< সামসঙ্গীত 9 >

1 হে যিহোৱা, মই মোৰ সমস্ত হৃদয়েৰে তোমাৰ ধন্যবাদ কৰিম, আৰু তোমাৰ সকলো আচৰিত কার্যবোৰ বর্ণনা কৰিম।
聖歌隊の指揮者によってムツラベンのしらべにあわせてうたわせたダビデの歌 わたしは心をつくして主に感謝し、あなたのくすしきみわざをことごとく宣べ伝えます。
2 মই তোমাক লৈ আনন্দিত হৈ উল্লাস কৰিম; হে সৰ্ব্বোপৰি জনা, মই তোমাৰ নামত প্ৰশংসাৰ গান কৰিম!
いと高き者よ、あなたによってわたしは喜びかつ楽しみ、あなたの名をほめ歌います。
3 মোৰ শত্রুবোৰ যেতিয়া উলটি গ’ল, তেতিয়া তেওঁলোক তোমাৰ সন্মুখত উজুটি খাই বিনষ্ট হ’ল।
わたしの敵は退くとき、つまずき倒れてあなたの前に滅びました。
4 তোমাৰ সিংহাসনত বহি, তুমি ন্যায় বিচাৰ কৰিছা। কিয়নো তুমিয়েই মোৰ বিচাৰ কৰি মোৰ পক্ষে ৰায় দিছা।
あなたがわたしの正しい訴えを助け守られたからです。あなたはみくらに座して、正しいさばきをされました。
5 তুমি আন জাতিবোৰক ধমকি দিছা, দুষ্টবোৰক বিনষ্ট কৰিছা; তেওঁলোকৰ নাম তুমি চিৰকাললৈকে মচি পেলালা।
あなたはもろもろの国民を責め、悪しき者を滅ぼし、永久に彼らの名を消し去られました。
6 শত্রুবোৰ চিৰদিনৰ কাৰণে ধ্বংসৰ ভগ্নাৱশেষৰ দৰে হ’ল; তাৰ নগৰবোৰ তুমি উভালি পেলালা, সেইবোৰৰ নাম তুমি মচি পেলালা।
敵は絶えはてて、とこしえに滅び、あなたが滅ぼされたもろもろの町はその記憶さえ消えうせました。
7 কিন্তু যিহোৱাই চিৰকাল ৰাজত্ব কৰে; তেওঁ সোধ-বিচাৰৰ কাৰণে নিজৰ সিংহাসন স্থাপন কৰিছে।
しかし主はとこしえに、み位に座し、さばきのために、みくらを設けられました。
8 তেওঁ ধার্মিকতাৰে জগতৰ বিচাৰ কৰে, তেওঁ সৎভাৱে জাতিবোৰৰ শাসন কৰে।
主は正義をもって世界をさばき、公平をもってもろもろの民をさばかれます。
9 উপদ্ৰৱ পোৱাসকলৰ কাৰণে যিহোৱা উচ্চ দুৰ্গস্বৰূপ হ’ব; তেওঁলোকৰ সংকটৰ সময়ত তেওঁ দুর্গ হয়।
主はしえたげられる者のとりで、なやみの時のとりでです。
10 ১০ যিসকলে তোমাক জানে, তেওঁলোকে যেন তোমাত ভাৰসা ৰাখে, কিয়নো হে যিহোৱা, যিসকলে তোমাক বিচাৰে, তেওঁলোকক তুমি পৰিত্যাগ নকৰা।
み名を知る者はあなたに寄り頼みます。主よ、あなたを尋ね求める者をあなたは捨てられたことがないからです。
11 ১১ যিহোৱা চিয়োনত আছে। তোমালোকে যিহোৱাৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গোৱা; জাতিবোৰৰ মাজত তেওঁ কৰা কাৰ্যবোৰ ঘোষণা কৰা।
シオンに住まわれる主にむかってほめうたい、そのみわざをもろもろの民のなかに宣べ伝えよ。
12 ১২ কিয়নো যিজনে ৰক্তপাতৰ প্রতিশোধ লয়, ঈশ্বৰে তেওঁক পাহৰি নাযায়; পীড়িতসকলৰ ক্রন্দন তেওঁ কেতিয়াও নাপাহৰে।
血を流す者にあだを報いられる主は彼らを心にとめ、苦しむ者の叫びをお忘れにならないからです。
13 ১৩ হে যিহোৱা, মোক কৃপা কৰা; চোৱা, ঘিণাওঁতা সকলৰ দ্বাৰা মই কেনে উপদ্রৱ পাইছো। মৃত্যুৰ দুৱাৰৰ পৰা মোক ৰক্ষা কৰা।
主よ、わたしをあわれんでください。死の門からわたしを引きあげられる主よ、あだする者のわたしを悩ますのをみそなわしてください。
14 ১৪ মই তোমাৰ প্রশংসা প্রচাৰ কৰিম; চিয়োন জীয়াৰীৰ দুৱাৰত তোমাৰ দ্বাৰা পোৱা উদ্ধাৰত মই আনন্দ কৰিম!
そうすれば、わたしはあなたのすべての誉を述べ、シオンの娘の門で、あなたの救を喜ぶことができましょう。
15 ১৫ আন জাতিবোৰ নিজে খন্দা গাতত ডুবিল; তেওঁলোকে লুকুৱাই পাতি থোৱা জালত তেওঁলোকৰেই ভৰি লাগিল।
もろもろの国民は自分の作った穴に陥り、隠し設けた網に自分の足を捕えられる。
16 ১৬ ন্যায় বিচাৰ কৰি যিহোৱাই নিজৰ পৰিচয় দিলে; তেওঁ দুষ্টবোৰক তেওঁলোকৰ হাতে কৰা কামৰ ফান্দত পেলায়। (হিগায়োন, (চেলা)
主はみずからを知らせ、さばきを行われた。悪しき者は自分の手で作ったわなに捕えられる。[ヒガヨン、セラ
17 ১৭ যি জাতিয়ে ঈশ্বৰক পাহৰি যায়, তেনে দুষ্টবোৰৰ মৃত্যু হ’ব আৰু চিয়োললৈ (মৈদামলৈ) ঘূৰি যাব; (Sheol h7585)
悪しき者、また神を忘れるもろもろの国民は陰府へ去って行く。 (Sheol h7585)
18 ১৮ অভাৱীসকলক চিৰদিন পাহৰি যোৱা নহ’ব, অসহায়সকলৰ আশা কেতিয়াও অসম্পূর্ণ হৈ নাথাকিব।
貧しい者は常に忘れられるのではない。苦しむ者の望みはとこしえに滅びるのではない。
19 ১৯ হে যিহোৱা, তুমি উঠা; মানুহক তোমাৰ ওপৰত জয়ী হ’বলৈ নিদিবা; তোমাৰ সন্মুখত আন জাতিবোৰৰ বিচাৰ হওঁক।
主よ、立ちあがってください。人に勝利を得させず、もろもろの国民に、み前でさばきを受けさせてください。
20 ২০ হে যিহোৱা, তেওঁলোকৰ মন আতঙ্কিত হওঁক; আন জাতিবোৰে জানক যে, তেওঁলোক কেৱলমাত্র মানুহ। (চেলা)
主よ、彼らに恐れを起させ、もろもろの国民に自分がただ、人であることを知らせてください。 (セラ)

< সামসঙ্গীত 9 >