< সামসঙ্গীত 18 >

1 হে যিহোৱা, তুমিয়েই মোৰ বল; মই তোমাক অতি প্ৰীতি কৰোঁ।
ヱホバわれの力よ われ切になんぢを愛しむ
2 যিহোৱাই মোৰ শিলা, মোৰ আশ্রয়ৰ কোঁঠ আৰু মোৰ উদ্ধাৰকর্তা; তেওঁ মোৰ ঈশ্বৰ, মোৰ দুৰ্গ, মই তেওঁতে আশ্ৰয় লৈছোঁ; তেওঁ মোৰ ঢাল, মোৰ ত্ৰাণৰ শিং, মোৰ উচ্চ আশ্রয়স্থান।
ヱホバはわが巌 わが城 われをすくふ者 わがよりたのむ神 わが堅固なるいはほ わが盾 わがすくひの角 わがたかき櫓なり
3 যিহোৱা প্রশংসাৰ যোগ্য; মই তেওঁৰ আগত প্ৰাৰ্থনা কৰোঁ; তাতে মোৰ শত্রুবোৰৰ হাতৰ পৰা মই উদ্ধাৰ পাওঁ।
われ讃稱ふべきヱホバをよびて仇人よりすくはるることをえん
4 মৃত্যু-জৰীত মই বান্ধ খাই পৰিছিলোঁ, পৰকালৰ ধ্বংসৰ স্রোতত মই জর্জৰিত হৈছিলো।
死のつな我をめぐり惡のみなぎる流われをおそれしめたり
5 চিয়োলৰ জৰীয়ে মোক মেৰাই ধৰিছিল, মোৰ বাবে মৃত্যুৰ ফান্দ পতা হৈছিল। (Sheol h7585)
陰間のなは我をかこみ死のわな我にたちむかへり (Sheol h7585)
6 সঙ্কটৰ কালত মই যিহোৱাক মাতিলো, সহায় বিচাৰি মোৰ ঈশ্বৰৰ ওচৰত কাতৰোক্তি জনালোঁঁ; তেওঁ নিজ মন্দিৰৰ পৰা মোৰ মাত শুনিলে, মোৰ কাতৰোক্তি তেওঁৰ ওচৰলৈ গ’ল আৰু তেওঁৰ কাণত পৰিল।
われ窮苦のうちにありてヱホバをよび又わが神にさけびたり ヱホバはその宮よりわが聲をききたまふ その前にてわがよびし聲はその耳にいれり
7 তেতিয়া পৃথিৱী কঁপি উঠিল, জোকাৰ খাবলৈ ধৰিলে; পর্বতৰ ভিত্তিমূলবোৰ জোকাৰণিত কঁপি উঠিল; কিয়নো তেওঁৰ ক্ৰোধত সেইবোৰ কঁপি উঠিল।
このときヱホバ怒りたまひたれば地はふるひうごき山の基はゆるぎうごきたり
8 তেওঁৰ নাকৰ পৰা ধোঁৱা ওলাই ওপৰলৈ উঠিল, তেওঁৰ মুখৰ পৰা গ্ৰাসকাৰী জুই ওলাই আহিল; তেওঁৰ মুখৰ জুইৰ পৰা আঙঠা ওলাই জ্বলি থাকিল।
烟その鼻よりたち火その口よりいでてやきつくし炭はこれがために燃あがれり
9 তেতিয়া তেওঁ আকাশমণ্ডল মুকলি কৰি তললৈ নামি আহিল; তেওঁৰ ভৰিৰ তলত আছিল ঘন ক’লা মেঘ।
ヱホバは天をたれて臨りたまふ その足の下はくらきこと甚だし
10 ১০ তেওঁ কৰূবত উঠি উড়ি আহিল, বায়ুৰূপ ডেউকাত উঠি শীঘ্ৰে উৰি আহিল।
かくてケルブに乗りてとび風のつばさにて翔り
11 ১১ তেওঁ অন্ধকাৰেৰে নিজকে চাৰিওফালে ঢাকি ৰাখিলে; চাৰিওফালে থকা আকাশৰ ঘন ক’লা বৰষুণৰ মেঘবোৰক তেওঁ তম্বুৰূপে স্থাপন কৰিলে।
闇をおほひとなし水のくらきとそらの密雲とをそのまはりの幕となしたまへり
12 ১২ তেওঁৰ সন্মুখৰ দীপ্তিময় উপস্থিতিৰ পৰা ক’লা মেঘবোৰ ভেদ কৰি, শিলাবৃষ্টি আৰু জ্বলি থকা আঙঠা পৰিবলৈ ধৰিলে।
そのみまへの光輝よりくろくもをへて雹ともえたる炭とふりきたれり
