< সামসঙ্গীত 21 >

1 হে যিহোৱা, তোমাৰ শক্তিত ৰজাই আনন্দ কৰে! তুমি তেওঁক উদ্ধাৰ কৰিলে, তেওঁ কেনে আনন্দিত হয়!
למנצח מזמור לדוד יהוה בעזך ישמח מלך ובישועתך מה יגיל מאד׃
2 তুমি তেওঁৰ মনৰ বাঞ্ছা পূৰ কৰিলা, তুমি তেওঁৰ ওঁঠৰ নিবেদন অগ্রাহ্য নকৰিলা। (চেলা)
תאות לבו נתתה לו וארשת שפתיו בל מנעת סלה׃
3 তুমি তেওঁলৈ মঙ্গলৰ নানা আশীৰ্ব্বাদ আনিলা, তুমি তেওঁৰ মূৰত নিভাঁজ সোণৰ কিৰীটি দিলা।
כי תקדמנו ברכות טוב תשית לראשו עטרת פז׃
4 তেওঁ তোমাৰ পৰা দীর্ঘায়ু জীৱন বিচাৰিলে; তাতে তুমি তেওঁক তাক দিলা; তুমি তেওঁক অনেক আয়ুস দিলা।
חיים שאל ממך נתתה לו ארך ימים עולם ועד׃
5 তোমাৰ সাহায্যত তেওঁৰ গৰিমা মহান হয়; তুমি তেওঁৰ ওপৰত মৰ্য্যাদা আৰু প্ৰতাপ ৰাখিছা;
גדול כבודו בישועתך הוד והדר תשוה עליו׃
6 তুমি তেওঁক চিৰস্থায়ী আশীৰ্ব্বাদ দান কৰিছা; তোমাৰ উপস্থিতিৰ আনন্দেৰে তুমি তেওঁক আনন্দ দান কৰিছা।
כי תשיתהו ברכות לעד תחדהו בשמחה את פניך׃
7 কিয়নো ৰজাই যিহোৱাৰ ওপৰতে ভাৰসা কৰে; সৰ্ব্বোপৰি জনাৰ দয়াই তেওঁক লৰচৰ নকৰিব।
כי המלך בטח ביהוה ובחסד עליון בל ימוט׃
8 তোমাৰ হাতেই তোমাৰ সকলো শত্রুবোৰক বিচাৰি পাব; তোমাৰ সোঁ হাতে তোমাক ঘিণ কৰাসকলক বিচাৰি পাব।
תמצא ידך לכל איביך ימינך תמצא שנאיך׃
9 তোমাৰ প্রকাশৰ কালত তুমি তেওঁলোকক এক অগ্নিময় জুইশালৰ নিচিনা কৰিবা; যিহোৱাই নিজৰ ক্রোধত তেওঁলোকক গ্ৰাস কৰিব; অগ্নিয়ে তেওঁলোকক দহন কৰিব।
תשיתמו כתנור אש לעת פניך יהוה באפו יבלעם ותאכלם אש׃
10 ১০ পৃথিবীৰ বুকুৰ পৰা তেওঁলোকৰ বংশধৰসকলক তুমি ধ্বংস কৰি পেলাবা; মনুষ্যৰ মাজৰ পৰা তেওঁলোকৰ সন্তান সকলক উচ্ছন্ন কৰিবা।
פרימו מארץ תאבד וזרעם מבני אדם׃
11 ১১ যদি তেওঁলোকে তোমাৰ বিৰুদ্ধে দুষ্ট মন্ত্রণা কৰে, যদি অপকর্মৰ পৰিকল্পনা কৰে, তেওঁলোক সফল হ’ব নোৱাৰিব।
כי נטו עליך רעה חשבו מזמה בל יוכלו׃
12 ১২ কিয়নো তুমি তেওঁলোকৰ মুখৰ ফালে লক্ষ্য কৰি যেতিয়া তোমাৰ ধনুত কাঁড় জুৰিবা, তেতিয়া তুমি তেওঁলোকক পলাই যাবলৈ বাধ্য কৰিবা।
כי תשיתמו שכם במיתריך תכונן על פניהם׃
13 ১৩ হে যিহোৱা, তুমি নিজ পৰাক্ৰমেৰে উঠা! আমি তোমাৰ পৰাক্রমৰ গীত গাম আৰু প্ৰশংসাৰ গান কৰিম।
רומה יהוה בעזך נשירה ונזמרה גבורתך׃

< সামসঙ্গীত 21 >