< সামসঙ্গীত 89 >

1 মই চিৰকাল যিহোৱাৰ গভীৰ প্রেমৰ কীর্তন কৰিম; মই নিজ মুখেৰে পুৰুষানুক্ৰমে সকলোৰে সন্মুখত তোমাৰ বিশ্বস্ততা প্রচাৰ কৰিম।
Poučna pjesma. Ezrahijca Etana. O ljubavi Jahvinoj pjevat ću dovijeka, kroza sva koljena vjernost ću tvoju naviještati.
2 মই ঘোষণা কৰিম যে, তোমাৰ গভীৰ প্রেমৰ কার্য চিৰকালৰ বাবে স্থাপন হৈছে; তোমাৰ বিশ্বস্ততা আকাশমণ্ডলৰ দৰেই স্থায়ী।
Ti reče: “Zavijeke je sazdana ljubav moja!” U nebu utemelji vjernost svoju:
3 তুমি কৈছা, “মই মোৰ মনোনীত জনৰ কাৰণে এটি নিয়ম স্থাপন কৰিলোঁ, মোৰ দাস দায়ুদৰ আগত মই এই শপত কৰিলোঁ:
“Savez sklopih s izabranikom svojim, zakleh se Davidu, sluzi svome:
4 ‘মই তোমাৰ বংশক চিৰকালৰ কাৰণে স্থাপন কৰিম; বংশানুক্রমে তোমাৰ সিংহাসন স্থাপন কৰিম’।” (চেলা)
tvoje potomstvo održat ću dovijeka, za sva koljena sazdat ću prijestolje tvoje.”
5 হে যিহোৱা, আকাশ-মণ্ডলে তোমাৰ আচৰিত কৰ্মৰ প্ৰশংসা কৰে; পবিত্ৰ লোকসকলৰ সমাজত তোমাৰ বিশ্বস্ততাৰ প্ৰশংসা কৰে।
Nebesa veličaju čudesa tvoja, Jahve, i tvoju vjernost u zboru svetih.
6 আকাশমণ্ডলৰ মাজত এনে কি আছে যাক যিহোৱাৰ লগত তুলনা কৰিব পাৰি? স্বর্গৰ দূতবোৰৰ মাজত যিহোৱাৰ তুল্য কোন আছে?
TÓa tko je u oblacima ravan Jahvi, tko li je Jahvi sličan među sinovima Božjim?
7 পবিত্ৰ দূতবোৰৰ সভাত সকলোৱে ঈশ্বৰক ভয় কৰে; তেওঁৰ চৰিওফালে থকা সকলতকৈ তেৱেঁই অতিশয় ভয়ানক।
Bog je strahovit u zboru svetih, velik i strašan svima oko sebe.
8 হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, তোমাৰ তুল্য পৰাক্ৰমী কোন আছে, হে প্রভু? তোমাৰ বিশ্বস্ততাই তোমাক বেৰি ৰাখিছে।
Jahve, Bože nad Vojskama, tko je kao ti? Silan si, Jahve, i vjernost te okružuje.
9 তর্জন-গর্জনেৰে ওফন্দি উঠা সমুদ্ৰক তুমি শাসন কৰা; তাৰ ঢৌ উঠিলে তুমিয়েই সেইবোৰক শান্ত কৰা।
Ti zapovijedaš bučnome moru, obuzdavaš silu valova njegovih;
10 ১০ তুমি ৰাহবক খণ্ড খণ্ড কৰি, হত হোৱা লোকৰ দৰে কৰিলা; তোমাৰ বাহুবলেৰে তুমি তোমাৰ শত্রুবোৰক ছিন্ন-ভিন্ন কৰিলা।
ti sasječe Rahaba i zgazi, snažnom mišicom rasu dušmane svoje.
11 ১১ আকাশ-মণ্ডল তোমাৰ আৰু পৃথিবীও তোমাৰেই; জগত আৰু তাত থকা সকলোকে তুমিয়েই স্থাপন কৰিলা।
Tvoja su nebesa i tvoja je zemlja, zemljin krug ti si sazdao i sve što je na njemu;
12 ১২ উত্তৰ আৰু দক্ষিণ তোমাৰেই সৃষ্টি; তাবোৰ আৰু হৰ্মোণে তোমাৰ নামত আনন্দ-ধ্বনি কৰে।
sjever i jug ti si stvorio, Tabor i Hermon kliču imenu tvojemu.
