< সামসঙ্গীত 69 >

1 হে ঈশ্বৰ, মোক পৰিত্ৰাণ কৰা; কিয়নো মই জলপ্লাৱনত ডিঙিলৈ ডুবি যাব ধৰিছোঁ।
Přednímu z kantorů na šošannim, žalm Davidův. Vysvoboď mne, ó Bože, neboť jsou dosáhly vody až k duši mé.
2 মই গভীৰ বোকাত তল গৈছো, তাত থিয় হবলৈ ঠাই নাই; গভীৰ জলত আহি পৰিলোঁ, ধল পানী মোৰ ওপৰৰে বৈ গৈছে।
Pohřížen jsem v hlubokém bahně, v němž dna není; všel jsem do hlubokosti vod, jejichž proud zachvátil mne.
3 মই কান্দি কান্দি ভাগৰিলোঁ, মোৰ ডিঙি শুকাই গ’ল; মই ঈশ্বৰলৈ বাট চাই থাকোঁতে থাকোঁতে, মোৰ চকু দুৰ্ব্বল হৈ পৰিল।
Ustal jsem, volaje, vyschlo hrdlo mé, zemdlely oči mé od ohlídání se na tě Boha svého.
4 অকাৰণে মোক ঘিণাওঁতাসকল মোৰ মূৰৰ চুলিতকৈয়ো অধিক; অকাৰণে মোৰ শত্ৰু হৈ মোক নষ্ট কৰিব খোজাসকল অতি শক্তিশালী; মই যি চূৰ কৰা নাই, তাক মই ওলোটাই দিব লাগে।
Více jest těch, kteříž mne nenávidí bez příčiny, než vlasů hlavy mé; zmocnili se ti, kteříž mne vyhladiti usilují, a jsou nepřátelé moji bez mého provinění; to, čehož jsem nevydřel, nahražovati jsem musil.
5 হে ঈশ্বৰ, তুমিয়েই মোৰ মুৰ্খতা জানি আছা; আৰু মোৰ দোষবোৰ তোমাৰ আগত লুকাই নাথাকে।
Bože, ty znáš sám nemoudrost mou, a výstupkové moji nejsou skryti před tebou.
6 হে বাহিনীসকলৰ ঈশ্বৰ যিহোৱা, তোমালৈ অপেক্ষা কৰাসকল মোৰ দ্বাৰাই যেন লাজত নপৰে; হে ইস্ৰায়েলৰ ঈশ্বৰ, তোমাক বিচাৰাসকল মোৰ দ্বাৰাই অপমানিত নহওক।
Nechť nebývají zahanbeni příčinou mou ti, kteříž na tě očekávají, Pane, Hospodine zástupů; nechť nepřicházejí skrze mne k hanbě ti, kteříž tě hledají, ó Bože Izraelský.
7 তোমাত মই আসক্ত হোৱাৰ কাৰণে লোকসকলে মোক অপমানিত কৰে; তেওঁলোকে মোক সম্পূর্ণ ভাবে অপদস্থ কৰিলে।
Neboť pro tebe snáším pohanění, a stud přikryl tvář mou.
8 মই মোৰ ভাইসকলৰ মাজত বিদেশী হলোঁ; তেওঁলোকে মোক বিদেশীৰ দৰে ব্যৱহাৰ কৰে।
Cizí učiněn jsem bratřím svým, a cizozemec synům matky své,
9 কিয়নো তোমাৰ গৃহৰ কাৰণে হোৱা মোৰ উৎসাহ-অগ্নিয়ে মোক গ্ৰাস কৰিলে; আৰু তোমাক নিন্দা কৰাবিলাকৰ নিন্দা মোৰ ওপৰত পৰিল।
Proto že horlivost domu tvého snědla mne, a hanění hanějících tě na mne připadla.
10 ১০ যেতিয়া মই কান্দি কান্দি লঘোনেৰে মোৰ প্ৰাণক দুখ দিছিলোঁ; তেতিয়া সেয়ে মোলৈ নিন্দাৰ কাৰণ হ’ল।
Když jsem plakal, postem trápiv duši svou, bylo mi to ku potupě obráceno.
11 ১১ যেতিয়া মই চট কাপোৰ পিন্ধি দুখ প্রকাশ কৰিছিলোঁ; তেতিয়া মই তেওঁলোকৰ দৃষ্টান্ত স্বৰূপ হলোঁ।
Když jsem bral na se pytel místo roucha, tehdy jsem jim byl za přísloví.
12 ১২ নগৰৰ দুৱাৰমুখত বহাসকলে মোৰ বিষয়ে কথা পাতে; মই মতলীয়াবোৰৰ গানৰ বিষয় হলোঁ।
Pomlouvali mne, sedíce v bráně, a písničkou byl jsem těm, kteříž pili víno.
