< সামসঙ্গীত 65 >

1 হে ঈশ্বৰ, চিয়োনত প্ৰশংসাই তোমালৈ অপেক্ষা কৰি আছে; তোমালৈ সঙ্কল্প সিদ্ধ কৰা হব।
Kwako wewe, Mungu katika Sayuni, sifa zetu za kungoja; viapo vyetu vitaletwa kwako.
2 হে প্ৰাৰ্থনা শুনোতা জনা, তোমাৰ ওচৰলৈ সকলো মানুহ আহিব।
Wewe usikiaye maombi yetu, miili yote itakuja kwako.
3 আমাৰ অপৰাধবোৰ আমাৰ বিৰুদ্ধে; তথাপি আমাৰ অধৰ্মবোৰ তুমিয়েই ক্ষমা কৰিবা।
Maovu yanatutawala sisi; kama yalivyo makosa yetu, wewe utayasamehe.
4 ধন্য সেই লোক, যি লোকক তুমি বাচি লৈ নিজৰ কাষলৈ আনা; তেওঁ তোমাৰ চোতাল কেইখনত বাস কৰিব, আমি তোমাৰ গৃহত, তোমাৰ মন্দিৰৰ পবিত্ৰ-স্থানত সন্তুষ্ট হ’ম।
Amebarikiwa mtu yule ambaye wewe huchagua kumsogeza karibu yako ili kwamba aishi hekaluni mwako. Tutatoshelezwa kwa uzuri wa nyumba yako, hekalu lako takatifu.
5 তোমাৰ ধাৰ্মিকতাৰে উত্তৰ দি আশ্চর্যজনক কার্য কৰিবা; ঈশ্বৰ আমাৰ উদ্ধাৰকর্তা; পৃথিবীৰ অন্তলৈকে তুমি আমাৰ বিশ্বাসভূমি; সমুদ্ৰ আৰু সেইবোৰৰ পৰা দূৰৈত থকা সকলৰো।
Katika haki wewe utatujibu sisi kwa kufanya mambo ya ajabu, Mungu wa wokovu wetu; wewe ambaye ni ujasiri wa mwisho wote wa nchi na wa wale walio mbali toka pande za bahari.
6 এই জনেই তুমি যি জনে পৰাক্ৰমেৰে পৰ্ব্বতবোৰ সৃষ্টি কৰি দৃঢ় কৰে; শক্তি স্বৰূপ টঙালিৰে বিশেষ ভাৱে নিজকে বান্ধে।
Kwa manaa ni wewe ndiye uliyeifanya milima imara, wewe ambaye umefungwa mkanda wa uweza.
7 সমুদ্ৰ আৰু তাৰ ঢৌৰ গৰ্জন শান্ত কৰে, আৰু তাৰ ঢৌৰ গর্জন, লোক সকলৰ কোলাহল শান্ত কৰে;
Ni wewe unyamazishaye ngurumo za baharini; ngurumo za mawimbi yake, na vurugu za watu.
8 পৃথিবীৰ চূড়ান্ত সীমাত থকা লোকসকলে তোমাৰ অদ্ভুত লক্ষণবোৰ দেখি ভয় কৰে; সূর্য উঠা দিশৰ পৰা অস্ত যোৱালৈকে আনন্দিত কৰে।
Wale wanaoishi sehemu za mwisho kabisa wa nchi wanaogopa ushahidi wa matendo yako; wewe hufanya mashariki na magharibi kushangilia.
9 তুমি পৃথিবীৰ বুজ-বিচাৰ ল’লা, আৰু তাত জল বৰষালা; তুমি তাক বহু ফলৱান কৰিলা; ঈশ্বৰৰ নদী জলেৰে পৰিপূৰ্ণ; তুমি এইদৰে ভূমি যুগুত কৰি লোকসকলৰ বাবে শস্য যোগাইছা।
Wewe huja kuisaidia nchi; unainyeshea inchi; wewe unaiimarisha nchi vizuri; mto wa Mungu umejaa maji; wewe humpa mwanadamu nafaka unapokuwa umekwisha iandaa nchi.
10 ১০ তুমি তাৰ সীৰলুবোৰত প্ৰচুৰ পৰিমাণে পানী দিলা; তুমি তাৰ সীৰলুবোৰৰ মাজত মাটিবোৰ বহালা; তুমি জাক জাক বৰষুণেৰে ভূমি কোমল কৰিলা; তুমি ভূমিৰ মাজত গজা অঙ্কুৰবোৰক আশীৰ্ব্বাদ কৰিলা।
Wewe huyajaza matuta maji ya kutosha; wapasawazisha palipoinuka; wailainisha nchi kwa manyunyu ya mvua; waibariki mimea kati yao.
11 ১১ তুমি তোমাৰ মঙ্গলৰ মুকুটেৰে বছৰটো ভূষিত কৰিলা; আৰু তোমাৰ ৰথ যোৱা পথবোৰত পুষ্টিকৰ দ্ৰব্য পোৱা যায়।
Umeuvika mwaka taji ya wema wako; mvumo wa mapito yako hudondosha unono katika nchi.
12 ১২ অৰণ্যৰ চৰণীয়া পথাৰতহে তাক পোৱা যায়; আৰু পাহাৰবোৰে তাত আনন্দৰ ভূষণ পৰিধান কৰে।
Majani ya nyikani hudondosha umande, na vilima vimevikwa furaha.
13 ১৩ চৰণীয়া পথাৰবোৰ জাক জাক মেৰ-ছাগৰ বস্ত্ৰেৰে বিভূষিত হৈছে; উপত্যকাবোৰ শস্যৰে ঢকা হৈছে; সেইবোৰে জয়-ধ্বনি কৰে আৰু গীত গান কৰে।
Malisho yamevishwa mifugo; mabonde pia yamefunikwa na nafaka; yanapiga kelele za shangwe, nayo yanaimba.

< সামসঙ্গীত 65 >