< সামসঙ্গীত 56 >

1 হে ঈশ্বৰ, মোক কৃপা কৰা; কিয়নো মানুহে মোক গ্ৰাস কৰিবলৈ বিচাৰিছে; সি ওৰে দিনটো যুদ্ধ কৰি মোক উপদ্ৰৱ কৰিছে।
Al Vencedor: sobre la paloma silenciosa en paraje muy distante. Mictam de David, cuando los filisteos le prendieron en Gat. Ten misericordia de mí, oh Dios, porque me devoraría el hombre; me oprime combatiéndome cada día.
2 মোৰ শত্ৰুবোৰে ওৰে দিনটো মোক গ্ৰাস কৰিবলৈ বিচাৰিছে; কিয়নো মোৰ বিৰুদ্ধে অহংকাৰ কৰি যুদ্ধ কৰা লোক অনেক।
Me devoran mis enemigos cada día; porque muchos son los que pelean contra mí, oh Altísimo.
3 যেতিয়াই মোৰ ভয় লাগে; তেতিয়াই মই তোমাত ভাৰসা কৰিম।
El día temo, mas yo en ti confío.
4 মই ঈশ্বৰত নিৰ্ভৰ কৰি তেওঁৰ বাক্যৰ প্ৰশংসা কৰিম; মই ঈশ্বৰত ভাৰসা কৰিলোঁ, ভয় নকৰোঁ; মাংসই মোক কি কৰিব পাৰে?
En Dios alabaré su palabra; en Dios he confiado, no temeré lo que la carne me hiciere.
5 সিহঁতে ওৰে দিনটো মোৰ বাক্য অৰ্থান্তৰ কৰে; সিহঁতৰ সকলো সঙ্কল্প মোৰ বিৰুদ্ধে অনিষ্টজনক।
Todos los días me contristan mis negocios; contra mí son todos sus pensamientos para mal.
6 সিহঁতে গোট খাই লুকাই থাকে; সিহঁতে মোৰ প্ৰাণলৈ অপেক্ষা কৰি থকাৰ দৰে, মোৰ ভৰিৰ খোজলৈ লক্ষ্য কৰে।
Se reúnen, se esconden, miran ellos atentamente mis pisadas, esperando mi alma.
7 অধৰ্মৰ দ্বাৰাই সিহঁতে ৰক্ষা পাব নে? হে ঈশ্বৰ, ক্ৰোধেৰে জাতিবোৰক নিপাত কৰা।
¿Escaparán ellos por la iniquidad? Oh Dios, derriba los pueblos con tu furor.
8 তুমি মোৰ ভ্ৰমণৰ লেখ লৈছা; তুমি মোৰ চকু-লো তোমাৰ কূপাত বন্ধ কৰি ৰাখা; সেইবোৰ তোমাৰ বহিত নাই নে?
Mis huidas has contado tú; pon mis lágrimas en tu odre, ciertamente en tu libro.
9 সেই দিনা, মই প্ৰাৰ্থনা কৰা কালত মোৰ শত্ৰুবোৰ বিমুখ হ’ব; ঈশ্বৰ যে মোৰ ফলীয়া, তাক মই জানিছোঁ।
Entonces serán vueltos atrás mis enemigos el día que yo clamare a ti; en esto conozco que Dios es por mí.
10 ১০ মই ঈশ্বৰত নিৰ্ভৰ কৰি তেওঁৰ বাক্যৰ প্ৰশংসা কৰিম; মই যিহোৱাত নিৰ্ভৰ কৰি তেওঁৰ বাক্যৰ প্ৰশংসা কৰিম।
En Dios alabaré su palabra; en el SEÑOR alabaré su palabra.
11 ১১ মই ঈশ্বৰত ভাৰসা কৰিলোঁ, ভয় নকৰোঁ; মানুহে মোক কি কৰিব পাৰে?
En Dios he confiado; no temeré lo que el hombre me pueda hacer.
12 ১২ হে ঈশ্বৰ, তোমাৰ উদ্দেশে সিদ্ধ কৰিবলগীয়া সঙ্কল্পবোৰ মোৰ গাত আছে; তোমাৰ উদ্দেশে মই ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰিম।
Sobre mí, oh Dios, están tus promesas; te tributaré alabanzas.
13 ১৩ কিয়নো তুমি মোৰ প্ৰাণ মৃত্যুৰ পৰা উদ্ধাৰ কৰিলা; জীৱিতবিলাকৰ দীপ্তিত ঈশ্বৰৰ সাক্ষাতে অহা-যোৱা কৰিবলৈ, তুমি জানো পতনৰ পৰা মোৰ ভৰি ৰক্ষা নকৰিলা?
Porque has librado mi vida de la muerte, ciertamente mis pies de caída, para que ande delante de Dios en la luz de los que viven.

< সামসঙ্গীত 56 >