< সামসঙ্গীত 8 >

1 হে আমাৰ প্ৰভু যিহোৱা, গোটেই পৃথিবীতে তোমাৰ নাম কেনে মহৎ! তুমি তোমাৰ গৌৰৱ আকাশমণ্ডলৰ ওপৰত স্থাপন কৰিলা।
Til sangmesteren, efter Gittit; en salme av David. Herre, vår Herre, hvor herlig ditt navn er over all jorden, du som har utbredt din prakt over himmelen!
2 শিশু আৰু পিয়াহ খোৱা কেঁচুৱাৰ মুখৰ প্রশংসাৰে তোমাৰ শত্রুবোৰৰ কাৰণে তুমি এক কোঁঠ স্থাপন কৰিলা, যাতে তোমাৰ শত্রু আৰু প্রতিশোধ লোৱাসকলক তুমি স্তব্ধ কৰিব পাৰা।
Av barns og diebarns munn har du grunnfestet en makt for dine motstanderes skyld, for å stoppe munnen på fienden og den hevngjerrige.
3 যেতিয়া মই তোমাৰ হাতেৰে সৃষ্টি কৰা আকাশৰ ফালে চাওঁ আৰু তাত তুমি স্থাপন কৰা চন্দ্ৰ আৰু তৰাবোৰলৈ চাওঁ,
Når jeg ser din himmel, dine fingrers gjerning, månen og stjernene, som du har gjort,
4 তেতিয়া মই ভাৱো, মানুহনো কি যে, তুমি তেওঁলোকৰ বিষয়ে চিন্তা কৰা? মানুহৰ সন্তানেই বা কি, তুমি যে তেওঁলোকৰ বুজ-বিচাৰ লোৱা?
hvad er da et menneske, at du kommer ham i hu, og et menneskebarn, at du ser til ham!
5 কিয়নো তুমি তেওঁলোকক তোমাতকৈ অলপহে সৰু কৰি স্রজন কৰিলা, গৌৰৱ আৰু মৰ্য্যদাৰূপ মুকুটেৰে তেওঁলোকক বিভুষিত কৰিলা।
Og du gjorde ham lite ringere enn Gud, og med ære og herlighet kronte du ham.
6 তোমাৰ হাতেৰে সৃষ্টি কৰা সকলো বস্তুৰ ওপৰত তুমি মানুহক গৰাকী পাতিলা; সকলোকে তুমি মানুহৰ ভৰিৰ তলত ৰাখিলা; সেইবোৰ -
Du gjorde ham til hersker over dine henders gjerninger, alt la du under hans føtter,
7 মেৰ-ছাগ, ষাঁড় আদিকে ধৰি পথাৰৰ সকলো পশুৰ জাক,
får og okser, alle tilsammen, ja også markens dyr,
8 আকাশত উৰি ফুৰা পক্ষীবোৰ, সমুদ্ৰৰ মাছবোৰ আৰু সাগৰৰ সোঁতত ঘূৰি ফুৰা অন্যান্য সকলো প্রাণী।
himmelens fugler og havets fisker, alt som ferdes på havenes stier.
9 হে যিহোৱা, আমাৰ প্ৰভু, গোটেই পৃথিবীতে তোমাৰ নাম কেনে মহৎ!
Herre, vår Herre, hvor herlig ditt navn er over all jorden!

< সামসঙ্গীত 8 >