< সামসঙ্গীত 68 >

1 ঈশ্বৰ উঠক; তেওঁৰ শত্ৰুবোৰ থান বান হৈ যাওঁক; তেওঁক ঘিণাওঁতাবিলাক তেওঁৰ আগৰ পৰা দূৰ হওঁক।
Przewodnikowi chóru. Psalm i pieśń Dawida. Niech Bóg powstanie, a rozproszeni będą jego wrogowie; niech pouciekają przed jego obliczem ci, którzy go nienawidzą.
2 ধোঁৱাৰ দৰে তুমি তেওঁলোকক উৰুৱাই নিয়া; মম যেনেকৈ জুইৰ ওচৰত গলি যায়, তেনেকৈ দুষ্টবোৰ ঈশ্বৰৰ সন্মুখত বিনষ্ট হওঁক।
Jak dym jest rozwiany, tak [ich] rozpędzisz; jak wosk się rozpływa od ognia, [tak] niegodziwi poginą przed obliczem Boga.
3 কিন্তু ধাৰ্মিকসকলে আনন্দ কৰক, ঈশ্বৰৰ সাক্ষাতে উল্লাস কৰক; তেওঁলোকে আনন্দ কৰি উল্লাস কৰক।
A sprawiedliwi będą się weselić i cieszyć przed obliczem Boga, i będą się radować niezmiernie.
4 তোমালোকে ঈশ্বৰৰ উদ্দেশ্যে গীত গোৱা, তেওঁৰ নামৰ প্ৰশংসাৰ গান কৰা; মৰুভূমিৰ মাজেদি যি জন বাহনত উঠি আহিছে, তেওঁৰ কাৰণে এটি ৰাজপথ যুগুত কৰা; তেওঁৰ নাম যিহোৱা, তোমালোকে তেওঁৰ উপস্থিতিত উল্লাস কৰা।
Śpiewajcie Bogu, śpiewajcie psalmy jego imieniu, wywyższajcie tego, który przemierza niebiosa; PAN to jego imię, radujcie się przed jego obliczem.
5 ঈশ্বৰ তেওঁৰ পবিত্ৰ বাসস্থানত পিতৃহীনৰ পিতৃ আৰু বিধৱাসকলৰ ন্যায়কর্তা।
Ojcem dla sierot i sędzią dla wdów jest Bóg w swym świętym przybytku.
6 অকলশৰীয়াসকলে বাস কৰি থাকিবলৈ ঈশ্বৰে পৰিয়াল দান কৰে; তেওঁ বন্দীসকলক মুক্ত কৰি উন্নতিৰ অৱস্থালৈ আনে; কিন্তু বিদ্ৰোহীসকলে শুকান ভূমিত বাস কৰে।
Bóg samotnym daje dom, więźniów uwalnia z oków, ale oporni mieszkają w suchej ziemi.
7 হে ঈশ্বৰ, তুমি যেতিয়া মৰুভূমিৰ মাজেদি তোমাৰ লোক সকলৰ আগে আগে গৈছিলা, (চেলা)
Boże, gdy wyruszałeś przed swoim ludem, gdy kroczyłeś przez pustynię. (Sela)
8 তেতিয়া পৃথিৱী কঁপি উঠিছিল আৰু আকাশেও বৰষুণ বর্ষাইছিল; এই সকলোবোৰ হৈছিল ঈশ্বৰৰ সাক্ষাতে, চীনয় পর্বতৰ, সেই ঈশ্বৰৰ উপস্থিতিত; ঈশ্বৰৰ সাক্ষাতে, ইস্ৰায়েলৰ ঈশ্বৰৰ উপস্থিতিত।
Ziemia się trzęsła, a niebiosa rozpływały się przed obliczem Boga i sama góra Synaj [zadrżała] przed obliczem Boga, Boga Izraela.
