< প্ৰকাশিত বাক্য 12 >

1 পাছত স্বৰ্গত এটা মহৎ চিন দেখা গ’ল: এজনী তিৰোতা দেখা গ’ল; তেওঁ কাপোৰৰ সৈতে সুৰ্য্যক পিন্ধিছিল আৰু তেওঁৰ ভৰিৰ তলত চন্দ্ৰ আছিল আৰু তেওঁ মুৰত বাৰটা তৰাৰ কিৰীটি পিন্ধিছিল৷
Մեծ նշան մը երեւցաւ երկինքի մէջ.- կին մը՝ արեւը հագած, լուսինը՝ իր ոտքերուն ներքեւ, եւ տասներկու աստղէ պսակ մը՝ իր գլուխին վրայ,
2 তেওঁ গৰ্ভৱতী আছিল আৰু প্ৰসৱ কৰিবৰ কাৰণে প্ৰসৱ-বেদনাৰে পীড়িত হৈ আটাহ পাৰি আছিল।
յղի ըլլալով կ՚աղաղակէր. երկունքի ցաւ կը քաշէր ու կը տանջուէր ծնանելու համար:
3 আৰু স্বৰ্গত আন এটা চিন দেখা গ’ল: চোৱা! তাত এটা ৰঙা বৃহৎ আকাৰৰ ড্ৰেগন আছিল; তাৰ সাতটা মূৰ, দহটা শিং আৰু মূৰত সাতটা কিৰীটি আছিল।
Ուրիշ նշան մըն ալ երեւցաւ երկինքի մէջ. ահա՛ մեծ շառագոյն վիշապ մը կար, որ ունէր եօթը գլուխ ու տասը եղջիւր, եւ իր գլուխներուն վրայ՝ եօթը թագ:
4 তাৰ নেজে আকাশৰ তৰাবোৰৰ তিনি ভাগৰ এভাগ টানি আনিলে আৰু পৃথিৱীত পেলাই দিলে। প্ৰসৱ কৰিবলৈ উদ্যত হোৱা সেই তিৰোতাই প্ৰসৱ কৰাৰ লগে লগে, সেই ড্ৰেগনে তেওঁৰ সন্তানক গ্ৰাস কৰিবলৈ তেওঁৰ আগত থিয় হৈ আছিল।
Անոր պոչը կը քաշէր երկինքի աստղերուն մէկ երրորդը, ու նետեց զանոնք երկրի վրայ: Վիշապը կայնեցաւ այն կնոջ առջեւ՝ որ ծնանելու մօտ էր, որպէսզի լափէ անոր զաւակը՝ երբ ծնի:
5 পাছত সেই তিৰোতাই এটি পুত্ৰ সন্তান প্ৰসৱ কৰিলে, তেওঁ লোহাৰ দণ্ডেৰে সকলো জাতিক শাসন কৰিব৷ সেই পুত্ৰক ঈশ্বৰৰ আৰু তেওঁৰ সিংহাসনৰ ওচৰলৈ তুলি নিয়া হ’ল;
Կինը ծնաւ արու զաւակ մը, որ երկաթէ գաւազանով պիտի հովուէր բոլոր ազգերը: Անոր զաւակը յափշտակուեցաւ Աստուծոյ եւ անոր գահին քով:
6 আৰু সেই তিৰোতা এক হাজাৰ দুশ ষাঠি দিনলৈকে প্ৰতিপালিত হ’বলৈ তেওঁৰ বাবে মৰুপ্ৰান্তত ঈশ্বৰৰ দ্বাৰাই যুগুত কৰি থোৱা যি ঠাই আছিল, সেই ঠাইলৈ পলাই গ’ল।
Կինն ալ փախաւ անապատը, ուր Աստուծմէ տեղ պատրաստուած էր անոր, որպէսզի հոն կերակրուի հազար երկու հարիւր վաթսուն օր:
7 এতিয়া স্বৰ্গত যুদ্ধ হ’ল৷ মীখায়েল আৰু তেওঁৰ দূত সকলে সেই ড্ৰেগনৰ সৈতে যুদ্ধ কৰিলে; সেই ড্ৰেগন আৰু তাৰ দূত সকলেও যুদ্ধ কৰিলে৷
Ապա պատերազմ եղաւ երկինքի մէջ. Միքայէլ եւ իր հրեշտակները պատերազմեցան վիշապին հետ: Վիշապն ալ պատերազմեցաւ իր հրեշտակներով,
8 কিন্তু সেই ড্ৰেগন যথেষ্ট শক্তিশালী নোহোৱাত বলে নোৱাৰিলে; সেয়েহে স্বৰ্গত সি আৰু তাৰ দূত সকলে অধিক সময় থাকিবৰ বাবে ঠাই নাপালে।
բայց չկրցաւ յաղթել, ու երկինքի մէջ ա՛լ տեղ չգտնուեցաւ անոնց:
9 সেই ড্ৰেগন, যি দিয়াবল আৰু চয়তান নামেৰে বিখ্যাত; সেই পুৰণি সাপে গোটেই জগতৰ ভ্ৰান্তি জন্মায়, তাক পৃথিৱীলৈ পেলোৱা হ’ল; আৰু তাৰ দূত সকলকো তাৰ লগতে পেলোৱা হ’ল।
Ուստի վտարուեցաւ մեծ վիշապը, այն նախկին օձը՝ Չարախօս ու Սատանայ կոչուած, որ մոլորեցուց ամբողջ երկրագունդը. վտարուեցաւ դէպի երկիր, եւ իր հրեշտակները վտարուեցան իրեն հետ:
