< সামসঙ্গীত 47 >

1 হে সমুদায় জাতি, তোমালোকে হাত তালি দিয়া; আনন্দেৰে ঈশ্বৰৰ উদ্দেশ্যে জয়ধ্বনি কৰা।
To the chief Musician, A Psalm for the sons of Korah. O clap your hands, all ye people; shout to God with the voice of triumph.
2 সৰ্ব্বোপৰি যিহোৱা বিস্ময়জনক; সমগ্র পৃথিবীৰ ওপৰত তেৱেঁই মহান ৰজা।
For the LORD most high is terrible; he is a great King over all the earth.
3 তেওঁ লোক সমূহক আমাৰ অধীন কৰিলে, জাতিবোৰক আমাৰ ভৰিৰ তল কৰিলে।
He shall subdue the people under us, and the nations under our feet.
4 তেৱেঁই আমাৰ আধিপত্য মনোনীত কৰিলে; সেই অধিপত্য তেওঁৰ প্ৰেমৰ পাত্র যাকোবৰ গৌৰৱৰ বিষয়। (চেলা)
He shall choose our inheritance for us, the excellency of Jacob whom he loved. (Selah)
5 ঈশ্বৰে জয়-ধ্বনিৰ মাজেৰে উৰ্দ্ধগমন কৰিলে; যিহোৱাই শিঙা-ধ্বনিৰ মাজেৰে উৰ্দ্ধগমন কৰিলে।
God is gone up with a shout, the LORD with the sound of a trumpet.
6 তোমালোকে ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা, প্ৰশংসাৰ গান কৰা; তোমালোকে আমাৰ ৰজাৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা, প্রশংসাৰ গান কৰা।
Sing praises to God, sing praises: sing praises to our King, sing praises.
7 কিয়নো ঈশ্বৰ গোটই পৃথিবীৰ ৰজা; তোমালোকে তেওঁৰ উদ্দেশ্যে এক বিশেষ উপলব্ধিৰে প্ৰশংসাৰ গান কৰা।
For God is the King of all the earth: sing ye praises with understanding.
8 সকলো জাতিবোৰৰ ওপৰত ঈশ্বৰে ৰাজত্ব কৰে; তেওঁৰ পবিত্ৰ সিংহাসনত তেওঁ বহি থাকে।
God reigneth over the heathen: God sitteth upon the throne of his holiness.
9 জাতি সমূহৰ ৰাজপুত্রসকল গোট খাইছে; অব্ৰাহামৰ ঈশ্বৰৰ লোকৰ দৰেই গোট খাইছে; কিয়নো পৃথিবীৰ ঢালবোৰ ঈশ্বৰৰ; তেৱেঁই সবাতোকৈ মহান।
The princes of the people are gathered together, even the people of the God of Abraham: for the shields of the earth belong to God: he is greatly exalted.

< সামসঙ্গীত 47 >