< সামসঙ্গীত 98 >

1 তোমালোকে যিহোৱাৰ উদ্দেশ্যে নতুন গীত গোৱা; কাৰণ তেওঁ অনেক আচৰিত কার্য কৰিলে; তেওঁৰ সোঁ হাত আৰু তেওঁৰ পবিত্ৰ বাহুৱে আমাক জয়ী কৰিলে। 2 যিহোৱাই তেওঁৰ পৰিত্ৰাণৰ কথা জনালে; তেওঁ জাতি সমূহৰ দৃষ্টি গোচৰত নিজৰ ধাৰ্মিকতা মুকলিকৈ প্ৰকাশ কৰিলে। 3 ইস্ৰায়েল বংশৰ কাৰণে তেওঁৰ অটল প্রেম আৰু বিশ্বস্ততাৰ কথা তেওঁ সোঁৱৰণ কৰিলে; পৃথিৱীৰ সকলো প্রান্তই আমাৰ ঈশ্বৰৰ জয় দেখা পাব। 4 হে সমুদায় পৃথিৱী, যিহোৱাৰ উদ্দেশ্যে আনন্দ-ধ্বনি কৰা; উচ্চ ধ্বনিৰে আনন্দ গান কৰা, প্ৰশংসাৰ গীত গোৱা। 5 বীণা বজাই যিহোৱাৰ প্ৰশংসাৰ গীত গোৱা, বীণা বজাই সুন্দৰ সুৰেৰে যিহোৱাৰ প্ৰশংসাৰ গীত গোৱা। 6 তূৰী বজাই শিঙা বাদ্যৰে সৈতে ৰজা যিহোৱাৰ আগত আনন্দ ধ্বনি কৰা। 7 সমুদ্ৰ আৰু তাৰ সকলোৱেই গৰ্জ্জন কৰক; জগত আৰু তাত বাস কৰা সকলোৱে গৰ্জ্জন কৰক। 8 নদীবোৰে হাত-তালি দিয়ক; পর্বতবোৰে একেলগে আনন্দ গান কৰক, 9 যিহোৱাৰ সন্মুখতে তেনে কৰক; কিয়নো তেওঁ আহি আছে; পৃথিৱীৰ বিচাৰ কৰিবলৈ তেওঁ আহি আছে। তেওঁ ধাৰ্মিকতাৰে জগতৰ বিচাৰ কৰিব; নিজ ন্যায়েৰে জাতি সমূহৰ বিচাৰ কৰিব।

< সামসঙ্গীত 98 >