< সামসঙ্গীত 36 >

1 পাপে দুষ্টলোকৰ হৃদয়ৰ গভীৰতাত থাকি কথা কয়; দুষ্টলোকৰ চকুৰ আগত ঈশ্বৰৰ প্রতি ভয় নাই।
上主的僕人達味作,交與樂官。 惡人從心裏就喜愛不義,他毫無敬愛天主的誠意。
2 তেওঁলোকে নিজৰ দৃষ্টিত নিজকে প্রশংসা কৰি কয় যে, তেওঁলোকৰ পাপ ঈশ্বৰে নধৰিব আৰু ঘৃণাৰ চকুৰেও নাচাব।
他只是在自己的心裏自慰:無人發現他的罪,無人懲治。
3 তেওঁলোকৰ মুখৰ কথা দুষ্ট আৰু ছলনাপূর্ণ; তেওঁলোকে সুবিবেচনা আৰু সদাচৰণ এৰিলে।
他滿口盡是虛偽與詐欺,早已把智慧與善行拋棄。
4 তেওঁলোকে নিজৰ শয্যাত দুষ্টতাৰ পৰিকল্পনা কৰে; অন্যায় পথত চলিবলৈ স্থিৰ কৰে আৰু দুষ্ট কার্যক ঘিণ নকৰে।
他在床上籌畫作惡,立於邪道,不怕罪過。
5 হে যিহোৱা, তোমাৰ দয়া আকাশমণ্ডল পর্যন্ত, আৰু তোমাৰ বিশ্বস্ততা মেঘলৈকে।
上主,你的慈愛高達青天,你的忠義上徹雲間。
6 তোমাৰ ধাৰ্মিকতা পৰাক্রমী পৰ্ব্বতসমূহৰ নিচিনা; তোমাৰ শাসন প্ৰণালীবোৰ যেন গভীৰ মহাসাগৰৰ নিচিনা। হে যিহোৱা, তুমি মনুষ্য আৰু পশু সকলোকে ৰক্ষা কৰোঁতা।
你的正義有如摩天的高山,你的公平有如無底的深淵;上主使人畜生命安全。
7 হে ঈশ্বৰ, তোমাৰ গভীৰ প্রেম কেনে বহুমূল্য! সকলো মনুষ্যই যেন তোমাৰ ডেউকাৰ ছাঁয়াত আশ্রয় লয়।
天主,你的慈愛多麼可貴可珍,人子們都向你的護翼下投奔。
8 তেওঁলোকে যেন তোমাৰ গৃহৰ প্রচুৰ আহাৰ খাই তৃপ্ত হয়; তুমি তোমাৰ আনন্দ-নদীৰ পানী তেওঁলোকক পিবলৈ দিয়া।
他們不但飽嘗你宮殿中的盛筵,你還賜他們暢飲你人怡人的溪川。
9 কিয়নো তোমাৰ লগত জীৱনৰ ভুমুক আছে; তোমাৰ দীপ্তিতে আমি পোহৰ দেখো।
因為在你那裏有生命的泉源,藉的光明才能把光明看見。
10 ১০ যি সকলে তোমাক জানে, তেওঁলোকৰ প্রতি যেন তোমাৰ প্রেম সদায় থাকে, যি সকলৰ হৃদয় সৎ তেওঁলোকে যেন তোমাৰ পৰিত্রাণ পায়।
求你為恭你的人保留恩寵,並為心地正直的人保持公平。
11 ১১ মোক অহঙ্কাৰীবোৰৰ ভৰিৰ তলত নেপেলাবা; দুষ্ট সকলৰ হাতে যেন মোক দূৰলৈ খেদি পঠাব নোৱাৰে।
求你不要高傲人的腳踐踏我,求你不要讓罪惡人的手騷擾我。
12 ১২ যি সকলে দুষ্ট কার্য কৰি ফুৰে, চোৱা তেওঁলোক পতিত হ’ল; উঠিব নোৱাৰাকৈ তেওঁলোকক পেলোৱা হ’ল।
請看! 作惡的人己經一敗塗地,他們既已傾倒,無法重新興起。

< সামসঙ্গীত 36 >