< সামসঙ্গীত 130 >

1 হে যিহোৱা, মই গভীৰ কষ্টৰ মাজত থাকি তোমাক মাতিছো। 2 হে প্ৰভু, মোৰ স্বৰ শুনা! মোৰ কাকুতিৰ স্বৰলৈ তুমি মনোযোগ দিয়া! 3 হে যিহোৱা, তুমি যদি অপৰাধ ধৰি ৰাখা, তেন্তে প্রভু, কোন তিষ্ঠি থাকিব পাৰে? 4 কিন্তু তোমাৰ ওচৰত ক্ষমা আছে, যেন মানুহে তোমাক ভয় কৰে। 5 মই যিহোৱালৈ অপেক্ষা কৰিছোঁ, মোৰ প্ৰাণে অপেক্ষা কৰিছে, মই তেওঁৰ বাক্যত আশা কৰিছোঁ। 6 প্রহৰীসকলে যেনেকৈ ৰাতিপুৱালৈ অপেক্ষা কৰে, হয়, তেওঁলোকে যেনেকৈ ৰাতিপুৱালৈ অপেক্ষা কৰি থাকে, যিহোৱাৰ কাৰণে মোৰ প্রাণে তাতোকৈ অধিক বেচি অপেক্ষা কৰি আছে। 7 হে ইস্ৰায়েল, যিহোৱাৰ ওপৰত আশা ৰাখা, কিয়নো যিহোৱাৰ লগত সুস্থিৰ প্রেম আছে; তেওঁৰ মুক্তি দিয়াৰ মহান ক্ষমতা আছে। 8 তেৱেঁ ইস্ৰায়েলক মুক্ত কৰিব, সকলো অপৰাধৰ পৰা মুক্ত কৰিব।

< সামসঙ্গীত 130 >