< প্ৰকাশিত বাক্য 10 >

1 তেতিয়া আন এজন বলৱান দূতক মই স্বৰ্গৰ পৰা নমা দেখিলোঁ। তেওঁ মেঘেৰে আবৃত আৰু তেওঁৰ মুৰত ৰামধনু আছিল৷ তেওঁৰ মুখ সূৰ্য্যৰ নিচিনা, তেওঁৰ ভৰি অগ্নিস্তম্ভৰ নিচিনা।
त्यसपछि मैले स्वर्गबाट अर्को शक्‍तिशाली स्वर्गदूत आइरहेको देखेँ । तिनलाई बादलले घेरेको थियो, र तिनको शिरमाथि इन्द्रेणी थियो । तिनको अनुहार सूर्यजस्तै अनि तिनका खुट्टा आगोका खाँबाहरूजस्तै थिए ।
2 তেওঁৰ হাতত এটা পুথিৰ সৰু নুৰা আছিল আৰু তেওঁ সোঁ ভৰি সমুদ্ৰত, বাওঁ ভৰি মাটিত আছিল৷
तिनको हातमा खोलिएको एउटा सानो चर्मपत्रको मुट्ठो थियो, र तिनले आफ्नो दाहिने खुट्टा समुद्रमा र आफ्नो देब्रे खुट्टा पृथ्वीमा राखेका थिए ।
3 আৰু সিংহৰ গোজঁৰনিৰ দৰে বৰ মাতেৰে ৰিঙিয়ালে; তেওঁ ৰিঙিয়াওঁতে, মেঘ-গৰ্জ্জন সাতোটাই মাত লগালে৷
त्यसपछि तिनी सिंह गर्जेजस्तै ठुलो सोरमा कराए । जब तिनी कराए, तब सातवटा गर्जनले आफ्नो आवाज निकाले ।
4 সেই সাতোটা মেঘ-গৰ্জ্জনে ৰিঙিয়াওঁতে, মই লিখিবলৈ উদ্যত হ’লোঁ; এনেতে এই আকাশী বাণী শুনিলোঁ, “মেঘ-গৰ্জ্জন সাতোটাই যি যি ক’লে, সেইবোৰ ছাব মাৰি ৰাখিবা৷ নিলিখিবা”।
जब ती सातवटा गर्जनले आवाज निकाले, तब मैले लेख्‍नै लागेको थिएँ । तर मैले स्वर्गबाट यसो भनेको आवाज सुनेँ, “ती सातवटा गर्जनले भनेका कुरा गुप्‍त राख । यसलाई नलेख ।”
5 পাছত সমুদ্ৰ আৰু মাটিৰ ওপৰত থিয় হৈ আকাশলৈ নিজৰ সোঁ হাত দঙা এজন দূতক দেখিলোঁ,
तब मैले स्वर्गतिर आफ्नो दाहिने हात उचालेर समुद्र र पृथ्‍वीमा उभिरहेको स्वर्गदूतलाई देखेँ ।
6 আকাশমণ্ডল আৰু তাত যি যি আছে, পৃথিৱী আৰু তাত যি যি আছে, সাগৰ আৰু তাতো যি যি আছে, সেই সকলোৰে সৃষ্টিকৰ্ত্তা চিৰকাল জীয়াই থকা যি জনা, সেই জীৱন্ত জনাৰ নাম লৈ তেওঁ শপত খালে যে, “আৰু পলম নহ’ব৷ (aiōn g165)
त्यसपछि सदासर्वदा जीवित रहनुहुने, जसले स्वर्ग र त्यसमा भएका सबै थोक, पृथ्‍वी र त्यसमा भएका सबै थोक, समुद्र र त्यसमा भएका थोक सृष्‍टि गर्नुहुनेको नाउँमा शपथ खाएर स्वर्गदूतले भने, “अब त्यहाँ ढिलो हुनेछैन । (aiōn g165)
7 কিন্তু সপ্তম দূতে যিটো সময়ত তূৰী বজাবলৈ উদ্যত হ’ব, সেই ধ্বনিৰ সময়ত, ঈশ্বৰৰ নিগূঢ়-তত্ত্ব, তেওঁৰ দাস যি ভাববাদী সকল, তেওঁলোকক ঘোষণা কৰিবলৈ দিয়া শুভ সংবাদ অনুসাৰে সিদ্ধ হ’ব”।
तर त्यस दिन सातौँ स्वर्गदूतले आफ्नो तुरही फुक्‍नै लाग्दा त्यस दिनमा उहाँका सेवक अगमवक्‍ताहरूलाई घोषणा गर्नुभएजस्तै त्यो रहस्य परमेश्‍वरले पुरा गर्नुहुनेछ ।”
8 তেতিয়া মই শুনা সেই আকাশ-বাণীয়ে মোৰে সৈতে আকৌ কথা হৈ ক’লে, “সমুদ্ৰ আৰু মাটিৰ ওপৰত থিয় হৈ থকা সেই দূতৰ হাতত যি মেলা পুথিৰ নুৰা আছে, তুমি গৈ তাক লোৱা”।
तब स्वर्गबाट मैले सुनेको आवाजले फेरि मलाई भन्यो, “जाऊ, समुद्र र जमिनमा उभिरहेका स्वर्गदूतको हातमा भएको खुल्ला चर्मपत्रको मुट्ठो लेऊ ।”
9 তাতে মই সেই দূতৰ ওচৰলৈ গৈ পুথিৰ সৰু নুৰাটো মোক দিবৰ বাবে তেওঁক ক’লো। তেতিয়া তেওঁ মোক ক’লে, “পুথিৰ নুৰাটো লোৱা আৰু ইয়াক খাই পেলোৱা; ই তোমাৰ পেট তিতা হবলৈ দিব, কিন্তু তোমাৰ মুখত ই মৌৰ দৰে সোৱাদ লাগিব”।
जब म स्वर्गदूतकहाँ गएँ र त्यो सानो चर्मपत्रको मुट्ठो मागे, तब तिनले मलाई भने, “चर्मपत्रको मुट्ठो लाऊ र खाऊ । यसले तिम्रो पेटलाई तितो बनाउनेछ, तर तिम्रो मुखमा यो महजस्तै गुलियो हुनेछ ।”
10 ১০ তেতিয়া মই দূতৰ হাতৰ পৰা সেই পুথিৰ সৰু নুৰাটো লৈ তাক খালোঁ৷ সেয়ে মোৰ মুখত মৌৰ নিচিনা সোৱাদ লাগিছিল; কিন্তু তাক খোৱাৰ পাছত, মোৰ পেট তিতা হ’ল।
मैले स्वर्गदूतको हातबाट त्यो सानो चर्मपत्रको मुट्ठो लिएँ र त्यसलाई खाएँ । मेरो मुखमा त्यो महजस्तै गुलियो भयो, तर मैले यसलाई खाइसकेपछि मेरो पेट तितो भयो ।
11 ১১ পাছত মোক কোৱা হ’ল, “তুমি অনেক লোকৰ, সকলো জাতিৰ, ভাষাৰ আৰু অনেক ৰজাৰ বিষয়ে আকৌ ভাবোক্তি প্ৰচাৰ কৰিব লাগিব”।
अनि मलाई कसैले भन्यो, “धेरै मनिसहरू, जातिहरू, भाषाहरू र राजाहरूको बारेमा तिमीले फेरि अगमवाणी गर्नुपर्छ ।”

< প্ৰকাশিত বাক্য 10 >