13 ১৩ যিহোৱাই নিজেও আকাশত গৰ্জ্জন কৰিলে; সৰ্ব্বোপৰি জনাৰ মাত শুনা গ’ল।
ヱホバは天に雷鳴をとどろかせたまへり 至上者のこゑいでて雹ともえたる炭とふりきたり
14 ১৪ তেওঁ কাঁড় মাৰি শত্রুবোৰক থানবান কৰিলে, আৰু বজ্ৰ বর্ষণৰ দ্বাৰা তেওঁলোকক ব্যাকুল কৰিলে।
ヱホバ矢をとばせてかれらを打ちらし數しげき電光をはなちてかれらをうち敗りたまへり
15 ১৫ হে যিহোৱা, তোমাৰ ধমক আৰু তোমাৰ নাকৰ নিশ্বাসৰ প্রভাৱত সাগৰৰ তলি দেখা গ’ল; পৃথিবীৰ মূলবোৰ অনাবৃত হ’ল।
ヱホバよ斯るときになんぢの叱咤となんぢの鼻のいぶきとによりて水の底みえ地の基あらはれいでたり
16 ১৬ তেওঁ ওপৰৰ পৰা হাত আগবঢ়াই মোক ধৰিলে, মহাজল সমূহৰ পৰা মোক তুলি আনিলে।
ヱホバはたかきより手をのべ我をとりて大水よりひきあげ
17 ১৭ মোৰ শক্তিশালী শত্রুবোৰৰ পৰা তেওঁ মোক উদ্ধাৰ কৰিলে, যি সকলে মোক ঘৃণা কৰে, তেওঁলোকৰ হাতৰ পৰাও মোক উদ্ধাৰ কৰিলে; তেওঁলোক মোতকৈ অতিশয় শক্তিশালী আছিল।
わがつよき仇とわれを憎むものとより我をたすけいだしたまへり かれらは我にまさりて最強かりき
18 ১৮ বিপদৰ কালত তেওঁলোকে মোক আক্ৰমণ কৰিছিল, কিন্তু যিহোৱাই মোক ধৰি ৰাখিলে।
かれらはわが災害の日にせまりきたれり 然どヱホバはわが支柱となりたまひき
19 ১৯ তেওঁ মোক এক বহল ঠাইলৈ উলিয়াই আনিলে; তেওঁ মোক উদ্ধাৰ কৰিলে, কাৰণ তেওঁ মোৰ ওপৰত সন্তুষ্ট আছিল।
ヱホバはわれを悦びたまふがゆゑにわれをたづさへ廣處にだして助けたまへり
20 ২০ যিহোৱাই মোৰ ধাৰ্মিকতা অনুসাৰে মোক পুৰস্কাৰ দিলে, মোৰ হাতৰ শুদ্ধ কার্য অনুসাৰে মোক ফল দিলে।
ヱホバはわが正義にしたがひて恩賜をたまひ わが手のきよきにしたがひて報賞をたれたまへり
21 ২১ কিয়নো মই যিহোৱাৰ পথতে চলিলোঁ, কুকৰ্ম কৰি মই মোৰ ঈশ্বৰক নেৰিলো।
われヱホバの道をまもり惡をなしてわが神よりはなれしことなければなり
22 ২২ তেওঁৰ সকলো ব্যৱস্থা মোৰ সন্মুখত আছে, মই তেওঁৰ বিধিবোৰ মোৰ পৰা দুৰ কৰা নাই।
そのすべての審判はわがまへにありて われその律法をすてしことなければなり
23 ২৩ তেওঁৰ দৃষ্টিত মই সিদ্ধ আছিলোঁ, পাপ-অপৰাধৰ পৰা মই নিজকে আঁতৰাই ৰাখিলোঁ।
われ神にむかひて缺るところなく己をまもりて不義をはなれたり
24 ২৪ এই কাৰণে যিহোৱাই মোৰ ধাৰ্মিকতা অনুসাৰে, তেওঁৰ দৃষ্টিত মোৰ হাতৰ শুচি কার্য অনুসাৰে মোক পুৰস্কাৰ দিলে।
この故にヱホバはわがただしきとその目前にわが手のきよきとにしたがひて我にむくいをなし給へり
25 ২৫ হে যিহোৱা তুমি বিশ্বস্তজনৰ সৈতে বিশ্বস্ত ব্যৱহাৰ কৰা; নির্দোষীজনৰ সৈতে নির্দোষ ব্যৱহাৰ কৰা।
なんぢ憐憫あるものには憐みあるものとなり完全ものには全きものとなり