13 ১৩ তোমাৰ বাহু পৰাক্ৰমেৰে ভৰা; তোমাৰ হাত শক্তিশালী, তোমাৰ সোঁ হাত প্রবল।
Tvoja je mišica snažna, ruka čvrsta, desnica dignuta.
14 ১৪ ধাৰ্মিকতা আৰু ন্যায়বিচাৰ তোমাৰ সিংহাসনৰ ভিত্তিমূল; প্রেম আৰু বিশ্ৱস্ততা তোমাৰ আগে আগে চলে।
Pravda i Pravednost temelj su prijestolja tvoga, Ljubav i Istina koračaju pred tobom.
15 ১৫ ধন্য সেই লোক, যি লোকে আনন্দ-ধ্বনিৰে তোমাৰ আৰাধনা কৰে; হে যিহোৱা, তেওঁলোকে তোমাৰ মুখৰ দীপ্তিত চলাফুৰা কৰে।
Blago narodu vičnu svetom klicanju, on hodi u sjaju lica tvojega, Jahve,
16 ১৬ ওৰে দিনটো তেওঁলোকে তোমাৰ নামত উল্লাস কৰে; তোমাৰ ধাৰ্মিকতাত তেওঁলোকে তোমাক তুলি ধৰে।
u tvom se imenu raduje svagda i tvojom se pravdom ponosi.
17 ১৭ তুমিয়েই তেওঁলোকৰ শক্তিৰ শোভা; তোমাৰ অনুগ্ৰহতে আমাৰ শক্তি উন্নত হ’ব।
Jer ti si ures moći njegove, po tvojoj milosti raste snaga naša.
18 ১৮ আমাৰ ৰজা ইস্ৰায়েলৰ পবিত্ৰ ঈশ্বৰ জনা দ্বাৰায়েই নিযুক্ত, আমাৰ সেই ঢাল যিহোৱাৰেই।
Jer Jahve je štit naš, Svetac Izraelov kralj je naš.
19 ১৯ এসময়ত তুমি দর্শনত তোমাৰ ভক্তসকলক কৈছিলা, “এজন বীৰৰ ওপৰত মই সহায় কৰাৰ ভাৰ অৰ্পণ কৰিলোঁ; লোকসকলৰ মাজৰ পৰা এজনক মনোনীত কৰি উন্নত কৰিলোঁ।
Nekoć si u viđenju govorio pobožnima svojim: “Junaku stavih krunu na glavu, izabranika iz naroda izdigoh;
20 ২০ মই মোৰ দাস দায়ুদক বিচাৰি পালোঁ; মোৰ পবিত্ৰ তেলেৰে মই তেওঁক অভিষেক কৰিলোঁ।
nađoh Davida, slugu svoga, svetim ga svojim uljem pomazah,
21 ২১ মোৰ হাত সদায় তেওঁৰ লগত থাকিব; মোৰ বাহুৱেও তেওঁক বলৱান কৰিব।
da ruka moja svagda ostane s njime i moja mišica da ga krijepi.
22 ২২ কোনো শত্রুৱে তেওঁক উপদ্ৰৱ নকৰিব, কোনো দুষ্ট লোকে তেওঁক অত্যাচাৰ নকৰিব।
Neće ga nadmudriti dušmanin, niti oboriti sin bezakonja.
23 ২৩ মই তেওঁৰ শত্রুবোৰক তেওঁৰ সন্মুখতে গুড়ি কৰিম; যিসকলে তেওঁক ঘৃণা কৰে, তেওঁলোকক প্ৰহাৰ কৰিম।
Razbit ću pred njim protivnike njegove, pogubit ću mrzitelje njegove.
24 ২৪ মোৰ বিশ্বস্ততা আৰু প্রেম তেওঁৰ লগত থাকিব; মোৰ নামত তেওঁৰ শক্তিৰ শিং উর্দ্ধত উঠিব।
Vjernost moja i dobrota bit će s njime i u mome imenu rast će mu snaga.
25 ২৫ মই সাগৰৰ ওপৰত তেওঁৰ হাত ৰাখি ক্ষমতা দিম, আৰু তেওঁৰ সোঁহাত নদীবোৰৰ ওপৰত ৰাখিম।
Pružit ću njegovu ruku nad more, do Rijeke desnicu njegovu.
26 ২৬ তেওঁ মোক মাতি ক’ব, ‘তুমিয়েই মোৰ পিতৃ, মোৰ ঈশ্বৰ আৰু মোৰ পৰিত্ৰাণৰ শিলা!’
