< সামসঙ্গীত 141 >

1 হে যিহোৱা, মই তোমাক মাতিছো; তুমি শীঘ্রেই মোৰ ওচৰলৈ আহাঁ। মই প্ৰাৰ্থনা কৰা কালত তুমি মোৰ স্বৰলৈ কাণ পাতা।
A PSALM OF DAVID. O YHWH, I have called You, hurry to me, Give ear [to] my voice when I call to You.
2 মোৰ প্ৰাৰ্থনা তোমাৰ আগত সুগন্ধি ধূপৰ দৰে হওঁক, মই ওপৰলৈ তোলা মোৰ হাত সন্ধিয়া উৎসর্গ কৰা বলিদানৰ দৰে হওঁক।
My prayer is prepared—incense before You, The lifting up of my hands—the evening present.
3 হে যিহোৱা, মোৰ মুখৰ আগত তুমি ৰখীয়া ৰাখা, মোৰ ওঁঠৰ দুৱাৰত ৰখীয়া ৰাখা।
Set, O YHWH, a watch for my mouth, Watch over the door of my lips.
4 কোনো মন্দ বিষয়ত মোৰ মন প্রবৃত্ত নকৰিবা, মই যেন অধার্মিকবোৰৰ সৈতে দুষ্টতাৰ কাৰ্য নকৰোঁ; তেওঁলোকৰ সুস্বাদু আহাৰ যেন মই গ্রহণ নকৰোঁ।
Do not incline my heart to an evil thing, To habitually do actions in wickedness, Working iniquity with men, Indeed, I do not eat of their pleasant things.
5 ধাৰ্মিক লোকে মোক প্ৰহাৰ কৰক, সেয়া মোৰ বাবে এক দয়া হ’ব; তেওঁ মোক অনুযোগ কৰক, সেয়া মোৰ মূৰত দিয়া তেলৰ নিচিনা হ’ব; মোৰ মূৰে তাক গ্রহণ কৰিবলৈ অগ্ৰাহ্য নকৰক। কিন্তু মোৰ প্রার্থনা সকলো সময়তে দুষ্টবোৰৰ কার্যৰ বিৰুদ্ধে থাকিব।
The righteous beat me [in] kindness. And reprove me, My head does not disallow oil of the head, For my prayer [is] still about their distress.
6 তেওঁলোকৰ শাসক সকলক ওখ পর্বতৰ ওপৰৰ পৰা তললৈ পেলোৱা হ’ব, তেতিয়া তেওঁলোকে মোৰ বাক্যলৈ কাণ দিব, কিয়নো সেয়ে মধুৰ।
Their judges have been released by the sides of a rock, And they have heard my sayings, For they have been pleasant.
7 মানুহে হাল বাই যেনেকৈ মাটি ভাঙে, তেনেকৈ আমাৰ অস্থিবোৰ চিয়োলৰ মুখত সিচঁৰিত হৈছে। (Sheol h7585)
As one tilling and ripping up in the land, Have our bones been scattered at the command of Saul. (Sheol h7585)
8 কিন্তু হে মোৰ ঈশ্বৰ যিহোৱা, মোৰ চকু তোমাৰ ফালেই আছে; মই তোমাতেই আশ্ৰয় লৈছোঁ, মোৰ প্ৰাণ মৃত্যুৰ হাতত এৰি নিদিবা।
But to You, O YHWH, my Lord, [are] my eyes, In You I have trusted, Do not make my soul bare.
9 তেওঁলোকে মোৰ কাৰণে যি জাল পাতিছে, তাৰ পৰা মোক ৰক্ষা কৰা, অধার্মিকবোৰৰ ফান্দৰ পৰা মোক ৰক্ষা কৰা।
Keep me from the trap they laid for me, Even snares of workers of iniquity.
10 ১০ দুষ্ট লোক তেওঁলোকৰ নিজৰ জালত নিজেই পৰক, আৰু মই সেই সময়ত অকলেই ৰক্ষা পাম।
The wicked fall in their dragnets together, until I pass over!

< সামসঙ্গীত 141 >