< সামসঙ্গীত 15 >

1 হে যিহোৱা তোমাৰ আবাস-তম্বুত বাস কৰাৰ যোগ্য কোন? তোমাৰ পবিত্ৰ পৰ্ব্বতত বসতি কৰাৰ যোগ্য কোন?
(En salme af David.) HERRE, hvo kan gæste dit Telt, hvo kan bo på dit hellige Bjerg?
2 সেই সকলেই যোগ্য, যিসকলে সৎ জীৱন কটায়, ন্যায় কৰ্ম কৰে, সত্য ভৰা অন্তৰেৰে কথা কয়;
Den, som vandrer fuldkomment og øver Ret, taler Sandhed af sit Hjerte;
3 যিসকলৰ জিভাই পৰচর্চ্চা নকৰে, বন্ধুৰ ক্ষতি নকৰে, চুবুৰীয়াৰ বিৰুদ্ধে কু-ব্যৱহাৰ নকৰে,
ikke bagtaler med sin Tunge, ikke volder sin Næste ondt og ej bringer Skam over Ven,
4 যি সকলৰ দৃষ্টিত দুষ্টলোক ঘৃণনীয়, কিন্তু যিহোৱাক ভয় কৰা লোকসকল আদৰণীয়, যি জনে নিজৰ ক্ষতি হ’লেও শপত ৰক্ষা কৰে,
som agter den forkastede ringe, men ærer dem, der frygter HERREN, ej bryder Ed, han svor til egen Skade,
5 যি জনে সুদ নলোৱাকৈ ধাৰ দিয়ে, আৰু ভেঁটি লৈ নিৰ্দ্দোষীৰ ক্ষতি নকৰে। যি সকলে এইবোৰ কৰ্ম কৰে, তেওঁলোক সকলো সময়তে স্থিৰে থাকিব।
ej låner Penge ud mod Åger og ej tager Gave mod skyldfri. Hvo således gør, skal aldrig rokkes.

< সামসঙ্গীত 15 >