< সামসঙ্গীত 62 >

1 মোৰ প্ৰাণে নিৰন্তৰে কেৱল ঈশ্বৰলৈহে অপেক্ষা কৰে; তেওঁৰ পৰাই মোৰ পৰিত্ৰাণ হয়। 2 কেৱল তেৱেঁই মোৰ শিলা আৰু মোৰ পৰিত্ৰাণ; তেওঁ মোৰ উচ্চ দুৰ্গ, মই অতিকৈ লৰচৰ নহম। 3 এজন মানুহক তোমালোকে কিমান দিনলৈকে মাৰিবৰ বাবে আক্ৰমণ কৰি থাকিবা? তেওঁ হালি থকা দেৱাল আৰু পৰোঁ পৰোঁ হোৱা বেৰৰ নিচিনা। 4 তেওঁলোকে কেৱল তেওঁৰ সন্মানীয় উচ্চ পদৰ পৰা পেলাবলৈহে কুমন্ত্ৰণা কৰিছে; তেওঁলোকে মিছা কথাত সন্তোষ পায়; মুখেৰে আশীৰ্ব্বাদ কৰে, কিন্তু অন্তৰেৰে তেওঁলোকে শাও দিয়ে। (চেলা) 5 হে মোৰ অন্তৰ, নিৰন্তৰে কেৱল ঈশ্বৰলৈহে অপেক্ষা কৰা; কিয়নো তেৱেঁই মোৰ আশা ৰোপণ কৰে। 6 কেৱল তেৱেঁই মোৰ শিলা আৰু মোৰ পৰিত্ৰাণ; তেওঁ মোৰ উচ্চ দুৰ্গ, মই লৰচৰ নহম। 7 ঈশ্বৰ মোৰ পৰিত্ৰাণ আৰু মোৰ গৌৰৱ; মোৰ শক্তি, মোৰ দৃঢ় শিলা আৰু আশ্ৰয় ঈশ্বৰতহে আছে। 8 হে লোকসকল, সকলো সময়তে বিশ্বাস কৰা; তোমালোকে সদায় তেওঁত নিৰ্ভৰ কৰা; তোমালোকৰ মনৰ সকলো অশান্তিৰ কথা তেওঁৰ আগত কোৱা; কাৰণ ঈশ্বৰেই আমাৰ আশ্ৰয় স্থল। (চেলা) 9 অৱশ্যে সামান্য লোকসকল অসাৰ আৰু মান্যৱন্ত লোকসকল মিছা; তেওঁলোক তৰ্জুত দাং খাব; ভাপতকৈয়ো তেওঁলোক একেবাৰে ওজনহীন। 10 ১০ তোমালোকে নির্দয় ব্যবহাৰ আৰু প্রবঞ্চনা কৰা সকলক বিশ্বাস নকৰিবা; বৃথা ধনী হ’বলৈ আশা নকৰিবা, ধন-সম্পত্তি বাঢ়িলে তালৈ মন নিদিবা। 11 ১১ ঈশ্বৰে এবাৰ ক’লে; মই ইয়াক দুবাৰ শুনিলোঁ, যে পৰাক্ৰম ঈশ্বৰৰহে। 12 ১২ হে প্ৰভু, প্ৰতিজ্ঞা আৰু বিশ্বস্ততা তোমাৰ অধীন; কিয়নো তুমি প্ৰত্যেক মানুহক তেওঁলোকৰ কৰ্মৰ অনুসাৰে প্ৰতিফল দিছা।

< সামসঙ্গীত 62 >