9 হে ঈশ্বৰ, তুমি প্রচুৰ পৰিমাণে বৰষুণ বৰষাইছিলা; তুমি তোমাৰ শুকান দেশত পুনৰায় নিজৰ আধিপত্য শক্তিশালী কৰি তুলিলা।
Zesłałeś obfity deszcz, Boże, otrzeźwiłeś swoje dziedzictwo, gdy omdlewało.
10 ১০ তোমাৰ নিজৰ লোকসকলে তাত বাস কৰিলে; হে ঈশ্বৰ, তোমাৰ দয়াৰে তুমি দৰিদ্ৰসকলৰ অভাৱ পূৰণ কৰিছিলা।
Twoje zastępy mieszkają w nim; ty, Boże, w swojej dobroci przygotowałeś [je] dla ubogiego.
11 ১১ যিহোৱাই লোক সমূহক আদেশ দিয়ে; সু-সংবাদ ঘোষণাকাৰী মহিলাসকল সংখ্যাত বৃহৎ দল।
Pan dał [swoje] słowo, wielki był zastęp zwiastujących dobre wieści.
12 ১২ তেওঁলোকে ঘোষণা কৰে, “সৈন্যদলৰ ৰজাসকল পলাই গৈছে, পলাই গৈছে!” ঘৰৰ গৃহিণীসকলে যুদ্ধৰ লুটদ্ৰব্য ভাগ বাঁটি লৈছে:
Królowie wojsk uciekali, uciekali; a ta, która doglądała domu, dzieliła łupy.
13 ১৩ যদিও তেওঁলোকে মেৰ-ছাগৰ গঁৰালবোৰৰ মাজত থাকে - তথাপি তেওঁলোকে ৰূপেৰে আবৃত হোৱা কপৌৰ ডেউকা আৰু তাৰ সোণোৱালী পাখি পাব।
Chociaż musieliście leżeć wśród kotłów, [będziecie] jak skrzydła gołębicy pokryte srebrem, a jej pióra żółtym złotem.
14 ১৪ সৰ্ব্বশক্তিমান ঈশ্বৰে যেতিয়া দেশৰ মাজত ৰজাসকলক ছত্রভঙ্গ কৰিলে, তেতিয়া চলমোন পর্বতৰ ওপৰত বৰফ পৰিছিল।
Gdy Wszechmogący rozproszył królów w ziemi, była biała jak śnieg na [górze] Salmon.
15 ১৫ হে বিশাল পর্বত, বাচান পাহাৰৰ বিশাল পর্বত; হে অনেক শৃঙ্গ সম্বলিত পর্বত, বাচান পাহাৰৰ পর্বত!
Góra Boża jest jak góra Baszanu, wzgórze wysokie, jak góra Baszanu.
16 ১৬ হে অনেক শৃঙ্গ সম্বলিত পর্বত, ঈশ্বৰে যি পর্বতক নিজৰ আবাসৰ বাবে বাচি লৈছে, তালৈ তুমি হিংসা দৃষ্টিৰে কিয় চাই আছা? সেই ঠাইতেই যিহোৱাই চিৰকাললৈকে বাস কৰিব।
Dlaczego wyskakujecie, wzgórza wysokie? Na tej górze spodobało się Bogu mieszkać, tam PAN będzie mieszkał na wieki.
17 ১৭ ঈশ্বৰৰ শক্তিশালী ৰথ হাজাৰ হাজাৰ, লাখ লাখ; যিহোৱা চীনয় পর্বতৰ পৰা পবিত্র স্থানলৈ আহিব।
Rydwanów Bożych [jest] dwadzieścia tysięcy, wiele tysięcy aniołów; Pan [przebywa] wśród nich w świątyni, [jak na] Synaju.
18 ১৮ তুমি যেতিয়া ওখ পর্বতত উঠিলা, তুমি যুদ্ধ-বন্দীসকলক বন্দী কৰি লৈ গ’লা; লোকসকলৰ পৰা, এনেকি তোমাৰ বিৰুদ্ধে যুদ্ধ কৰা সকলৰ পৰাও অনেক দান আহিছিল, যাতে হে ঈশ্বৰ যিহোৱা, তুমি তেওঁলোকৰ মাজত থাকিব পাৰা।
Wstąpiłeś na wysokość, poprowadziłeś pojmanych jeńców, przyjąłeś dary dla ludzi, nawet dla buntowników, aby PAN Bóg mógł [z nimi] zamieszkać.