On će me zvati: 'Oče moj! Bože moj i hridi spasa mojega.'
27 ২৭ মই তেওঁক মোৰ জ্যেষ্ঠ পুত্ৰ কৰিম, পৃথিবীৰ ৰজাসকলৰ মাজত তেওঁক সকলোতকৈ শ্ৰেষ্ঠ কৰিম।
A ja ću ga prvorođencem učiniti, najvišim među kraljevima svijeta.
28 ২৮ তেওঁৰ প্রতি মোৰ অটল প্রেম চিৰকাললৈকে ৰাখিম; মোৰ নিয়মটি তেওঁৰ লগত থিৰে থাকিব।
Njemu ću sačuvati dovijeka naklonost svoju i Savez svoj vjeran.
29 ২৯ মই তেওঁৰ বংশকো চিৰকাললৈকে স্থায়ী কৰিম, আকাশ-মণ্ডলৰ দৰেই মই তেওঁৰ সিংহাসন চিৰস্থায়ী কৰিম।
Njegovo ću potomstvo učiniti vječnim i prijestolje mu kao dan nebeski.
30 ৩০ তেওঁৰ সন্তান সকলে যদি মোৰ ব্যৱস্থা ত্যাগ কৰে, আৰু মোৰ নিয়মৰ পথত নচলে,
Ako li mu sinovi Zakon moj ostave i ne budu hodili po naredbama mojim,
31 ৩১ যদি তেওঁলোকে মোৰ বিধিবোৰ উলঙ্ঘন কৰে, মোৰ আজ্ঞাবোৰ পালন নকৰে,
ako li prestupe odredbe moje i ne budu čuvali zapovijedi mojih;
32 ৩২ তেন্তে মই বেতেৰে প্রহাৰ কৰি তেওঁলোকক অপৰাধৰ শাস্তি দিম, তেওঁলোকৰ অধৰ্মৰ শাস্তি চাবুকেৰে দিম।
šibom ću kazniti nedjelo njihovo, udarcima ljutim krivicu njihovu,
33 ৩৩ কিন্তু মই মোৰ অটল প্রেম তেওঁৰ পৰা নিচেইকৈ নুগুচাম; মোৰ প্রতিজ্ঞাৰ বিশ্বস্ততা ব্যৰ্থ হবলৈ নিদিম।
ali mu naklonosti svoje oduzeti neću niti ću prekršiti vjernosti svoje.
34 ৩৪ মই মোৰ নিয়মটি উলঙ্ঘন নকৰিম, মোৰ ওঁঠৰ পৰা ওলোৱা বাক্য সলনি নকৰিম।
Neću povrijediti Saveza svojega i neću poreći obećanja svoga.
35 ৩৫ মোৰ পবিত্ৰতাৰ শপত খাই মই এবাৰেই ক’লোঁ; মই দায়ুদৰ আগত কেতিয়াও মিছা কথা নকওঁ।
Jednom se zakleh svetošću svojom: Davida prevariti neću:
36 ৩৬ তেওঁৰ বংশ চিৰকাললৈকে থাকিব, তেওঁৰ সিংহাসন মোৰ সাক্ষাতে সূৰ্যৰ দৰে চিৰস্থায়ী হব।
potomstvo će njegovo ostati dovijeka, prijestolje njegovo preda mnom kao sunce,
37 ৩৭ সেয়ে আকাশৰ বিশ্বাসী সাক্ষী চন্দ্ৰৰ নিচিনাকৈ চিৰকালৰ কাৰণে স্থাপিত হব।” (চেলা)
ostat će dovijeka kao mjesec, vjerni svjedok na nebu.”
38 ৩৮ কিন্তু তুমিয়েই পৰিত্যাগ কৰিলা, অগ্ৰাহ্যও কৰিলা; তোমাৰ অভিষিক্ত জনাৰ বিৰুদ্ধে তুমি ক্ৰোধ কৰিছা।
A sada ti ga odbi i odbaci, silno se razgnjevi na pomazanika svoga.
39 ৩৯ তোমাৰ দাসে সৈতে স্থাপন কৰা নিয়মটি তুমি প্রত্যাখান কৰিছা; তুমি তেওঁৰ ৰাজ-মুকুট মাটিলৈ পেলাই অশুচি কৰিলা।
Prezre Savez sa slugom svojim i krunu njegovu do zemlje ponizi.
