< সামসঙ্গীত 128 >

1 ধন্য সেইজন, যি জনে যিহোৱালৈ ভয় ৰাখে, আৰু তেওঁৰ পথত চলে;
MEID pai karoj, me kin majak Ieowa, me kin weweid nan japwilim a al akan!
2 তুমি নিজ হাতৰ শ্ৰমৰ ফল ভোগ কৰিবা, তুমি সুখী হ’বা আৰু তোমাৰ মঙ্গল হ’ব।
Pwe koe pan memauroki dodok en pa om akan, koe meid pai o pwaida mau.
3 তোমাৰ গৃহৰ ভিতৰৰ অন্তঃপুৰত তোমাৰ ভার্যা ফলৱতী দ্ৰাক্ষালতাৰ নিচিনা হ’ব; তোমাৰ মেজৰ চাৰিওফালে তোমাৰ সন্তান সকল জিত গছৰ পুলিৰ নিচিনা হ’ব।
Om paud pan rajon tuka en wain pot, me wa mau nan im om, o noum jeri kan pan dueta paini, me kapwata om tepel.
4 এইদৰে যিজনে যিহোৱালৈ ভয় ৰাখে, তেওঁ আশীৰ্ব্বাদ প্ৰাপ্ত হ’ব।
Kilan, iduen ol o, me majak Ieowa, a pan pwaida.
5 যিহোৱাই চিয়োনৰ পৰা তোমাক আশীৰ্ব্বাদ কৰিব; তোমাৰ জীৱনৰ সকলো কালত তুমি যিৰূচালেমৰ মঙ্গল দেখা পাবা।
Ieowa pan kapai uk ada jan nan Jion, pwe koe en kilan pai en Ierujalem arain om maur.
6 এনে কি, তুমি তোমাৰ সন্তানৰ বংশকো দেখা পাবা। ইস্ৰায়েলৰ ওপৰত শান্তি হওক।
O koe pan kilan jeri eu noum jeri ko. Ijrael en popol!

< সামসঙ্গীত 128 >