19 ১৯ প্রতিদিনে আমাৰ বোজা বহন কৰা যিহোৱা ধন্য; তেৱেঁই আমাৰ পৰিত্ৰাণকর্তা ঈশ্বৰ। (চেলা)
Błogosławiony Pan; codziennie obsypuje nas [swymi dobrami] Bóg naszego zbawienia. (Sela)
20 ২০ আমাৰ ঈশ্বৰ হৈছে পৰিত্রাণৰ ঈশ্বৰ। যিহোৱা ঈশ্বৰে মৃত্যুৰ পৰা ৰক্ষা কৰে।
Nasz Bóg jest Bogiem zbawienia, Pan BÓG wybawia od śmierci.
21 ২১ কিন্তু ঈশ্বৰে নিজ শত্ৰুবোৰৰ মূৰ চূৰ্ণ কৰিব, যিসকলে কুপথত চলি থাকে, চুলিৰে পূর্ণ হৈ থকা সেই সকলো লোকৰ মূৰৰ লাউখোলা তেওঁ গুড়ি কৰিব।
Bóg zrani głowę swoich wrogów i owłosioną czaszkę tego, który trwa w swoich grzechach.
22 ২২ প্ৰভুৱে ক’লে, “মই বাচান দেশৰ পৰা তেওঁলোকক লৈ আনিম; সমুদ্রৰ গভীৰ তলৰ পৰা তেওঁলোকক তুলি আনিম,
Pan powiedział: Wyprowadzę znów [swoich] z Baszanu, wyprowadzę [ich] znowu z głębin morskich;
23 ২৩ যাতে শত্রুবোৰৰ তেজত তুমি তোমাৰ ভৰি জুবুৰিয়াব পাৰা, আৰু তোমাৰ কুকুৰবোৰৰ জিভাই যেন তাক ইচ্ছা মতে চেলেকি নিজৰ ভাগ পাব পাৰে।”
Aby twoja stopa była skąpana we krwi, a język twoich psów [we krwi] wrogów.
24 ২৪ হে ঈশ্বৰ, লোকসকলে তোমাৰ আড়ম্বৰপূর্ণ যাত্রা দেখিছে; পবিত্ৰ স্থানলৈ যোৱা মোৰ ঈশ্বৰ, মোৰ ৰজাৰ যাত্রা দেখিছে।
Widzieli twoje pochody, Boże; pochody mego Boga, mego Króla w świątyni.
25 ২৫ আগত গায়নসকল গৈছে, শেষত গৈছে বাদ্যযন্ত্রৰ বায়নসকল, খঞ্জৰী বজোৱা ছোৱালীবোৰ তেওঁলোকৰ মাজত গৈছে।
Przodem szli śpiewacy, za nimi grający na instrumentach, wśród nich dziewczęta uderzające w bębenki.
26 ২৬ তোমালোকে বৃহৎ সমাজবোৰৰ মাজত ঈশ্বৰৰ ধন্যবাদ কৰা; হে ইস্ৰায়েল-ভুমুকৰ পৰা ওলোৱা বংশধৰসকল, যিহোৱাৰ ধন্যবাদ কৰা।
W zgromadzeniach błogosławcie Boga, Pana, wy, którzy pochodzicie ze źródła Izraela.
27 ২৭ তেওঁলোকৰ মাজৰ সকলোতকৈ সৰু বিন্যামীন, যাৰ হাতত ৰাজদণ্ড আছে, সৌৱা, তেওঁৰ বংশ গৈছে; সৌৱা যিহূদাৰ নেতাসকল আৰু তেওঁলোকৰ মন্ত্ৰীসকল, সৌৱা জবূলূনৰ নেতাসকল আৰু নপ্তালীৰ নেতাসকল তাত আছে।
Tam [jest] mały Beniamin, który im przewodzi, władcy Judy i ich hufce, władcy Zebulona i władcy Neftalego.
