< সামসঙ্গীত 144 >

1 যিহোৱাৰ প্রশংসা হওঁক; তেওঁ মোৰ আশ্রয়-শিলা; তেওঁ মোৰ হাতক যুদ্ধ কৰিবলৈ শিকায়, মোৰ আঙুলিবোৰকো ৰণ কৰিবলৈ শিকায়।
Dāvida dziesma. Slavēts lai ir Tas Kungs, mans patvērums, kas manām rokām māca kauties, un maniem pirkstiem karot,
2 তেওঁ মোৰ চিৰস্থায়ী প্রেম আৰু মোৰ কোঁঠ, মোৰ উচ্চ দুৰ্গ আৰু মোৰ উদ্ধাৰকৰ্ত্তা; তেওঁ মোৰ ঢাল আৰু মই তেওঁতে আশ্ৰয় লওঁ। তেৱেঁই জাতি সমূহক মোৰ অধীনত আনে।
Mans žēlotājs un mana stiprā pils, mans patvērums un mans izglābējs, manas priekšturamās bruņas, uz ko es paļaujos, kas manus ļaudis man dara paklausīgus.
3 হে যিহোৱা, মানুহ নো কি যে তুমি মানুহক গণ্য কৰা? মনুষ্যই বা কি যে তুমি তেওঁলোকলৈ মনোযোগ দিয়া?
Kungs, kas ir cilvēks, ka Tu viņu piemini? Un cilvēka bērns, ka Tu viņu lieci vērā?
4 মনুষ্য নিঃশ্বাস মাথোন; তেওঁৰ আয়ুস গুচি যোৱা ছাঁৰ নিচিনা।
Cilvēks ir kā dvaša, viņa laiks ir kā ēna, kas aiziet.
5 হে যিহোৱা, তোমাৰ আকাশ-মণ্ডলক দোঁৱাই নত কৰি তুমি নামি আহাঁ; পৰ্বতবোৰক স্পৰ্শ কৰা যাতে সেইবোৰৰ পৰা ধুঁৱা ওলাব।
Kungs, nolaid Savas debesis un kāp zemē, aizskar kalnus, ka tie kūp.
6 তুমি বজ্ৰপাত পেলাই শত্রুবোৰক বিছিন্ন কৰা; তোমাৰ কাঁড় মাৰি তেওঁলোকক বিহ্বল কৰি তোলা।
Met zibeņus un izkaisi tos, šaudi Savas bultas un izbiedē tos.
7 তুমি ওপৰৰ পৰা তোমাৰ হাত মেলি দিয়া; মোক মুক্ত কৰা, মহাজলৰ পৰা মোক ৰক্ষা কৰা; সেই অন্য জাতিৰ হাতৰ পৰা মোক ৰক্ষা কৰা।
Izstiep Savas rokas no augstības, atpestī mani un izglāb mani no lieliem ūdeņiem, no svešinieku rokas!
8 তেওঁলোকৰ মুখে মিছা কথা কয়, তেওঁলোকৰ সোঁ হাতে বিশ্বাসঘাতকৰ কার্য কৰে।
Viņu mute runā melus, un viņu labā roka ir viltus roka.
9 হে ঈশ্বৰ, মই তোমাৰ উদ্দেশ্যে নতুন গীত গাম; দহ-তাৰযুক্ত নেবল বাদ্যৰে মই তোমাৰ প্ৰশংসাৰ গান কৰিম।
Ak Dievs, es Tev dziedāšu jaunu dziesmu, es Tev dziedāšu ar desmit stīgu koklēm.
10 ১০ তুমিয়েই ৰজাসকলক জয়দান কৰা; তুমিয়েই নিজ দায়ুদক উদ্ধাৰ কৰিলা।
Tu ķēniņiem dod pestīšanu, un izglābi Savu kalpu Dāvidu no nikna zobena.
11 ১১ নিষ্ঠুৰ তৰোৱালবোৰৰ পৰা মোক ৰক্ষা কৰা আৰু বিদেশীবিলাকৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা; তেওঁলোকৰ মুখে মিছা কথা কয়, তেওঁলোকৰ সোঁ হাতে বিশ্বাসঘাতকতাৰ কার্য কৰে।
Izglābi mani un atpestī mani no svešinieku rokas, kas ar savu muti melus runā, un viņu labā roka ir viltus roka;
12 ১২ আমাৰ পুত্ৰবোৰ যেন গছ পুলিৰ নিচিনাকৈ যৌৱনত বৃদ্ধি পায়, আমাৰ কন্যাবোৰ যেন ৰাজঅট্টালিকাৰ গাঁথনিৰ খোদিত কৰা চুকৰ স্তম্ভৰ নিচিনা হয়;
Ka mūsu dēli uzaug savā jaunībā kā stādi, mūsu meitas kā izcirsti stūra pīlāri pils namos.
13 ১৩ আমাৰ ভঁড়ালবোৰ যেন সকলো ধৰণৰ উৎপাদনৰ খাদ্যবস্তুৰে পৰিপূৰ্ণ থাকে; আমাৰ মেৰ-ছাগবোৰে যেন পথাৰৰ মাজত হাজাৰে হাজাৰে, লাখে লাখে পোৱালি জগায়;
Ka mūsu klētis ir pilnas un izdod visādu mantu, ka mūsu ganāmie pulki pa tūkstošiem vedās un pa simts tūkstošiem mūsu laidaros;
14 ১৪ আমাৰ বলধবোৰে যেন গধুৰ বোজা বহন কৰিব পাৰে; দেৱালবোৰৰ যেন ভগ্ন দশা নহয়, কোনো যেন বন্দী নহয়; আলিৰ চকবোৰত যেন দুখৰ ক্রন্দন শুনা নাযায়।
Ka mūsu liellopi augļojās, un ka postīšanas, laupīšanas, vaidēšanas nav pa mūsu ielām.
15 ১৫ ধন্য সেই জাতি, যাৰ এনে আশীর্বাদপূর্ণ অৱস্থা হয়; ধন্য সেই জাতি, যিহোৱা যাৰ ঈশ্বৰ।
Svētīga tā tauta, kam tā klājās, svētīga tā tauta, kam Tas Kungs ir par Dievu.

< সামসঙ্গীত 144 >