< সামসঙ্গীত 95 >

1 আহাঁ, আমি যিহোৱাৰ উদ্দেশ্যে গান কৰোঁহক; আমাৰ পৰিত্ৰাণৰ শিলাৰ অৰ্থে আনন্দ-ধ্বনি কৰোঁহক।
לכו נרננה ליהוה נריעה לצור ישענו׃
2 আহাঁ, আমি ধন্যবাদ জনাই জনাই তেওঁৰ আগত উপস্থিত হওঁ; স্তুতি-গানেৰে তেওঁৰ উদ্দেশ্যে আনন্দ ধ্বনি কৰোঁহক।
נקדמה פניו בתודה בזמרות נריע לו׃
3 কিয়নো যিহোৱা মহান ঈশ্বৰ, সকলো দেৱতাবোৰৰ ওপৰত তেৱেঁই মহান ৰজা।
כי אל גדול יהוה ומלך גדול על כל אלהים׃
4 পৃথিৱীৰ সকলো গভীৰ স্থান তেওঁৰ হাতত আছে, পৰ্ব্বতবোৰৰ টিংবোৰো তেওঁৰেই।
אשר בידו מחקרי ארץ ותועפות הרים לו׃
5 সমুদ্ৰ তেওঁৰেই, কাৰণ তেৱেঁই তাক স্ৰজিলে; তেওঁৰ হাতে শুকান ভূমি নিৰ্ম্মাণ কৰিলে।
אשר לו הים והוא עשהו ויבשת ידיו יצרו׃
6 আহাঁ, আমি আঁঠুকাঢ়ি প্ৰণিপাত কৰোঁ, আমাৰ সৃষ্টিকৰ্ত্তা যিহোৱাৰ আগত আঁঠু লওঁ;
באו נשתחוה ונכרעה נברכה לפני יהוה עשנו׃
7 কিয়নো তেৱেঁই আমাৰ ঈশ্বৰ, আমি তেওঁৰ প্রজা; তেওঁৰ হাতৰ চৰণীয়া পথাৰৰ মেৰ-ছাগৰ নিচিনা। “আজি যদি তোমালোকে তেওঁৰ মাত শুনিলেহেঁতেন!”
כי הוא אלהינו ואנחנו עם מרעיתו וצאן ידו היום אם בקלו תשמעו׃
8 তোমালোকৰ পূর্বপুৰুষসকলৰ দৰে তোমালোকে নিজৰ নিজৰ হৃদয় কঠিন নকৰিবা; তেওঁলোকে মৰুপ্রান্তৰৰ মাজত মিৰীবা আৰু মচ্ছাত মোৰ পৰীক্ষা কৰিছিল।
אל תקשו לבבכם כמריבה כיום מסה במדבר׃
9 যদিও তোমালোকৰ পূর্বপুৰুষসকলে মোৰ কার্য দেখিছিল, তথাপিও তেওঁলোকে তাত মোক পৰীক্ষা কৰি প্রমাণ চাইছিল।
אשר נסוני אבותיכם בחנוני גם ראו פעלי׃
10 ১০ চল্লিশ বছৰ ধৰি সেই কালৰ লোকসকলৰ প্রতি মই বিৰক্ত হৈছিলো। মই কৈছিলোঁ, “এই লোকসকলৰ হৃদয় বিপথে পৰিচালিত হৈছে; তেওঁলোকে মোৰ পথ নাজানে।”
ארבעים שנה אקוט בדור ואמר עם תעי לבב הם והם לא ידעו דרכי׃
11 ১১ এই হেতুকে মই মোৰ ক্ৰোধত শপত খাই কৈছিলোঁ, “তেওঁলোক মোৰ বিশ্ৰামত সোমাব নাপাব।”
אשר נשבעתי באפי אם יבאון אל מנוחתי׃

< সামসঙ্গীত 95 >