40 ৪০ তুমি তেওঁৰ সকলো প্রাচীৰ ভাঙি পেলালা; তুমি তেওঁৰ কোঁঠবোৰ বিনষ্ট কৰিলা।
Razvali sve zidine njegove, njegove utvrde u ruševine baci.
41 ৪১ তেওঁৰ দেশৰ কাষেদি যোৱা সকলো বাটৰুৱাই তেওঁক লুট কৰে; তেওঁ ওচৰ-চুবুৰীয়াবোৰৰ নিন্দাৰ পাত্র হৈছে।
Pljačkaju ga svi što naiđu, na ruglo je susjedima svojim.
42 ৪২ তুমি তেওঁৰ শত্রুবোৰৰ সোঁ হাত শক্তিশালী কৰিলা; তেওঁৰ সকলো শত্রুকে আনন্দিত কৰিলা।
Podiže desnicu dušmana njegovih i obradova protivnike njegove.
43 ৪৩ তুমি তেওঁৰ তৰোৱালৰ ধাৰ ওভটাই দিলা আৰু যুদ্ধত তেওঁক থিয় হবলৈ নিদিলা।
Otupi oštricu mača njegova, u boju mu ne pomože.
44 ৪৪ তুমি তেওঁৰ হাতৰ ৰাজদণ্ড হৰণ কৰিলা; তেওঁৰ সিংহাসন ভুমিলৈ পতিত কৰিলা।
Njegovu sjaju kraj učini, njegovo prijestolje na zemlju obori.
45 ৪৫ তুমি তেওঁৰ যৌৱন কাল চুটি কৰিলা; তুমি তেওঁক লাজেৰে ঢাকিলা। (চেলা)
Skratio si dane mladosti njegove, sramotom ga pokrio.
46 ৪৬ হে যিহোৱা, আৰু কিমান কাল? তুমি সদায়েই নিজকে লুকুৱাই ৰাখিবা নে? কিমান কাল নো তোমাৰ ক্ৰোধ অগ্নিৰ নিচিনাকৈ জ্বলি থাকিব?
TÓa dokle ćeš, Jahve? Zar ćeš se uvijek skrivati? Hoće li gnjev tvoj k'o oganj gorjeti?
47 ৪৭ মোৰ জীৱন কাল কেনে অলপ দিনীয়া, তাক সোঁৱৰা; কি অসাৰতাৰ কাৰণেইবা তুমি মনুষ্যক স্ৰজিলা!
Sjeti se kako je kratak život moj, kako si ljude prolazne stvorio!
48 ৪৮ কেতিয়াও মৃত্যু নেদেখাকৈ কোন মানুহ জীয়াই থাকিব পাৰে? চিয়োলৰ হাতৰ পৰা কোনে নিজৰ প্ৰাণ ৰক্ষা কৰিব পাৰে? (চেলা) (Sheol h7585)
Tko živ smrti vidjeti neće? Tko će od ruke Podzemlja dušu sačuvati? (Sheol h7585)
49 ৪৯ হে যিহোৱা, তোমাৰ পূৰ্বকালৰ সেই অটল প্রেম ক’ত? সেই প্রেম তুমি তোমাৰ বিশ্বস্ততাৰ দ্বাৰাই দায়ুদৰ আগত শপত খাইছিলা।
Gdje li je, Jahve, tvoja dobrota iskonska kojom se Davidu zakle na vjernost svoju?
50 ৫০ হে যিহোৱা, তোমাৰ দাসবোৰক কৰা অপমান সোঁৱৰণ কৰা; সোঁৱৰণ কৰা, আন জাতিবোৰে মোলৈ কৰা সেই অপমানবোৰ; কেনেকৈ মই মোৰ বুকুত বহন কৰি আছোঁ।
Sjeti se, Jahve, sramote slugu svojih: u srcu nosim svu mržnju pogana
51 ৫১ হে যিহোৱা, তোমাৰ শত্রুবোৰে সেই অপমান কৰিছে, তেওঁলোকে তোমাৰ অভিষিক্ত জনাৰ প্রতি খোজক অপমান কৰিছে।
s kojom nasrću dušmani tvoji, Jahve, s kojom nasrću na korake pomazanika tvoga.
52 ৫২ যিহোৱা চিৰকাললৈকে ধন্য হওঁক। আমেন, আৰু আমেন।
Blagoslovljen Jahve dovijeka! Tako neka bude. Amen!

< সামসঙ্গীত 89 >