< সামসঙ্গীত 55 >

1 হে ঈশ্বৰ, মোৰ প্ৰাৰ্থনা শুনা, মোৰ নিবেদনৰ সময়ত নিজকে লুকুৱাই নাৰাখিবা।
Услиши, Боже, молитву моју, и немој се сакрити од мољења мог.
2 মোলৈ মনোযোগ কৰা, মোক উত্তৰ দিয়া;
Пази, и саслушај ме; цвилим у јаду свом и уздишем
3 শত্ৰুৰ কথাৰ কাৰণে, দুষ্টৰ অত্যাচাৰৰ বাবে, তেওঁলোকে মোলৈ আকস্মিক দুর্দশা মাতি আনিছে, তেওঁলোকে ক্ৰোধেৰে মোক নির্যাতন চলাইছে।
Од вике непријатељске и од досаде безбожничке; јер дижу на ме зло, и у гневу гоне ме.
4 মোৰ হৃদয়ত অত্যন্ত যন্ত্ৰণা পাইছে, মৃত্যুৰ আশঙ্কাই মোক বেৰি ধৰিছে।
Срце је моје уздрхтало у мени, и страх смртни попаде ме;
5 ভয় আৰু কঁপনিয়ে মোক আক্ৰমণ কৰিছে; আতঙ্কিত হৈ ভয়াভিভূত হৈছোঁ।
Страх и трепет дође на ме, и гроза подузе ме.
6 মই কলোঁ, কপৌৰ দৰে মোৰ ডেউকা থকা হলে! তেতিয়া মই উড়ি গৈ বিশ্ৰাম ললোহেঁতেন,
И рекох: Ко би ми дао крила голубиња? Ја бих одлетео и починуо;
7 চোৱা, সেয়ে হোৱা হলে, মই দূৰলৈ উৰি গলোহেঁতেন; গৈ অৰণ্যত বাস কৰিলোহেঁতেন। (চেলা)
Далеко бих побегао, и настанио се у пустињи.
8 প্ৰচণ্ড বতাহ আৰু ধুমুহাৰ পৰা, শীঘ্ৰে মই আশ্ৰয় স্থানলৈ গলোহেঁতেন।
Похитао бих да утечем од вихора и од буре.
9 হে’ প্ৰভু, তেওঁলোকক ধ্বংস কৰা, তেওঁলোকৰ ভাষা বিশৃঙ্খল কৰা; মই হিংস্রতা, শত্রুতা নগৰৰ ভিতৰত দেখিছোঁ।
Порази, Господе, и раздели језике њихове, јер видим насиље и свађу у граду;
10 ১০ তেওঁলোকে দিনে-ৰাতিয়ে গড়ৰ ওপৰেদি নগৰ ভ্ৰমি ফুৰে; অপৰাধ আৰু দুষ্টতা তাৰ ভিতৰত আছে।
Дању и ноћу то ходи по зидовима његовим; злочинство је и мука посред њега.
11 ১১ ইয়াৰ ভিতৰত মন্দতা আছে; পথবোৰৰ পৰা উপদ্ৰৱ আৰু প্ৰতাৰণা নুগুচে।
Усред њега је погибао, с улице његове не одлази превара и лукавство.
12 ১২ কোনো শত্ৰুৱে যে মোক নিন্দা কৰিছে, এনে নহয়; কৰা হলে, মই তাক সহিলোহেঁতেন; মোক ঘিণাওঁতাই যে মোৰ বিৰুদ্ধে গৰ্ব্ব কৰিছে, এনে নহয়; কৰা হলে, মই তাৰ পৰা নিজকে লুকুৱালোহেঁতেন।
Јер не ружи ме непријатељ мој, то бих поднео; не устаје на ме јавни ненавидник, од њега бих се сакрио.
13 ১৩ কিন্তু যি তুমি, এজন আমাৰ দৰেই মানুহ; মোৰ সঙ্গী মোৰ প্ৰণয়ৰ বন্ধু, তুমিয়েই তাক কৰিছা।
Него ти који си ми био то што ја сам, друг мој и знанац мој.
