< সামসঙ্গীত 125 >

1 যিসকলে যিহোৱাৰ ওপৰত ভাৰসা ৰাখে, তেওঁলোক চিয়োন পর্বতৰ নিচিনাকৈ অলৰ আৰু চিৰকাল স্থায়ী।
canticum graduum qui confidunt in Domino sicut mons Sion non commovebitur in aeternum qui habitat
2 যিৰূচালেমক পর্বতবোৰে যেনেকৈ চাৰিওফালে আবৰি ৰাখিছে, তেনেকৈ যিহোৱাই নিজৰ লোকসকলক আবৰি ৰাখে; এতিয়াৰে পৰা অনন্তকাল পর্যন্ত ৰাখিব।
in Hierusalem montes in circuitu eius et Dominus in circuitu populi sui ex hoc nunc et usque in saeculum
3 ঈশ্বৰভক্ত সকলে যাতে অধৰ্ম কার্যলৈ হাত নেমেলে, সেই বাবে ধাৰ্মিকসকলক দিয়া দেশৰ ওপৰত দুষ্টতাৰ ৰাজদণ্ড নাথাকিব।
quia non relinquet virgam peccatorum super sortem iustorum ut non extendant iusti ad iniquitatem manus suas
4 হে যিহোৱা, যিসকলে মঙ্গল আচৰণ কৰে, তুমি তেওঁলোকৰ মঙ্গল কৰা; যিসকলৰ অন্তৰ শুচি, তেওঁলোকৰ মঙ্গল কৰা।
benefac Domine bonis et rectis corde
5 কিন্তু যিসকলে নিজ ইচ্ছাৰে খলা-বমা পথেদি এফলীয়া হৈ যায়, যিহোৱাই তেওঁলোকক কু-কার্য কৰা সকলৰ লগত দূৰ কৰিব। ইস্ৰায়েলৰ ওপৰত শান্তি হওঁক।
declinantes autem in obligationes adducet Dominus cum operantibus iniquitatem pax super Israhel

< সামসঙ্গীত 125 >