< সামসঙ্গীত 120 >

1 মোৰ সঙ্কটৰ কালত মই যিহোৱাৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ; তাতে তেওঁ মোক উত্তৰ দিলে। 2 “হে যিহোৱা, মিছলীয়া ওঁঠ আৰু ছলনাকাৰী জিভাৰ পৰা তুমি মোক মুক্ত কৰা।” 3 হে ছলনাকাৰী জিভা, তোমাক তেওঁ কি দিব? তোমাক অধিক শাস্তি দিবলৈ কি কৰা হ’ব? 4 তেওঁ তোমাক বীৰৰ তীক্ষ্ন কাঁড়সমূহ আৰু ৰোতম গছৰ জ্বলা আঙঠাসমূহ দিব। 5 হায়, কি দুর্ভাগ্য মোৰ! মই মেচেকত প্ৰবাস কৰিছোঁ; কেদৰৰ তম্বুবোৰৰ মাজত বসতি কৰিছোঁ। 6 যি সকলে শান্তিক ঘৃণা কৰে, সেই লোকসকলৰ সৈতে মই বহুকাল বাস কৰিছোঁ। 7 মই শান্তি ভাল পাওঁ; কিন্তু মই শান্তিৰ কথা ক’লে, তেওঁলোকে যুদ্ধ কৰিবলৈ বিচাৰে।

< সামসঙ্গীত 120 >