28 ২৮ হে ঈশ্বৰ, তোমাৰ পৰাক্রমৰ আজ্ঞা দিয়া; হে ঈশ্বৰ, তোমাৰ শক্তি প্রদর্শন কৰা, যেনেকৈ আগেয়ে তুমি আমাৰ পক্ষে কার্য প্রদর্শন কৰিছিলা।
Twój Bóg obdarzył cię siłą; umocnij, Boże, to, co dla nas uczyniłeś.
29 ২৯ যিৰূচালেমত তোমাৰ মন্দিৰ থকাৰ কাৰণে ৰজাসকলে তোমাৰ উদ্দেশ্যে উপহাৰ লৈ যাব।
Ze względu na twoją świątynię w Jeruzalem królowie będą przynosić ci dary.
30 ৩০ নলনিৰ বনৰীয়া জন্তু সেই মিচৰক তুমি ধমকি দিয়া; বলদে নিজৰ দামুৰিৰ জাকবোৰক নিয়ন্ত্রণ কৰাৰ দৰে সেই সকলো জাতিবোৰক ধমকি দিয়া। যিসকলে উপহাৰ কামনা কৰে, তেওঁলোকক তোমাৰ ভৰিৰ তলত গচকিবা; যি জাতিয়ে যুদ্ধ ভাল পায়, তেওঁলোকক সিচঁৰিত কৰা।
Zgrom rzeszę kopijników, stado byków z cielcami ludu, chlubiących się kawałkiem srebra; rozprosz narody pragnące wojny.
31 ৩১ মিচৰৰ পৰা ৰাষ্ট্রদূতসকল আহিব; কুচে ততালিকে ঈশ্বৰলৈ নিজৰ হাত মেলিব।
Przyjdą dostojnicy z Egiptu; Etiopia szybko wyciągnie swe ręce do Boga.
32 ৩২ হে পৃথিবীৰ সকলো ৰাজ্য, ঈশ্বৰৰ উদ্দেশ্যে গান কৰা, যিহোৱাৰ স্তুতিগান কৰা। (চেলা)
Śpiewajcie Bogu, królestwa ziemi, wysławiajcie Pana. (Sela)
33 ৩৩ তোমালোকে অনাদি কালৰ পৰা অৱস্থান কৰা আকাশৰ মাজেদি ৰথত উঠি চলাচল কৰা জনাৰ উদ্দেশ্যে গান কৰা। শুনা, তেওঁৰ স্বৰ; তেওঁ উচ্চ স্বৰেৰে কথা কৈছে।
Temu, który przemierza najwyższe niebiosa odwieczne; oto wydaje swój głos, głos potężny.
34 ৩৪ ঈশ্বৰৰ পৰাক্ৰম ঘোষণা কৰা; তেওঁৰ মহিমা ইস্ৰায়েলৰ ওপৰত আছে আৰু আকাশ জুৰি তেওঁৰ পৰাক্ৰম প্রকাশ হৈ আছে।
Uznajcie moc Boga, jego majestat [jest] nad Izraelem i jego moc w obłokach.
35 ৩৫ হে ঈশ্বৰ, তোমাৰ পবিত্ৰ স্থানত তোমাৰ উপস্থিতিয়ে ভয় জগাই তোলে। ইস্ৰায়েলৰ ঈশ্বৰেই নিজ লোকক বল আৰু শক্তি দান কৰে। ঈশ্বৰৰ প্রশংসা হওঁক!
Groźny jesteś, Boże, ze swych świętych przybytków; Bóg Izraela sam daje moc i siłę [swemu] ludowi. [Niech będzie] Bóg błogosławiony.

< সামসঙ্গীত 68 >