< সামসঙ্গীত 142 >

1 মই চিঞঁৰি যিহোৱাৰ ওচৰত ক্রন্দন কৰিলোঁ, মই নিজ স্বৰেৰে যিহোৱাৰ আগত মিনতি কৰিলোঁ। 2 মই মোৰ দুখৰ কথা তেওঁৰ আগত ভাঙি ক’লো, তেওঁৰ আগত মোৰ কষ্টৰ কথা জনালোঁঁ। 3 মোৰ আত্মা যেতিয়া অন্তৰত ব্যাকুল হয়, তেতিয়া তুমি মোৰ পথ জানা; মই অহা-যোৱা কৰা পথত লোকবোৰে মোৰ বাবে গোপনে ফান্দ পাতিলে; 4 মোৰ সোঁ ফালে দৃষ্টি কৰি চোৱা, মোৰ খবৰ লওঁতা কোনো নাই; মোৰ বাবে আশ্রয় স্থান নাই, মোৰ বাবে কোনেও চিন্তা নকৰে। 5 হে যিহোৱা, মই তোমাৰ ওচৰত ক্রন্দনৰে কৈছো, “তুমিয়েই মোৰ আশ্ৰয়, জীৱিত লোকৰ দেশত তুমিয়েই মোৰ অধিকাৰ।” 6 তুমি মোৰ কাকুতিলৈ মনোযোগ দিয়া, কিয়নো মই অতি অসহায় অৱস্থাত পৰিছোঁ; মোৰ তাড়নাকাৰীবোৰৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা, কাৰণ তেওঁলোক মোতকৈ শক্তিশালী। 7 কাৰাগাৰৰ পৰা মোৰ প্রাণ মুক্ত কৰা, যেন মই তোমাৰ নামৰ ধন্যবাদ কৰিব পাৰোঁ; ধাৰ্মিকসকলে মোক চাৰিওফালে ঘেৰি ৰাখিব; কাৰণ তুমি মোলৈ প্রচুৰ মঙ্গল কৰিবা।

< সামসঙ্গীত 142 >