< সামসঙ্গীত 140 >

1 হে যিহোৱা, দুষ্ট লোকৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা, অত্যাচাৰী লোকৰ হাতৰ পৰা মোক ৰক্ষা কৰা।
למנצח מזמור לדוד חלצני יהוה מאדם רע מאיש חמסים תנצרני׃
2 তেওঁলোকে মনে মনে কু-কল্পনা কৰে আৰু প্রতিদিনে যুদ্ধলৈ উত্তেজিত কৰে।
אשר חשבו רעות בלב כל יום יגורו מלחמות׃
3 তেওঁলোকে সাপৰ নিচিনাকৈ নিজৰ নিজৰ জিভা ধাৰ কৰিলে; তেওঁলোকৰ ওঁঠৰ তলত কালসৰ্পৰ বিষ থাকে! (চেলা)
שננו לשונם כמו נחש חמת עכשוב תחת שפתימו סלה׃
4 হে যিহোৱা, দুষ্টৰ হাতৰ পৰা মোক উদ্ধাৰ কৰা, অত্যাচাৰী লোকৰ হাতৰ পৰা মোক ৰক্ষা কৰা; মোৰ ভৰি যেন উজুটি খায়, তাৰ বাবে তেওঁলোকে কৌশল ৰচিলে।
שמרני יהוה מידי רשע מאיש חמסים תנצרני אשר חשבו לדחות פעמי׃
5 অহঙ্কাৰীবোৰে মোলৈ গুপুতে ফান্দ প্রস্তুত কৰিলে; তেওঁলোকে জৰীবোৰ জালৰ দৰে মেলিলে; তেওঁলোকে বাটৰ কাষত মোলৈ ফান্দ পাতিলে। (চেলা)
טמנו גאים פח לי וחבלים פרשו רשת ליד מעגל מקשים שתו לי סלה׃
6 মই যিহোৱাক কলোঁ, “তুমিয়েই মোৰ ঈশ্বৰ; হে যিহোৱা, মোৰ কাকুতিৰ স্বৰলৈ কাণ পাতা।”
אמרתי ליהוה אלי אתה האזינה יהוה קול תחנוני׃
7 হে যিহোৱা, মোৰ প্ৰভু, মোৰ শক্তিশালী উদ্ধাৰকর্তা; যুদ্ধৰ দিনা তুমিয়েই মোক ৰক্ষা কৰিলা।
יהוה אדני עז ישועתי סכתה לראשי ביום נשק׃
8 হে যিহোৱা, দুষ্ট লোকৰ বাঞ্ছা পূৰ্ণ নকৰিবা; তেওঁলোকৰ ষড়যন্ত্র সফল হবলৈ নিদিবা। (চেলা)
אל תתן יהוה מאויי רשע זממו אל תפק ירומו סלה׃
9 যি সকলে মূৰ উঠাই মোক বেৰি ধৰিছে, তেওঁলোকৰ ওঁঠে যি সকলো অপকাৰ কৰিলে, সেইবোৰে তেওঁলোকক ঢাকি ধৰক!
ראש מסבי עמל שפתימו יכסומו׃
10 ১০ তেওঁলোকৰ ওপৰত জলন্ত আঙঠা পৰক! তেওঁলোকক জুইত পেলোৱা হওঁক! তেওঁলোক পুনৰায় উঠিব নোৱাৰাকৈ গভীৰ গাতত পেলোৱা হওঁক!
ימיטו עליהם גחלים באש יפלם במהמרות בל יקומו׃
11 ১১ নিন্দকবোৰক পৃথিৱীত থিৰে থাকিবলৈ নিদিবা; অত্যাচাৰীজনক নিপাত কৰিবলৈ দুষ্ট লোকে চিকাৰ কৰিব!
איש לשון בל יכון בארץ איש חמס רע יצודנו למדחפת׃
12 ১২ মই জানো, যিহোৱাই দৰিদ্রৰ পক্ষে বিচাৰ নিষ্পত্তি কৰিব, অভাৱীসকলৰ কাৰণে ন্যায় বিচাৰ কৰিব।
ידעת כי יעשה יהוה דין עני משפט אבינים׃
13 ১৩ ধাৰ্মিকসকলে অৱশ্যে তোমাৰ নামৰ ধন্যবাদ কৰিব; ভক্তসকলে তোমাৰ সাক্ষাতে বসতি কৰিব।
אך צדיקים יודו לשמך ישבו ישרים את פניך׃

< সামসঙ্গীত 140 >