13 ১৩ কিন্তু হে যিহোৱা, মই হলে সদায় তোমাৰ আগত প্ৰাৰ্থনা কৰোঁ তাক তুমি গ্রহণ কৰা; তোমাৰ অধিক দয়াৰ গুণে তোমাৰ পৰিত্ৰাণৰ সত্যতাত মোক উত্তৰ দিয়া।
Já pak modlitbu svou k tobě odsílám, Hospodine, časť jest dobré líbeznosti tvé. Ó Bože, vedlé množství milosrdenství svého vyslyš mne, pro pravdu svou spasitelnou.
14 ১৪ বোকাৰ পৰা মোক উদ্ধাৰ কৰা, ডুবি যাবলৈ নিদিবা; মোক ঘিণাওঁতাবোৰৰ পৰা আৰু গভীৰ জলৰ পৰাও মোক উদ্ধাৰ কৰা।
Vytrhni mne z bláta, abych nebyl pohřížen; nechť jsem vytržen od těch, kteříž mne nenávidí, jako z hlubokostí vod,
15 ১৫ ধল পানীয়ে মোক তল নিনিয়াওক, গভীৰ জলে মোক গ্ৰাস নকৰক; আৰু মৈদামৰ মুখ মোৰ ওপৰত বন্ধ নহওক।
Aby mne nezachvátili proudové vod, a nesehltila hlubina, ani se nade mnou zavřela prohlubně.
16 ১৬ হে যিহোৱা, মোৰ প্রার্থনাৰ উত্তৰ দিয়া, কিয়নো তোমাৰ প্ৰতিজ্ঞা বিশ্বস্ততা উত্তম; তোমাৰ প্ৰচুৰ দয়া অনুসাৰে মোলৈ মুখ ঘূৰুৱা।
Vyslyšiž mne, Hospodine, neboť jest dobré milosrdenství tvé; vedlé množství slitování svých vzhlédniž na mne.
17 ১৭ তোমাৰ দাসৰ পৰা তোমাৰ মুখ লুকুৱাই নাৰাখিবা; কাৰণ মই সঙ্কটত আছোঁ; শীঘ্ৰে মোক উত্তৰ দিয়া।
A neskrývej tváři své od služebníka svého, neboť mám úzkost; rychle vyslyš mne.
18 ১৮ তুমি মোৰ ওচৰ চাপি মোৰ প্ৰাণ মুক্ত কৰা; মোৰ মুক্তিপণ দি শত্ৰুবোৰৰ পৰা মোক উদ্ধাৰ কৰা।
Přibliž se k duši mé, a vyprosť ji; pro nepřátely mé vykup mne.
19 ১৯ মোৰ অপযশ, লাজ, আৰু অপমান তুমিয়েই জানি আছা; মোৰ সকলো প্রতিদ্বন্দী তোমাৰ আগত আছে।
Ty znáš pohanění mé, a zahanbení mé, i potupu mou, před tebouť jsou všickni nepřátelé moji.
20 ২০ তীব্র তিৰস্কাৰত মোৰ মন ভগ্ন হৈ দুখেৰে ভৰি পৰিল; কোনোবাই মোক কৃপা কৰিব বুলি মই বাট চালোঁ, কিন্তু কোনো নাছিল; শান্ত্বনা কৰাসকললৈ অপেক্ষা কৰিলোঁ, কিন্তু এজনো নাপালোঁ।
Pohanění potřelo srdce mé, pročež jsem byl v žalosti. Očekával jsem, zdali by mne kdo politoval, ale žádného nebylo, zdali by kdo potěšiti chtěli, ale nedočkal jsem.
21 ২১ তেওঁলোকে মোক আহাৰৰ বাবে বিহ দিলে; মোৰ পিয়াহত তেওঁলোকে মোক টেঙা ৰস পান কৰালে।
Nýbrž místo pokrmu poskytli mi žluči, a v žízni mé napájeli mne octem.
22 ২২ তেওঁলোকৰ আগত থকা আহাৰেই তেওঁলোকৰ ফান্দৰ দৰে হ’ব; আৰু তেওঁলোকৰ সম্পত্তিয়ে তেওঁলোকক জালত পেলাব।
Budiž jim stůl jejich před nimi za osídlo, a pokojný způsob jejich místo síti.
23 ২৩ তেওঁলোকে কেতিয়াও দেখা নাপাবলৈ তেওঁলোকৰ চকু অন্ধ হওক; তুমি তেওঁলোকৰ কঁকাল সদায় কঁপি থকা কৰা।
Ať se zatmí oči jejich, aby viděti nemohli, a bedra jejich k stálému přiveď zemdlení.
