< সামসঙ্গীত 130 >

1 হে যিহোৱা, মই গভীৰ কষ্টৰ মাজত থাকি তোমাক মাতিছো।
A song of ascents. Out of the depths I call to you, Lord.
2 হে প্ৰভু, মোৰ স্বৰ শুনা! মোৰ কাকুতিৰ স্বৰলৈ তুমি মনোযোগ দিয়া!
Lord, hear my voice: give heed with your ears to my loud plea.
3 হে যিহোৱা, তুমি যদি অপৰাধ ধৰি ৰাখা, তেন্তে প্রভু, কোন তিষ্ঠি থাকিব পাৰে?
If you should mark sin, Lord, O Lord, who could stand?
4 কিন্তু তোমাৰ ওচৰত ক্ষমা আছে, যেন মানুহে তোমাক ভয় কৰে।
But with you is forgiveness, that you may be feared.
5 মই যিহোৱালৈ অপেক্ষা কৰিছোঁ, মোৰ প্ৰাণে অপেক্ষা কৰিছে, মই তেওঁৰ বাক্যত আশা কৰিছোঁ।
I wait for the Lord, I wait for his word,
6 প্রহৰীসকলে যেনেকৈ ৰাতিপুৱালৈ অপেক্ষা কৰে, হয়, তেওঁলোকে যেনেকৈ ৰাতিপুৱালৈ অপেক্ষা কৰি থাকে, যিহোৱাৰ কাৰণে মোৰ প্রাণে তাতোকৈ অধিক বেচি অপেক্ষা কৰি আছে।
I look for the Lord more than watchman for morning, than watchman for morning.
7 হে ইস্ৰায়েল, যিহোৱাৰ ওপৰত আশা ৰাখা, কিয়নো যিহোৱাৰ লগত সুস্থিৰ প্রেম আছে; তেওঁৰ মুক্তি দিয়াৰ মহান ক্ষমতা আছে।
Israel, hope in the Lord: with the Lord there is love with him plenteous redemption.
8 তেৱেঁ ইস্ৰায়েলক মুক্ত কৰিব, সকলো অপৰাধৰ পৰা মুক্ত কৰিব।
And he redeems Israel from all his iniquities.

< সামসঙ্গীত 130 >