< সামসঙ্গীত 147 >

1 তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা; কিয়নো আমাৰ ঈশ্বৰৰ উদ্দেশ্যে প্ৰশংসাৰ গীত গোৱা কেনে উত্তম! কাৰণ সেয়ে সন্তোষজনক, প্ৰশংসাৰ উপযুক্ত। 2 যিহোৱাই যিৰূচালেমক পুনৰায় নিৰ্ম্মাণ কৰে; সিঁচৰতি হৈ পৰা ইস্ৰায়েলীয়াসকলক তেওঁ গোটাই একত্র কৰে। 3 তেওঁ ভগ্ন চিত্তীয়া লোকক সুস্থ কৰে, তেওঁ তেওঁলোকৰ ঘাঁবোৰ বান্ধে। 4 তেওঁ তৰাবোৰ গণনা কৰে; তেওঁ সেইবোৰৰ প্রত্যেককে নাম ধৰি ধৰি মাতে। 5 আমাৰ প্ৰভু মহান; তেওঁৰ পৰাক্ৰম প্রচুৰ; তেওঁৰ জ্ঞান-বুদ্ধিৰ সীমা নাই। 6 যিহোৱাই নম্ৰ লোকক ধৰি ৰাখে; দুষ্টবোৰক মাটিলৈ পেলাই দিয়ে। 7 তোমালোকে যিহোৱাৰ উদ্দেশ্যে ধন্যবাদৰ গীত গোৱা; বীণাৰে সৈতে আমাৰ ঈশ্বৰৰ প্রশংসাৰ গীত গোৱা। 8 যি জনাই আকাশমণ্ডল মেঘেৰে ঢাকে, যি জনাই পৃথিৱীলৈ বৰষুণৰ ব্যৱস্থা কৰে, যি জনাই পৰ্ব্বতবোৰৰ ওপৰত ঘাঁহ গজায়, 9 পশু আৰু চিঁ চিঁয়াই থকা কাউৰী পোৱালিবোৰে মাতিলে তেওঁ আহাৰ দিয়ে। 10 ১০ ঘোঁৰাৰ শক্তিত তেওঁ সন্তোষ নাপায়, মানুহৰ ভৰিৰ শক্তিতো তেওঁ সন্তুষ্ট নহয়; 11 ১১ কিন্তু যিসকলে যিহোৱাক ভয় কৰে, আৰু তেওঁৰ সুস্থিৰ প্রেমত আশা ৰাখে, তেওঁলোকক লৈয়েই যিহোৱা সন্তুষ্ট হয়। 12 ১২ হে যিৰূচালেম, যিহোৱাৰ প্রশংসা কৰা; হে চিয়োন, তোমাৰ ঈশ্বৰৰ প্ৰশংসা কৰা। 13 ১৩ কিয়নো তেওঁ তোমাৰ দুৱাৰৰ ডাংবোৰ দৃঢ় কৰিলে, তোমাৰ মাজত বাস কৰা তোমাৰ সন্তান সকলক আশীৰ্ব্বাদ দিলে। 14 ১৪ তোমাৰ সীমাৰ ভিতৰত তেৱেঁই শান্তি ৰাখে; তোমাক উত্তম ঘেঁহুৰে পৰিতৃপ্ত কৰে। 15 ১৫ তেওঁ পৃথিৱীলৈ নিজৰ আজ্ঞা পঠায়; তেওঁৰ বাক্য ততালিকে ধাবমান হয়। 16 ১৬ তেওঁ মেৰ-ছাগৰ নোমৰ সদৃশ তুষাৰ দিয়ে, ছাঁইৰ দৰে নিয়ৰ সিঁচি দিয়ে। 17 ১৭ তেওঁ টুকুৰা টুকুৰ কৰি শিল বৰষায়; তেওঁৰ শীতৰ সন্মুখত কোন থাকিব পাৰে? 18 ১৮ তেওঁ নিজৰ বাক্য পঠাই সেই সকলো দ্রৱীভূত কৰে; তেওঁ নিজৰ বতাহ বলালে পানী বৈ যায়। 19 ১৯ তেওঁ যাকোবক নিজৰ বাক্য ঘোষণা কৰিলে; আৰু ইস্ৰায়েলৰ ওচৰত নিজৰ বিধি আৰু শাসন প্ৰণালীবোৰ জনালে। 20 ২০ অন্য কোনো জাতিৰ কাৰণে তেওঁ এইৰূপ ব্যৱহাৰ কৰা নাই; তেওঁৰ শাসন প্ৰণালীবোৰ তেওঁলোকে নাজানে। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

< সামসঙ্গীত 147 >