24 ২৪ তেওঁলোকৰ ওপৰত তোমাৰ অতিশয় ক্ৰোধ দেখুৱা; তোমাৰ প্ৰচণ্ড ক্ৰোধে তেওঁলোকক আতঙ্কগ্রস্থ কৰক।
Vylí na ně rozhněvání své, a prchlivost hněvu tvého ať je zachvátí.
25 ২৫ তেওঁলোকৰ বাসস্থান উচ্ছন্ন হওক; তেওঁলোকৰ তম্বুত কোনেও বাস নকৰক।
Budiž příbytek jejich pustý, v staních jejich kdo by obýval, ať není žádného.
26 ২৬ কিয়নো তেওঁলোকক নির্যাতন কৰা জনকেই তুমি প্রহাৰ কৰা; তেওঁলোকে তুমি শাস্তি দিয়া সকলৰ দুখৰ বিষয়ে কথা পাতে।
Nebo se tomu, jehož jsi ty zbil, protiví, a o bolesti zraněných tvých rozmlouvají.
27 ২৭ তুমি তেওঁলোকৰ অপৰাধৰ ওপৰত অপৰাধ যোগ দিয়া; তেওঁলোকে তোমাৰ ধাৰ্মিকতাৰ ভাগী নহওক।
Přilož nepravost k nepravosti jejich, a ať nepřicházejí k spravedlnosti tvé.
28 ২৮ জীৱিতসকলৰ তালিকাৰ পৰা তেওঁলোকৰ নাম মচি পেলোৱা হওক; আৰু ধাৰ্মিকসকলৰ লগত তেওঁলোকৰ নাম লিখা নহওক।
Nechť jsou vymazáni z knihy živých, a s spravedlivými ať nejsou zapsáni.
29 ২৯ কিন্তু মই হলে, দুখ আৰু বেদনা পাইছো; হে ঈশ্বৰ, তোমাৰ পৰিত্ৰাণে মোক উন্নত কৰক।
Já pak ztrápený jsem, a bolestí sevřený, ale spasení tvé, ó Bože, na místě bezpečném postaví mne.
30 ৩০ মই এটি গানেৰে ঈশ্বৰৰ নামৰ প্ৰশংসা কৰিম; ধন্যবাদেৰে তেওঁক উল্লাসিত কৰিম।
I buduť chváliti jméno Boží s prozpěvováním, a velebiti je s děkováním.
31 ৩১ তেওঁলোকৰ অনুগ্রহ যিহোৱালৈ ভতৰা গৰুতকৈ উত্তম; নাইবা শিং আৰু খুৰা থকা ভতৰাতকৈয়ো, সেয়ে যিহোৱাক অধিক সন্তোষ দিব।
A bude to příjemnější Hospodinu nežli vůl, neb volek rohatý s rozdělenými kopyty.
32 ৩২ নম্ৰসকলে তাকে দেখি আনন্দিত হ’ব; হে ঈশ্বৰক বিচাৰাসকল তোমালোকৰ হৃদয় পুনৰ্জীৱিত হওক।
To když uhlédají tiší, radovati se budou, hledajíce Boha, a ožive srdce jejich.
33 ৩৩ কিয়নো যিহোৱাই দৰিদ্ৰসকললৈ কাণ পাতে; আৰু তেওঁ নিজৰ বন্দীয়াৰসকলক হেয়জ্ঞান নকৰে।
Neboť vyslýchá chudé Hospodin, a vězni svými nezhrzí.
34 ৩৪ আকাশ আৰু পৃথিবীয়ে তেওঁৰ প্ৰশংসা কৰক; সাগৰ আৰু তাৰ মাজত চৰি ফুৰা সমুদায় প্ৰাণীয়ে তেওঁৰ স্তুতি কৰক।
Chvaltež ho nebesa a země, moře i všeliký hmyz jejich.
35 ৩৫ কিয়নো ঈশ্বৰে চিয়োনক পৰিত্ৰাণ কৰিব আৰু যিহূদাৰ নগৰবোৰ পুনৰায় নিৰ্ম্মাণ কৰিব; লোকসকলে তাত বাস কৰি তাক অধিকাৰ কৰিব।
Bůhť zajisté zachová Sion, a vzdělá města Judská, i budou tu bydliti, a zemi tu dědičně obdrží.
36 ৩৬ তেওঁৰ দাসবোৰৰ বংশয়ো তাক অধিকাৰ কৰিব; তেওঁৰ নাম প্ৰেম কৰোঁতাসকলে তাত বাস কৰিব।
Tolikéž i símě služebníků jeho dědičně jí vládnouti budou, a milující jméno jeho v ní přebývati.

< সামসঙ্গীত 69 >