10 ১০ তেতিয়া মই স্বৰ্গত বৰ মাতেৰে কোৱা এই বাণী শুনিলোঁ: “এতিয়া পৰিত্রাণ, শক্তি - আৰু ৰাজ্য, আমাৰ ঈশ্বৰৰ আৰু অধিকাৰ তেওঁৰ অভিষিক্ত জনৰ অৰ্থাৎ খ্ৰীষ্টৰ হ’ল৷ কিয়নো আমাৰ ভাই সকলৰ যি অপবাদকে দিনে-ৰাতিয়ে আমাৰ ঈশ্বৰৰ আগত তেওঁলোকৰ অপবাদ দিয়ে, তাক পেলোৱা হ’ল।
Ու լսեցի երկինքի մէջ հզօր ձայն մը՝ որ կ՚ըսէր. «Հի՛մա եղաւ մեր Աստուծոյն փրկութիւնը, զօրութիւնն ու թագաւորութիւնը, եւ անոր Օծեալին իշխանութիւնը. որովհետեւ խորտակուեցաւ մեր եղբայրներուն Ամբաստանողը, որ ցերեկ ու գիշեր կ՚ամբաստանէր զանոնք մեր Աստուծոյն առջեւ:
11 ১১ তেওঁলোকে মেৰ-পোৱালিৰ তেজ আৰু নিজ নিজ সাক্ষ্যৰূপ বাক্যৰ দ্বাৰাই তাক জয় কৰিলে, তেওঁলোকে মৃত্যু পৰ্য্যন্ত নিজৰ জীৱনক প্ৰিয় জ্ঞান কৰি ভালপায় নাথাকিল।
Անոնք յաղթեցին անոր՝ Գառնուկին արիւնով եւ իրենց վկայութեան խօսքով, ու չսիրեցին իրենց անձը՝ մինչեւ մահ:
12 ১২ এই কাৰণে, হে স্বৰ্গ আৰু তাত নিবাস কৰা সকল, তোমালোকে আনন্দ কৰা! কিন্তু হে পৃথিৱী আৰু সমুদ্ৰ, তোমালোকৰ সন্তাপ হ’ব; কিয়নো চয়তান তোমালোকৰ তালৈ নামি গ’ল; আৰু তাৰ কাল অলপ হোৱা দেখি সি অতি ক্ৰুদ্ধ হৈছে।”
Ուստի ուրախացէ՛ք, երկի՛նք, եւ դո՛ւք՝ որ կը բնակիք անոր մէջ. վա՜յ երկրին ու ծովուն, որովհետեւ Չարախօսը իջաւ ձեզի՝ սաստիկ զայրոյթով, քանի որ գիտէ թէ ունի կարճ ժամանակ»:
13 ১৩ পাছত সেই ড্ৰেগনে দেখিলে যে তাক পৃথিৱীত পেলোৱা হ’ল, ইয়াকে দেখি পুত্ৰ প্ৰসৱ কৰা সেই তিৰোতাক সি তাড়না কৰিলে।
Երբ վիշապը տեսաւ թէ ինք նետուեցաւ երկրի վրայ, հալածեց արու զաւակ ծնանող կինը:
14 ১৪ কিন্তু সেই তিৰোতাক মৰুপ্ৰান্তলৈ উৰি যাবৰ কাৰণে ডাঙৰ ঈগল পক্ষীৰ নিচিনা দুখন ডেউকা দিয়া হ’ল; সেই ঠাইত, সেই সাপৰ সন্মুখৰ পৰা দুৰৈত এক কাল, দুই কাল আৰু আধা কাললৈকে তেওঁ প্ৰতিপালিত হয়।
Մեծ արծիւի երկու թեւեր տրուեցան այդ կնոջ, որպէսզի թռչի դէպի անապատ, իր տեղը՝ ուր պիտի կերակրուէր ժամանակ մը, ժամանակներ ու կէս ժամանակ՝ հեռու օձին երեսէն:
15 ১৫ পাছত সেই ড্ৰেগনে সেই তিৰোতাক লক্ষ্য কৰি তাৰ মুখৰ পৰা নদীৰ পানীৰ নিচিনা জলপ্ৰবাহ বোবাই দিলে; সেই পানীৰ সোঁত এনেদৰে বৈ আহিল যাতে তাইক উটুৱাই নিব পাৰে৷
Իսկ օձը իր բերանէն հեղեղի պէս ջուր թափեց կնոջ ետեւէն, որպէսզի հեղեղով ընկղմէ զայն:
16 ১৬ কিন্তু পৃথিৱীয়ে সেই তিৰোতাক উপকাৰ কৰিলে৷ নিজৰ মুখ মেলিলে, আৰু ড্ৰেগনে মুখৰ পৰা উলিয়াই পঠোৱা সেই নদী গ্ৰাস কৰিলে।
Բայց երկիրը օգնեց կնոջ. երկիրը բացաւ իր բերանը եւ կլլեց այն հեղեղը՝ որ վիշապը թափեց իր բերանէն:
17 ১৭ তাতে সেই তিৰোতালৈ সেই ড্ৰেগনৰ খং উঠিল, আৰু তেওঁৰ বংশৰ অৱশিষ্ট লোক, যি সকলে ঈশ্বৰৰ আজ্ঞা পালন কৰে আৰু যীচুৰ সাক্ষ্য ধাৰণ কৰে; সেই লোক সকলৰ সৈতে যুদ্ধ কৰিবলৈ গ’ল৷
Վիշապն ալ բարկացաւ կնոջ դէմ, ու գնաց պատերազմելու անոր զարմէն մնացողներուն հետ, որոնք կը պահէին Աստուծոյ պատուիրանները եւ ունէին Յիսուսի վկայութիւնը: Ապա կայնեցայ ծովու աւազին վրայ:

< প্ৰকাশিত বাক্য 12 >