে যদি বন্দী অৱস্থাৰ কাৰণে হয়, তেওঁ বন্দী অৱস্থালৈ যাব৷ কোনোৱে যদি তৰোৱালেৰে বধ কৰে, তেৱোঁ তৰোৱালেৰে হত হ’ব লাগিব। ইয়াত পবিত্ৰ লোক সকলৰ ধৈৰ্য আৰু বিশ্বাস আছে।
“Woyenera kupita ku ukapolo, adzapita ku ukapolo. Woyenera kufa ndi lupanga, adzafa ndi lupanga.” Pamenepa kwa anthu a Mulungu pakufunika kupirira ndi kukhulupirika.
11 ১১ তাৰ পাছত মই আন এটা ড্ৰেগনক পৃথিৱীৰ পৰা উঠা দেখিলোঁ। তাৰ মেৰ-পোৱালিৰ নিচিনা দুটা শিং আছে আৰু সি ড্ৰেগনৰ দৰে কথা কয়৷
Kenaka ndinaona chirombo china chikutuluka mʼnthaka. Chinali ndi nyanga ziwiri ngati mwana wankhosa koma kuyankhula kwake ngati chinjoka.
12 ১২ সি এই প্ৰথম পশুটোৰ সকলো অধিকাৰ, প্ৰথম পশুটোৰ উপস্থিতে পালন কৰে আৰু যি প্ৰথম পশুৰ মৃত্যুজনক ঘা সুস্থ কৰা হ’ল, সেই পশুক পৃথিৱী আৰু তাত নিবাস কৰা সকলোকে প্ৰণিপাত কৰিবলৈ বাধ্য কৰালে।
Chinalamulira ndi mphamvu zonse za chirombo choyamba chija, ndipo chinachititsa kuti dziko lapansi ndi anthu okhalamo alambire chirombo choyamba chija, chimene bala lake losati nʼkupola linali litapola.
13 ১৩ সি নানা আলৌকিক চিন দেখুৱায়; এনে কি, লোক সকলৰ সাক্ষাতে স্বৰ্গৰ পৰা পৃথিৱীলৈ অগ্নি নমায়৷
Ndipo chinachita zizindikiro zazikulu zodabwitsa, mpaka kumagwetsa moto pa dziko lapansi kuchokera kumwamba anthu akuona.
14 ১৪ এইদৰে সেই পশুৰ সাক্ষাতে যি যি চিন দেখুৱাবলৈ তাক ক্ষমতা দিয়া হ’ল, তাৰ দ্বাৰাই সি পৃথিৱীত বাস কৰা সকলক ভ্ৰান্তি জন্মায়; বিশেষকৈ, যি পশু তৰোৱালৰ আঘাতৰ ঘা পায়ো জীয়াই উঠিল, সেই পশুৰ এটা প্ৰতিমূৰ্তি নিৰ্ম্মাণ কৰিবলৈ পৃথিৱী নিবাসী সকলক ক’লে।
Chifukwa cha zizindikiro zimene chinaloledwa kuchita mʼmalo mwa chirombo choyamba chija, chimene bala lake linapola, chinanyenga anthu okhala pa dziko lapansi. Chinalamula anthu kuti apange fano mopereka ulemu kwa chirombo chimene chinavulazidwa ndi lupanga, koma nʼkukhalabe ndi moyo.
15 ১৫ তাক সেই পশুৰ প্ৰতিমূৰ্তিত প্ৰাণ-বায়ু দিবলৈ ক্ষমতা দিয়া হ’ল, যাতে সেই প্ৰতিমূৰ্তিয়ে কথা ক’ব পাৰে আৰু সেই পশুৰ প্ৰতিমূৰ্তিক প্ৰণিপাত নকৰা সকলক যেন বধ কৰাৰ আদেশ দিব পাৰে৷
Chirombo cha chiwirichi chinapatsidwa mphamvu zakupereka mpweya kwa fano la chirombo choyamba chija kuti liyankhule ndi kuphetsa aliyense wokana kupembedza fanolo.
16 ১৬ তাতে সি গুৰুত্বহীন আৰু ক্ষমতাশালী, ধনী আৰু দৰিদ্ৰ, স্বাধীন আৰু দাস, প্ৰত্যেকৰে সোঁ হাতত বা কপালত এটা বিশেষ চিহ্নৰ ছাব লবলৈ বাধ্য কৰালে;
Chinakakamiza aliyense, wamngʼono, wamkulu, wolemera, wosauka, mfulu ndi kapolo kuti alembedwe chizindikiro pa dzanja lamanja kapena pa mphumi.
17 ১৭ যি সকলৰ সেই পশুৰ ছাব, অৰ্থাৎ সেই পশুৰ নাম, বা তাৰ নামৰ সংখ্যা নাই, তাক এনে কৰিলে যে, তেওঁ কিনা-বেচা কৰাতো অসম্ভৱ হ’ল৷
Chinkachita zimenezi kuti wina aliyense asaloledwe kugula kapena kugulitsa kanthu ngati alibe chizindikiro chimenechi, chimene ndi dzina la chirombocho kapena nambala yotanthauza dzina lake.
18 ১৮ ইয়াত জ্ঞানৰ কথা আছে; যদি কাৰোবাৰ বুদ্ধি আছে, তেওঁ সেই পশুৰ সংখ্যা গণনা কৰক; কিয়নো এইটো এজন মানুহৰ সংখ্যা৷ তেওঁৰ সংখ্যা হ’ল ছয় শ ছয়ষষ্টি।
Pano pafunika nzeru. Munthu amene ali ndi nzeru atanthauze nambala ya chirombocho, pakuti nambalayo ikutanthauza munthu. Nambala yake ndi 666.

< প্ৰকাশিত বাক্য 13 >