< সামসঙ্গীত 33 >

1 হে ধাৰ্মিক লোকসকল, যিহোৱাত আনন্দ-ধ্ৱনি কৰা, তেওঁৰ প্রশংসা কৰা সাধু লোকৰেই কাম।
Be glad in the Lord, O doers of righteousness; for praise is beautiful for the upright.
2 বীণাৰে সৈতে যিহোৱাৰ ধন্যবাদ কৰা, দহগুণীয়া নেবল যন্ত্ৰৰে তেওঁৰ প্ৰশংসা কৰা।
Give praise to the Lord on the corded instrument; make melody to him with instruments of music.
3 তেওঁৰ উদ্দেশ্যে এটি নতুন গীত গোৱা; দক্ষতাৰে বাদ্য-যন্ত্র বজাই জয়-ধ্বনি কৰা।
Make a new song to him; playing expertly with a loud noise.
4 যিহোৱাৰ বাক্য সত্য; তেওঁৰ সকলো কাৰ্যত তেওঁ বিশ্বাসযোগ্য।
For the word of the Lord is upright, and all his works are certain.
5 তেওঁ ধাৰ্মিকতা আৰু ন্যায়বিচাৰ ভাল পায়; সমগ্র পৃথিৱী যিহোৱাৰ দয়াৰে পৰিপূৰ্ণ।
His delight is in righteousness and wisdom; the earth is full of the mercy of the Lord.
6 যিহোৱাৰ বাক্যৰ দ্বাৰাই আকাশ-মণ্ডল নির্মাণ কৰা হ’ল, তাত থকা সকলো বাহিনী তেওঁৰ মুখৰ প্ৰশ্বাসেৰে নির্মিত হ’ল।
By the word of the Lord were the heavens made; and all the army of heaven by the breath of his mouth.
7 তেওঁ সমুদ্ৰৰ জল সমূহক বটলত গোটাই ৰখাৰ দৰেই জমা কৰিলে; মহাসাগৰৰ গভীৰ জলৰাশিক ভঁৰালবোৰত ৰাখিলে।
He makes the waters of the sea come together in a mass; he keeps the deep seas in store-houses.
8 গোটেই পৃথিবীয়ে যিহোৱালৈ ভয় ৰাখক; জগতৰ সকলোৱে তেওঁৰ আগত সমীহ কৰি থিয় হওক।
Let the earth be full of the fear of the Lord; let all the people of the world be in holy fear of him.
9 কিয়নো তেওঁ ক’লে আৰু সকলোবোৰ সৃষ্টি হ’ল, তেওঁ আজ্ঞা দিলে আৰু সকলো প্রতিস্থিত হ’ল।
For he gave the word, and it was done; by his order it was fixed for ever.
10 ১০ যিহোৱাই জাতিবোৰৰ পৰিকল্পনা নিস্ফল কৰে, তেওঁ লোক সমূহৰ সঙ্কল্পবোৰ ব্যৰ্থ কৰে।
The Lord undoes the designs of the nations; he makes the thoughts of the peoples without effect.
11 ১১ যিহোৱাৰ পৰিকল্পনা চিৰকাললৈকে থিৰে থাকে; তেওঁৰ মনৰ সঙ্কল্প পুৰুষানুক্ৰমে স্থায়ী।
The Lord's purpose is eternal, the designs of his heart go on through all the generations of man.
12 ১২ ধন্য সেই জাতি, যি জাতিৰ ঈশ্বৰ যিহোৱা; সেই লোকসকলক তেওঁ নিজৰ আধিপত্যৰ অর্থে মনোনীত কৰিলে।
Happy is the nation whose God is the Lord; and the people whom he has taken for his heritage.
13 ১৩ যিহোৱাই স্বৰ্গৰ পৰা তললৈ দৃষ্টিপাত কৰে; তেওঁ সকলো মনুষ্য সন্তানক নিৰীক্ষণ কৰে।
The Lord is looking down from heaven; he sees all the sons of men;
14 ১৪ পৃথিৱী নিবাসী সকলো লোকৰ ওপৰত তেওঁ নিজৰ বাসস্থানৰ পৰা দৃষ্টি ৰাখে।
From his house he keeps watch on all who are living on the earth;
15 ১৫ তেৱেঁই তেওঁলোক সকলোৰে হৃদয়ৰ নিৰ্ম্মাণকৰ্ত্তা; তেওঁলোকৰ সকলো কাৰ্যই তেওঁ নিৰীক্ষণ কৰে।
He makes all their hearts; their works are clear to him.
16 ১৬ বৃহৎ সৈন্যদল থাকিলেও ৰজাই তাৰ দ্বাৰা ৰক্ষা নাপায়; মহাশক্তিৰ দ্বাৰাও কোনো যোদ্ধা ৰক্ষা নাপায়।
A king's salvation is not in the power of his army; a strong man does not get free by his great strength.
17 ১৭ জয়ৰ অৰ্থে ঘোঁৰাৰ ওপৰত নির্ভৰ কৰা এক মিছা আশা; মহা-শক্তি থাকিলেও ঘোঁৰাই তাৰ বলেৰে ৰক্ষা কৰিব নোৱাৰে।
A horse is a false hope; his great power will not make any man free from danger.
18 ১৮ যিসকলে যিহোৱালৈ ভয় ৰাখে, যিসকলে তেওঁৰ অসীম দয়াৰ ওপৰত আশা ৰাখে, যিহোৱাৰ দৃষ্টি তেওঁলোকৰ ওপৰত থাকে,
See, the eye of the Lord is on those in whose hearts is the fear of him, on those whose hope is in his mercy;
19 ১৯ যাতে মৃত্যুৰ পৰা তেওঁলোকৰ প্রাণ ৰক্ষা কৰিব পাৰে; আকালৰ সময়ত তেওঁলোকক জীয়াই ৰাখিব পাৰে;
To keep their souls from death; and to keep them living in time of need.
20 ২০ আমাৰ প্ৰাণে যিহোৱালৈ অপেক্ষা কৰে; তেঁৱেই আমাৰ সহায় আৰু আমাৰ ঢাল।
Our souls are waiting for the Lord; he is our help and our salvation.
21 ২১ আমাৰ হৃদয়ে তেওঁতেই আনন্দ কৰে; কাৰণ আমি তেওঁৰ পবিত্ৰ নামত ভাৰসা কৰিছোঁ।
For in him our hearts have joy; in his holy name is our hope.
22 ২২ হে যিহোৱা, আমাৰ ওপৰত তোমাৰ অসীম প্রেম থাকক, কিয়নো তুমিয়েই আমাৰ আশাভূমি হৈছা।
Let your mercy be on us, O Lord, as we are waiting for you.

< সামসঙ্গীত 33 >