< সামসঙ্গীত 22 >

1 হে মোৰ ঈশ্বৰ, হে মোৰ ঈশ্বৰ, তুমি কিয় মোক ত্যাগ কৰিলা? মোক সহায় কৰাৰ পৰা, মোৰ কেঁকনি শুনাৰ পৰা কিয় তুমি আঁতৰত থাকা?
My God, my God, why have thou forsaken me, far from helping me, and the words of my groaning?
2 হে মোৰ ঈশ্বৰ মই দিনত তোমাৰ আগত প্ৰাৰ্থনা কৰোঁ, কিন্তু তুমি উত্তৰ নিদিয়া, ৰাতিও প্ৰাৰ্থনা কৰোঁ; মই চুপ হৈ নাথাকো!
O my God, I cry in the daytime, but thou answer not, and in the night season, and I am not silent.
3 কিন্তু তুমি হলে পবিত্ৰ, ইস্ৰায়েলৰ প্ৰশংসাৰ সিংহাসনত তুমি বহি আছা।
But thou are holy, O thou who inhabit the praises of Israel.
4 তোমাৰ ওপৰতে আমাৰ পূর্বপুৰুষসকলে ভাৰসা কৰিছিল; তেওঁলোকে ভাৰসা কৰিলে আৰু তুমি তেওঁলোকক উদ্ধাৰ কৰিলা।
Our fathers trusted in thee. They trusted, and thou delivered them.
5 তেওঁলোকে তোমাৰ আগত কাতৰোক্তি কৰিলে আৰু উদ্ধাৰ পালে; তোমাৰ ওপৰত ভাৰসা কৰি তেওঁলোক লাজত নপৰিল।
They cried to thee, and were delivered. They trusted in thee, and were not put to shame.
6 কিন্তু মই কেৱল এটা পোক মাথোন, মানুহ নহওঁ; মানুহে মোক নিন্দা কৰে, লোক সকলে মোক তুচ্ছ জ্ঞান কৰে।
But I am a worm, and no man, a reproach of men, and despised by the people.
7 যিসকলে মোক দেখে, তেওঁলোক সকলোৱেই মোক হাঁহে; তেওঁলোকে মোক মুখ ভেঙুচায় আৰু মূৰ জোকাৰি কয়,
All those who see me laugh me to scorn. They shoot out the lip. They shake the head, saying,
8 “তেওঁতো যিহোৱাৰ ওপৰত ভাৰসা কৰে, তেন্তে তেৱেঁ তেওঁক উদ্ধাৰ কৰক; যিহোৱায়েই তেওঁক উদ্ধাৰ কৰক, কাৰণ তেওঁ তেওঁৰ ওপৰত সন্তুষ্ট!”
He trusted on Jehovah. Let him deliver him. Let him rescue him, since he delights in him.
9 কিন্তু যি জনাই মোক মাতৃ গৰ্ভৰ পৰা উলিয়াই আনিলে, সেই জনা তুমিয়েই; মই যেতিয়া মোৰ মাতৃৰ পিয়াহ খাইছিলো, তুমিয়েই মোক সুৰক্ষিত ৰাখি তোমাৰ ওপৰত নির্ভৰশীল কৰিলা।
But thou are he who took me out of the womb. Thou made me trust upon my mother's breasts.
10 ১০ জন্মৰ পিছৰে পৰা মোক তোমাৰ হাতত দিয়া হ’ল; মোৰ মাতৃৰ গৰ্ভৰে পৰাই তুমি মোৰ ঈশ্বৰ থ’লো।
I was cast upon thee from the womb. Thou are my God since my mother bore me.
11 ১১ তুমি মোৰ ওচৰৰ পৰা দূৰৈত নাথাকিবা; কিয়নো মোৰ আপদ ওচৰ চাপি আহিছে; মোৰ সহায়কাৰী কোনো নাই।
Be not far from me, for trouble is near, for there is none to help.
12 ১২ মোৰ চাৰিওফালে যেন অনেক ভতৰাই বেৰি ধৰিছে; বাচানৰ শক্তিশালী ভতৰাবোৰে যেন মোক আগুৰি ৰাখিছে।
Many bulls have encompassed me. Strong bulls of Bashan have beset me around.
13 ১৩ ক্ষুধার্ত সিংহই যেনেকৈ গৰ্জ্জন কৰে, তেনেকৈ তেওঁলোকে মোলৈ মুখ মেলিছে।
They gape upon me with their mouth, as a ravening and a roaring lion.
14 ১৪ মোক পানীৰ দৰে ঢালি পেলোৱা হ’ল, মোৰ গোটেই হাড়ৰ জোৰা লৰিল; মোৰ অন্তৰ মমৰ নিচিনা হৈ মোৰ বুকুতে গলি গলি গৈছে;
I am poured out like water, and all my bones are out of joint. My heart is like wax; it is melted within me.
15 ১৫ মাটিৰ পাত্রৰ শুকান টুকুৰা এটাৰ দৰে মোৰ শক্তি শুকাই আহিছে; মোৰ জিভা তালুত লাগি ধৰিছে; তুমি মোক মৃত্যুৰ ধুলিত শুৱাই ৰাখিছা।
My strength is dried up like a potsherd, and my tongue clings to my jaws, and thou have brought me into the dust of death.
16 ১৬ কিয়নো কুকুৰবোৰ মোৰ চাৰিওফালে আছে, দুষ্ট কার্য কৰা লোক সকলে মোক বেৰি আছে; মোৰ হাত-ভৰিবোৰ কোঁচ খাই গৈছে।
For dogs have encompassed me. A company of evildoers have enclosed me. They pierced my hands and my feet.
