< সামসঙ্গীত 84 >

1 হে বাহিনীসকলৰ যিহোৱা, তোমাৰ নিবাস গৃহ কেনে মনোৰম! 2 যিহোৱাৰ চোতাল কেইখনত সোমাবলৈ মোৰ প্রাণে আকুল হাবিয়াহ কৰিছে; অত্যন্ত উত্তেজিত হৈছে। জীৱন্ত ঈশ্বৰৰ কাৰণে মোৰ দেহ আৰু মনে আনন্দ ধ্বনি কৰিছে। 3 হে বাহিনীসকলৰ যিহোৱা, মোৰ ৰজা আৰু মোৰ ঈশ্বৰ, তোমাৰ বেদীবোৰৰ ওচৰতে, ঘৰ-চিৰিকা চৰায়ে নিজৰ অর্থে ঘৰ বিচাৰি পাইছে, তেলটুপিয়েও তাইৰ পোৱালি ৰাখিবলৈ নিজৰ অর্থে বাঁহ বান্ধিছে। 4 ধন্য সেইসকল, যিসকলে তোমাৰ গৃহত বাস কৰিছে; তেওঁলোকে নিতৌ তোমাৰ প্ৰশংসা কৰিছে। (চেলা) 5 ধন্য সেইসকল, যি সকলে তোমাতে শক্তি পাইছে, যিসকলৰ অন্তৰত চিয়োনলৈ যোৱা ৰাজপথ আছে। 6 শুকান বাকা উপত্যকাৰ মাজেদি যাওঁতে তেওঁলোকে সেই ঠাইক জুৰিৰ ঠাই কৰি তোলে; প্রথম বৰষুণে পুখুৰীবোৰ পানীৰে উপচাই দিয়ে। 7 যোৱাৰ পথত তেওঁলোকে শক্তিৰ উপৰি শক্তি পায়; তেওঁলোক প্ৰত্যেকে চিয়োনত দেৱতাবোৰৰ ঈশ্বৰৰ সন্মুখত গৈ উপস্থিত হয়। 8 হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, মোৰ প্ৰাৰ্থনা শুনা; হে যাকোবৰ ঈশ্বৰ, মোৰ কথা শুনা। (চেলা) 9 হে ঈশ্বৰ, আমাৰ ঢাললৈ তুমি দৃষ্টিপাত কৰা; তোমাৰ এই অভিষিক্ত ৰজাৰ মুখলৈ চোৱা। 10 ১০ কিয়নো আন ঠাইত হাজাৰ দিন কটোৱাতকৈ তোমাৰ চোতালকেইখনত এদিন থকাই অধিক উত্তম; দুষ্টতাৰ তম্বুত বাস কৰাতকৈ, বৰং মই ঈশ্বৰৰ গৃহৰ দুৱৰী হৈ থকাই অধিক উত্তম। 11 ১১ কিয়নো ঈশ্বৰ যিহোৱা সূৰ্য আৰু ঢাল স্বৰূপ; তেওঁ অনুগ্ৰহ আৰু গৌৰৱ দান কৰে; যিসকলে সৎ পথত চলে, তেওঁলোকক কোনো উত্তম বস্তু দিবলৈ তেওঁ অস্বীকাৰ নকৰে। 12 ১২ হে বাহিনীসকলৰ যিহোৱা, তোমাৰ ওপৰত নির্ভৰ কৰা লোক ধন্য।

< সামসঙ্গীত 84 >