< সামসঙ্গীত 121 >

1 মই পৰ্ব্বতবোৰৰ ফালে মোৰ চকু তুলি কওঁ, ক’ৰ পৰা মোৰ সহায় আহিব? 2 যি জনাই আকাশ-মণ্ডল আৰু পৃথিৱী সৃষ্টি কৰিলে, সেই যিহোৱাৰ পৰা মোৰ সহায় আহিব। 3 তেওঁ তোমাৰ ভৰি লৰচৰ হ’বলৈ নিদিব; তোমাৰ ৰখীয়াজনা টোপনি নাযাব। 4 চোৱা, যি জনাই ইস্ৰায়েলক ৰক্ষা কৰে, তেওঁ টোপনি নাযাব, নিদ্ৰিত নহ’ব। 5 যিহোৱা তোমাৰ ৰক্ষক; যিহোৱা তোমাৰ সোঁ হাতে থকা তোমাৰ ছাঁস্বৰূপ। 6 দিনত সূৰ্যই তোমাক প্ৰহাৰ নকৰিব, আৰু ৰাতি চন্দ্ৰয়ো তোমাক নামাৰিব। 7 যিহোৱাই তোমাক সকলো অমঙ্গলৰ পৰা ৰক্ষা কৰিব; তেওঁ তোমাৰ প্ৰাণ ৰক্ষা কৰিব। 8 যিহোৱাই এতিয়াৰ পৰা অনন্ত কাললৈকে তুমি ওলাওঁতে সোমাওঁতে তোমাক ৰক্ষা কৰিব।

< সামসঙ্গীত 121 >