17 ১৭ মোৰ আটাইবোৰ হাড় মই লেখিব পাৰোঁ; সেই লোকসকলে মোলৈ একেথৰে চাইছে; উল্লাসৰ দৃষ্টিৰে চাইছে।
I may count all my bones. They look and stare upon me.
18 ১৮ নিজৰ মাজত তেওঁলোকে মোৰ কাপোৰ-কানি ভাগ বাঁটি লৈছে; মোৰ বস্ত্ৰৰ অৰ্থে চিঠি খেলাইছে।
They part my garments among them, and upon my vesture do they cast a lot.
19 ১৯ কিন্তু তুমি হ’লে, হে যিহোৱা, দূৰৈত নাথাকিবা! হে মোৰ শক্তি, মোক সহায় কৰিবলৈ শীঘ্ৰে আহাঁ।
But be thou not far off, O Jehovah. O thou my succor, hasten thee to help me.
20 ২০ তৰোৱালৰ পৰা মোৰ প্ৰাণ ৰক্ষা কৰা; সেই কুকুৰবোৰৰ হাতৰ পৰা মোৰ একেটি মাথোন বহুমূল্য জীৱনক তুমি উদ্ধাৰ কৰা!
Deliver my soul from the sword, the only one of me from the power of the dog.
21 ২১ সেই সিংহৰ মুখৰ পৰা তুমি মোক পৰিত্ৰাণ কৰা! তুমি মোক সেই সকলো বনৰীয়া ষাঁড়ৰ শিঙৰ পৰা ৰক্ষা কৰিলা।
Save me from the lion's mouth, yea, from the horns of the wild-oxen. Thou have answered me.
22 ২২ ভাইসকলৰ আগত মই তোমাৰ নাম প্ৰচাৰ কৰিম; সমাজৰ মাজত তোমাৰ গুণানুকীর্তন কৰিম।
I will declare thy name to my brothers. In the midst of the congregation I will praise thee.
23 ২৩ তোমালোক যিসকলে যিহোৱাক ভয় কৰা, তেওঁৰ প্ৰশংসা কৰা, হে যাকোবৰ সমুদায় বংশধৰ, তোমালোকে তেওঁৰ গৌৰৱ-প্রশংসা কৰা; ইস্ৰায়েলৰ সমুদায় বংশধৰ, তোমালোকে ভয়েৰে সৈতে তেওঁৰ আগত থিয় হোৱা।
Ye who fear Jehovah, praise him. All ye the seed of Jacob, glorify him, and stand in awe of him, all ye the seed of Israel.
24 ২৪ তেওঁ দুখীৰ দুখ দেখি হেয়জ্ঞান নকৰিলে, ঘৃণাৰ চকুৰে নাচালে; যিহোৱাই তেওঁৰ ওচৰৰ পৰা নিজৰ মুখ নাঢাকিলে, বৰং কাতৰোক্তিৰ সময়ত তেওঁ তাক শুনিলে।
For he has not despised nor abhorred the affliction of the afflicted, neither has he hid his face from him, but when he cried to him, he heard.
25 ২৫ মহা সমাজৰ মাজত মোৰ যি প্ৰশংসা, সেয়া তোমাৰ পৰাই আহে; তোমালৈ ভয় ৰাখোঁতাসকলৰ সন্মুখতে মই মোৰ সঙ্কল্প পূৰণ কৰিম।
From thee comes my praise in the great assembly. I will pay my vows before those who fear him.
26 ২৬ দুখী লোকসকলে খাই তৃপ্ত হব; যি সকলে যিহোৱাক বিচাৰে তেওঁলোকে তেওঁৰ গুণ কীৰ্ত্তন কৰিব। তেওঁলোকৰ হৃদয়বোৰ চিৰকাল জীৱিত হৈ থাকক!
The meek shall eat and be satisfied. They shall praise Jehovah who seek after him. Let your heart live forever.
27 ২৭ পৃথিবীৰ শেষ সীমাত থকা লোকসকলেও যিহোৱাক সোঁৱৰণ কৰি উলটি আহিব; আন জাতিবোৰৰ সকলো ফৈদে তেওঁক প্ৰণিপাত কৰিব।
All the ends of the earth shall remember and turn to Jehovah, and all the kinfolk of the nations shall worship before thee.
28 ২৮ কিয়নো ৰাজ্য যিহোৱাৰেই, সকলো জাতিৰ ওপৰত তেৱেঁই শাসন কৰে।
For the kingdom is Jehovah's, and he is the ruler over the nations.
29 ২৯ পৃথিবীৰ অহংকাৰী লোকসকলেও তেতিয়া তেওঁৰ সন্মুখত ভোজন কৰি প্ৰণিপাত কৰিব; নিজৰ প্রাণ ৰক্ষা কৰাৰ ক্ষমতা নথকা, তেনে ধুলিলৈ নামি যাবলগীয়া লোকসকলেও তেওঁক প্রণিপাত কৰিব। মই তেওঁলোকৰ কাৰণে জীয়াই থাকিম।
All the fat ones of the earth shall eat and worship. All those who go down to the dust shall bow before him, even he who cannot keep his soul alive.
30 ৩০ ভৱিষ্যত বংশধৰসকলে তেওঁৰ সেৱা কৰিব; ভাবীবংশৰ লোকসকলৰ ওচৰত যিহোৱাৰ বিষয়ে কোৱা হ’ব।
A seed shall serve him. It shall be told of the Lord to the next generation.
31 ৩১ যিসকলৰ এতিয়াও জন্ম হোৱা নাই, তেওঁলোকৰ ওচৰতো যিহোৱাৰ উদ্ধাৰ কার্যৰ কথা ঘোষণা কৰা হ’ব; ক’ব যে তেৱেঁই এই কার্য কৰিলে।
They shall come and shall declare his righteousness to a people that shall be born, that he has done it.

< সামসঙ্গীত 22 >