26 ২৬ তুমি শুচি লোকৰ সৈতে শুচি ব্যৱহাৰ কৰা, কুটিল লোকলৈ নিষ্ঠুৰ ব্যৱহাৰ কৰা।
きよきものには潔きものとなり僻むものにはひがむ者となりたまふ
27 ২৭ কাৰণ তুমি দুখীসকলক ৰক্ষা কৰা, কিন্তু গৰ্ব্বী চকুক তললৈ নমাই আনা।
そは汝くるしめる民をすくひたまへど高ぶる目をひくくしたまふ可ればなり
28 ২৮ কিয়নো মোৰ জীৱন-প্ৰদীপ তুমিয়েই জ্বলাই ৰাখা; হে মোৰ ঈশ্বৰ যিহোৱা, মোৰ অন্ধকাৰক পোহৰ কৰি দিয়া।
なんぢわが燈火をともし給ふべければなり わが神ヱホバわが暗をてらしたまはん
29 ২৯ তোমাৰ সহায়তে মই সৈন্যদলৰ ওপৰত জপিয়াই পৰিব পাৰোঁ, মোৰ ঈশ্বৰৰ সহায়ত মই জাঁপ মাৰি নগৰৰ গড় পাৰ হ’ব পাৰোঁ।
我なんぢによりて軍の中をはせとほり わが神によりて垣ををどりこゆ
30 ৩০ ঈশ্বৰৰ পথ হলে সিদ্ধ; যিহোৱাৰ বাক্য নিভাজ বুলি প্রমাণিত; তেওঁ তেওঁত আশ্ৰয় লোৱা লোকসকলৰ ঢাল।
神はしもその途またくヱホバの言はきよし ヱホバはすべて依賴むものの盾なり
31 ৩১ যিহোৱাৰ বাহিৰে কোন ঈশ্বৰ আছে? আমাৰ ঈশ্বৰৰ বাহিৰে কোন আশ্রয় শিলা আছে?
そはヱホバのほかに神はたれぞや われらの神のほかに巌はたれぞや
32 ৩২ ঈশ্বৰে শক্তিৰে সৈতে মোৰ কঁকালত টঙালি বান্ধে; তেওঁ মোৰ পথ নিঃষ্কন্টক কৰে।
神はちからをわれに帶しめ わが途を全きものとなしたまふ
33 ৩৩ মোৰ ভৰি হৰিণীৰ ঠেঙৰ সদৃশ বেগী কৰে; ওখ ওখ ঠাইত তেওঁ মোক নিৰাপদে ৰাখে।
神はわが足を麀のあしのごとくし我をわが高處にたたせたまふ
34 ৩৪ তেওঁ মোৰ হাতক ৰণ কৰিবলৈ শিকায়; তাতে মোৰ বাহুৱে পিতলৰ ধনুকো ভিৰাব পাৰে।
神はわが手をたたかひにならはせてわが臂に銅弓をひくことを得しめたまふ
35 ৩৫ তুমি তোমাৰ পৰিত্ৰাণৰ ঢাল মোক দিলা; তোমাৰ সোঁহাতে মোক ধৰি ৰাখিছে; তোমাৰ সাহাৰ্যৰ কোমলতাই মোক মহান কৰিছে।
又なんぢの救の盾をわれにあたへたまへり なんぢの右手われをささへなんぢの謙卑われを大ならしめたまへり
36 ৩৬ তুমি মোৰ ভৰিৰ তলৰ ঠাই বহল কৰিলা; তাতে মোৰ ভৰি পিছলি নগল।
なんぢわが歩むところを寛濶ならしめたまひたれば わが足ふるはざりき
37 ৩৭ মোৰ শত্রুবোৰৰ পাছত খেদি গৈ মই তেওঁলোকক ধৰিলোঁ; তেওঁলোক বিনষ্ট নোহোৱা পর্যন্ত মই উলটি নাহিলোঁ।
われ仇をおひてこれに追及かれらのほろぶるまでは歸ることをせじ
38 ৩৮ মই তেওঁলোকক এনেকৈ আঘাত কৰিলোঁ, যাতে তেওঁলোক পুনৰ উঠিব নোৱাৰে। তেওঁলোক মোৰ ভৰিৰ তলত পতিত হ’ল।
われかれらを撃てたつことを得ざらしめん かれらはわが足の下にたふるべし
39 ৩৯ তুমিয়েই মোৰ কঁকালত যুদ্ধ কৰিবলৈ বলৰূপ কটি-বন্ধন দিলা; তুমি মোৰ বিৰুদ্ধে উঠাবোৰক মোৰ তলতীয়া কৰিলা।
そはなんぢ戰爭のために力をわれに帶しめ われにさからひておこりたつ者をわが下にかがませたまひたればなり
