< সামসঙ্গীত 72 >

1 হে ঈশ্বৰ, ৰজাক তোমাৰ শাসন-প্ৰণালীবোৰ দান কৰা, আৰু ৰাজকোঁৱৰক তোমাৰ ধাৰ্মিকতা প্ৰদান কৰা।
לשלמה אלהים משפטיך למלך תן וצדקתך לבן מלך׃
2 তেওঁ ধাৰ্মিকতাৰে ৰজাৰ প্ৰজাসকলৰ বিচাৰ কৰিব; ন্যায়েৰে তোমাৰ দুখীয়াসকলৰ বিচাৰ কৰিব।
ידין עמך בצדק וענייך במשפט׃
3 পৰ্ব্বতবোৰে প্ৰজাসকলৰ কাৰণে শান্তি উৎপাদন কৰিব; পাহাৰবোৰেও ধাৰ্মিকর্তা উৎপাদন কৰিব।
ישאו הרים שלום לעם וגבעות בצדקה׃
4 তেওঁ দুখীয়া প্ৰজাসকলৰ বিচাৰ কৰিব, অভাৱগ্রস্ত সন্তান সকলক ৰক্ষা কৰিব; কিন্তু অত্যাচাৰীক টুকুৰা টুকুৰ কৰি গুৰি কৰিব।
ישפט עניי עם יושיע לבני אביון וידכא עושק׃
5 তেওঁ সূৰ্য চন্দ্ৰ থাকেমানে থাকিব, পুৰুষানুক্ৰমে তেওঁলোকে তোমালৈ ভয় কৰিব।
ייראוך עם שמש ולפני ירח דור דורים׃
6 ঘাঁহ কাটি নিয়া মাটিৰ ওপৰত বৰষুণ পৰিলে যেনে হয়, তেওঁ তেনেকৈয়ে ভূমি ভিজোৱা বৰষুণ জাকৰ দৰেই হয়।
ירד כמטר על גז כרביבים זרזיף ארץ׃
7 তেওঁৰ সময়ত ধাৰ্মিকজন জকমকাব; যিমান দিনলৈ চন্দ্ৰ থাকিব সিমান দিনলৈকে তেওঁলোক শান্তিত থাকিব।
יפרח בימיו צדיק ורב שלום עד בלי ירח׃
8 তেওঁলোকে এখন সমুদ্ৰৰ পৰা আন এখন সমুদ্ৰলৈকে ৰাজ্য শাসন কৰিব, আৰু নদীৰ পৰা পৃথিবীৰ শেষলৈকে ৰাজত্ব কৰিব।
וירד מים עד ים ומנהר עד אפסי ארץ׃
9 মৰুভূমিৰনিবাসীসকলে তেওঁৰ আগত আঁঠু ল’ব; আৰু তেওঁৰ শত্ৰুবোৰে ধূলি চেলেকিব।
לפניו יכרעו ציים ואיביו עפר ילחכו׃
10 ১০ তৰ্চীচ আৰু দ্বীপবোৰৰ ৰজাসকলে পাৰিশ্রমিক শ্রদ্ধাঞ্জলি আনিব; চিবা আৰু চবাৰ ৰজাসকলে উপহাৰ আনিব।
מלכי תרשיש ואיים מנחה ישיבו מלכי שבא וסבא אשכר יקריבו׃
11 ১১ এনে কি, সকলো ৰজাই তেওঁৰ আগত প্ৰণিপাত কৰিব; আৰু সকলো জাতিৰ লোকে তেওঁৰ সেৱা কৰিব।
וישתחוו לו כל מלכים כל גוים יעבדוהו׃
12 ১২ কিয়নো, অভাৱগ্রস্তসকলে কাতৰোক্তি কৰিলে তেওঁ উদ্ধাৰ কৰিব; আৰু সহায়হীন দুখিত জনক তেওঁ ত্ৰাণ কৰিব।
כי יציל אביון משוע ועני ואין עזר לו׃
13 ১৩ তেওঁ দুখী অভাবগ্রস্তক কৃপা কৰিব; দৰিদ্ৰসকলৰ প্ৰাণ ৰক্ষা কৰিব।
יחס על דל ואביון ונפשות אביונים יושיע׃
14 ১৪ অত্যাচাৰ আৰু উপদ্ৰৱৰ পৰা তেওঁ তেওঁলোকৰ প্ৰাণ মুক্ত কৰিব; তেওঁৰ দৃষ্টিত সেইসকলৰ তেজ বহুমূল্য হ’ব।
מתוך ומחמס יגאל נפשם וייקר דמם בעיניו׃
15 ১৫ ৰজাসকল জীয়াই থাকিব আৰু তেওঁলোকক চিবাৰ সোণ দান কৰা যাব; লোকসকলে নিতৌ তেওঁৰ গুৰিত প্ৰাৰ্থনা কৰিব, ওৰে দিনটো ঈশ্বৰে তেওঁলোকক আশীৰ্ব্বাদ কৰিব।
ויחי ויתן לו מזהב שבא ויתפלל בעדו תמיד כל היום יברכנהו׃
16 ১৬ পৃথিবীত পৰ্ব্বতবোৰৰ টিঙত প্ৰচুৰ শস্য হ’ব; সেই শস্যৰ ফল লিবানোনৰ জাৰণিৰ নিচিনাকৈ লৰিব; আৰু নগৰ নিবাসীসকল পৃথিবীৰ তৃণৰ দৰে জকমকাব।
יהי פסת בר בארץ בראש הרים ירעש כלבנון פריו ויציצו מעיר כעשב הארץ׃
17 ১৭ ৰজাৰ নাম চিৰস্থায়ী হ’ব; সূৰ্য থাকেমানে তেওঁৰ নাম থাকিব; লোকসকলে তেওঁৰ পৰা আশীৰ্ব্বাদ পাব; সকলো জাতিয়ে তেওঁক ধন্য ধন্য বুলিব।
יהי שמו לעולם לפני שמש ינין שמו ויתברכו בו כל גוים יאשרוהו׃
18 ১৮ ঈশ্বৰ যিহোৱা, ইস্ৰায়েলৰ ঈশ্বৰ, ধন্য হওঁক; যি জন কেৱল আচৰিত কৰ্ম কৰোঁতা।
ברוך יהוה אלהים אלהי ישראל עשה נפלאות לבדו׃
19 ১৯ তেওঁৰ গৌৰৱ অনন্ত কাললৈকে ধন্য হওক; আৰু সমুদায় পৃথিৱী তেওঁৰ গৌৰৱেৰে পৰিপূৰ্ণ হওঁক। আমেন আৰু আমেন।
וברוך שם כבודו לעולם וימלא כבודו את כל הארץ אמן ואמן׃
20 ২০ যিচয়ৰ পুত্ৰ দায়ুদৰ প্ৰাৰ্থনাবোৰ সমাপ্ত।
כלו תפלות דוד בן ישי׃

< সামসঙ্গীত 72 >