14 ১৪ আমি একে-লগে মধুৰ সহযোগিতা কৰিছিলোঁ; লোক সকলৰ সৈতে আমি ঈশ্বৰৰ গৃহলৈ গৈছিলোঁ।
С којим ми беше радост делити тајну, и у дом Божији ходих кроз сабор народни.
15 ১৫ মৃত্যুৱে তেওঁলোকক অকস্মাৎ আক্ৰমণ কৰক, জীয়াই জীয়াই চিয়োললৈ নামি যাওঁক; কিয়নো তেওঁলোকৰ বাসস্থান আৰু মনত দুষ্টতা আছে। (Sheol h7585)
Нека их уграби смрт, нека живи сиђу у пакао, јер је злочинство у стану њиховом и у њима. (Sheol h7585)
16 ১৬ মই হলে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰিম; তাতে যিহোৱাই মোক উদ্ধাৰ কৰিব।
Ја Бога призивам, и Господ ће ме спасти.
17 ১৭ গধূলি, ৰাতিপুৱা আৰু দুপৰীয়া সময়তো মই অভিযোগ কৰি ক্রন্দন কৰিম; তাতে তেওঁ মোৰ মাত শুনিব।
Вечером и јутром и у подне тужим и уздишем, и чуће глас мој;
18 ১৮ কিয়নো মোৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ অনেক আছিল; মোৰ বিৰুদ্ধে হোৱা যুদ্ধৰ পৰা তেওঁ মোৰ প্ৰাণ নিৰাপদে ৰাখিলে।
Учиниће, те ће душа моја бити мирна од оних који нападају на ме, јер их много имам.
19 ১৯ ঈশ্বৰ, যি জন অৱশেষ অনাদি কালৰে পৰা আছে; তেওঁ শুনিব আৰু তেওঁলোকক উত্তৰ দিব। (চেলা) যি মানুহৰ পৰিবৰ্ত্তন নাই; তেওঁলোকে ঈশ্বৰক ভয় নকৰে।
Да услиши, и укроти их Бог, који живи од века; јер се не мењају и не боје се Бога.
20 ২০ মোৰ বন্ধুৱে নিজৰে সৈতে শান্তিৰে থকাসকলৰ বিৰুদ্ধে হাত উঠালে; তেওঁ নিজে কৰা নিয়মটি উলঙ্ঘন কৰিলে।
Дижу руке своје на оне који су с њима у миру, и раскидају своју дружбу.
21 ২১ তেওঁৰ মুখ মাখনৰ নিচিনা কোমল, কিন্তু তেওঁৰ অন্তৰ বিদ্রোহী; তেওঁৰ কথাবোৰ তেলৰ দৰে তেলেতীয়া, সেইবোৰ খাপৰ পৰা ওলোৱা তৰোৱালৰ নিচিনা।
Уста су им мека као масло, а на срцу им је рат. Речи су им блаже од уља, али су голи мачеви.
22 ২২ যিহোৱাত তোমাৰ সকলো চিন্তাৰ ভাৰ সমৰ্পণ কৰা, তেওঁ তোমাক প্ৰতিপালন কৰিব; তেওঁ ধাৰ্মিক লোকক কেতিয়াও পৰিবলৈ নিদিয়ে।
Стави на Господа бреме своје, и Он ће те поткрепити. Неће дати довека праведнику да посрне.
23 ২৩ কিন্তু, হে ঈশ্বৰ, তুমিয়েই তেওঁলোকক বিনাশৰ গাতলৈ নমাই আনিবা; ৰক্তপাত কৰা আৰু ছলনাকাৰী মানুহবোৰে আধা বয়সো নাপাব; কিন্তু মই হ’লে, তোমাৰ ওপৰত ভাৰসা কৰিম।
Ти ћеш их, Боже, свалити у јаму погибли; крвопије и лукави неће саставити половине дана својих. А ја се у Тебе уздам.

< সামসঙ্গীত 55 >