40 ৪০ তুমি মোৰ শত্রুবোৰক মোৰ পৰা পিঠি দি পলাবলৈ দিলা; যিসকলে মোক ঘিণ কৰিছিল, মই তেওঁলোকক সংহাৰ কৰিলোঁ।
我をにくむ者をわが滅しえんがために汝またわが仇の背をわれにむけしめ給へり
41 ৪১ তেওঁলোকে সহায়ৰ বাবে কাতৰোক্তি কৰিলে, কিন্তু তেওঁলোকক ৰক্ষা কৰিবলৈ কোনো নাছিল; তেওঁলোকে যিহোৱাৰ আগত চিঞৰিলে, কিন্তু তেওঁ উত্তৰ নিদিলে।
かれら叫びたれども救ふものなく ヱホバに對ひてさけびたれども答へたまはざりき
42 ৪২ মই তেওঁলোকক গুড়ি কৰি মাৰিলোঁ, বতাহত উড়ি যোৱা ধুলিৰ নিচিনা কৰিলোঁ। বাটৰ বোকামাটিৰ দৰে তেওঁলোকক পেলাই দিলোঁ।
我かれらを風のまへの塵のごとくに搗碎き ちまたの坭のごとくに打棄たり
43 ৪৩ লোকসকলৰ বিদ্রোহৰ পৰা তুমি মোক ৰক্ষা কৰিলা; তুমি মোক আন জাতিবোৰৰ অধিপতি পাতিলা। মই যিসকলক চিনি নাপাওঁ, তেওঁলোকো মোৰ অধীন হ’ল।
なんぢわれを民のあらそひより助けいだし我をたててもろもろの國の長となしたまへり わがしらざる民われにつかへん
44 ৪৪ মোৰ কথা শুনা মাত্ৰকে তেওঁলোকে মোৰ বশ্যতা স্বীকাৰ কৰিলে; বিৰোধী মনোভাৱ লৈ বিদেশীসকলো মোৰ বশীভুত হল।
かれらわが事をききて立刻われにしたがひ異邦人はきたりて佞りつかへん
45 ৪৫ বিদেশীসকল নিৰাশ হ’ল; তেওঁলোকে কঁপি কঁপি দুৰ্গৰ পৰা ওলাই আহিল।
ことくにびとは衰へてその城よりをののきいでん
46 ৪৬ যিহোৱা জীৱিত! মোৰ আশ্রয়-শিলাৰ প্রশংসা হওঁক, মোৰ পৰিত্ৰাণৰ ঈশ্বৰ গৌৰৱান্বিত হওঁক।
ヱホバは活ていませり わが磐はほむべきかな わがすくひの神はあがむべきかな
47 ৪৭ তেৱেঁই আন জাতিবোৰক মোৰ অধীন কৰি বশীভুত কৰিলে, তেওঁ মোৰ পক্ষ হৈ তেওঁলোকে পাবলগীয়া প্ৰতিকাৰ সাধিলে।
わがために讎をむくい異邦人をわれに服はせたまふはこの神なり
48 ৪৮ মই মোৰ শত্রুবোৰৰ হাতৰ পৰা ৰক্ষা পালোঁ! অৱশ্যেই, মোৰ বিৰুদ্ধে উঠাবোৰৰ ওপৰত তুমি মোক তুলি ধৰিলা! উপদ্ৰৱকাৰী লোকৰ পৰাও তুমি মোক উদ্ধাৰ কৰিলা।
神はわれを仇よりすくひたまふ實になんぢは我にさからひて起りたつ者のうへに我をあげ あらぶる人より我をたすけいだし給ふ
49 ৪৯ হে যিহোৱা, সেয়ে আন জাতিবোৰৰ মাজত মই তোমাৰ ধন্যবাদ কৰিম, তোমাৰ নামৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰিম।
この故にヱホバよ われもろもろの國人のなかにてなんぢに感謝し なんぢの名をほめうたはん
50 ৫০ যিহোৱাই নিজে স্থাপন কৰা ৰজাক মহাজয় দান কৰে; নিজৰ অভিষিক্তজনৰ প্রতি, দায়ুদ আৰু তেওঁৰ বংশধৰসকললৈ, তেওঁ চিৰকাললৈকে তেওঁৰ অসীম প্রেম দেখুৱায়।
ヱホバはおほいなる救をその王にあたへ その受膏者ダビデとその裔とに世々かぎりなく憐憫をたれたまふ

< সামসঙ্গীত 18 >