< সামসঙ্গীত 116 >

1 মই যিহোৱাক প্ৰেম কৰোঁ, কিয়নো তেওঁ মোৰ স্বৰ আৰু কাকুতি শুনিলে।
わたしは主を愛する。主はわが声と、わが願いとを聞かれたからである。
2 তেওঁ মোৰ কথালৈ কাণ পাতিলে, সেয়ে মই জীয়াই থকা দিনলৈকে তেওঁৰ ওচৰত প্ৰাৰ্থনা কৰিম।
主はわたしに耳を傾けられたので、わたしは生きるかぎり主を呼びまつるであろう。
3 মই মৃত্যুৰ জৰীত বান্ধ খাই পৰিছিলোঁ, চিয়োলৰ যাতনাৰ সন্মুখীন হৈছিলো, মই দুখ-কষ্ট পাইছিলো; (Sheol h7585)
死の綱がわたしを取り巻き、陰府の苦しみがわたしを捕えた。わたしは悩みと悲しみにあった。 (Sheol h7585)
4 তেতিয়া মই যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিলোঁ, “হে যিহোৱা, মই মিনতি কৰিছোঁ, তুমি মোৰ প্ৰাণ ৰক্ষা কৰা!”
その時わたしは主のみ名を呼んだ。「主よ、どうぞわたしをお救いください」と。
5 যিহোৱা দয়াময় আৰু ধাৰ্মিক; বাস্তৱিক আমাৰ ঈশ্বৰ স্নেহময়।
主は恵みふかく、正しくいらせられ、われらの神はあわれみに富まれる。
6 যিহোৱাই অমায়িক লোকক ৰক্ষা কৰে; মই অসহায় হোৱাত তেওঁ মোক উদ্ধাৰ কৰিলে।
主は無学な者を守られる。わたしが低くされたとき、主はわたしを救われた。
7 হে মোৰ প্রাণ, তোমাৰ বিশ্ৰাম-স্থানলৈ উভটি যোৱা, কিয়নো যিহোৱাই তোমাক প্ৰচুৰ মঙ্গল কৰিলে।
わが魂よ、おまえの平安に帰るがよい。主は豊かにおまえをあしらわれたからである。
8 কাৰণ তুমিয়েই মৃত্যুৰ পৰা প্ৰাণ, চকুলোৰ পৰা মোৰ চকু, উজুটি খোৱাৰ পৰা মোৰ ভৰি ৰক্ষা কৰিলা।
あなたはわたしの魂を死から、わたしの目を涙から、わたしの足をつまずきから助け出されました。
9 মই জীৱিতসকলৰ দেশত যিহোৱাৰ সাক্ষাতে অহা-যোৱা কৰিম।
わたしは生ける者の地で、主のみ前に歩みます。
10 ১০ যেতিয়া মই কৈছিলোঁ, “মই অতিশয় উৎপীড়িত হৈছোঁ” তেতিয়াও যিহোৱাত মই বিশ্বাসত আছিলোঁ।
「わたしは大いに悩んだ」と言った時にもなお信じた。
11 ১১ মই উদ্বেগ কৰি কৈছিলোঁ, “সকলো মানুহ মিছলীয়া।”
わたしは驚きあわてたときに言った、「すべての人は当にならぬ者である」と。
12 ১২ যিহোৱাই মোলৈ কৰা সকলো মঙ্গলৰ পৰিবর্তে মই তেওঁক কি দিম?
わたしに賜わったもろもろの恵みについて、どうして主に報いることができようか。
13 ১৩ মই পৰিত্ৰাণৰ পানপাত্ৰ তুলি ধৰিম, আৰু যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিম;
わたしは救の杯をあげて、主のみ名を呼ぶ。
14 ১৪ মই যিহোৱাৰ ওচৰত মোৰ সঙ্কল্পবোৰ পূর্ণ কৰিম; তেওঁৰ সমুদায় লোকৰ সাক্ষাতেই কৰিম।
わたしはすべての民の前で、主にわが誓いをつぐなおう。
15 ১৫ যিহোৱাৰ দৃষ্টিত তেওঁৰ বিশ্বাসীসকলৰ মৃত্যু বহুমূল্য।
主の聖徒の死はそのみ前において尊い。
16 ১৬ হে যিহোৱা, সচাঁকৈয়ে মই তোমাৰ দাস হওঁ; মই তোমাৰ দাস, তোমাৰেই দাসীৰ পুত্ৰ; তুমিয়েই মোৰ বন্ধনবোৰ মুকলি কৰিলা।
主よ、わたしはあなたのしもべです。わたしはあなたのしもべ、あなたのはしための子です。あなたはわたしのなわめを解かれました。
17 ১৭ মই তোমাৰ উদ্দেশ্যে ধন্যবাদাৰ্থক বলি উৎসৰ্গ কৰিম; মই যিহোৱাৰ নামেৰে প্ৰাৰ্থনা কৰিম।
わたしは感謝のいけにえをあなたにささげて、主のみ名を呼びます。
18 ১৮ মই যিহোৱাৰ ওচৰত মোৰ সঙ্কল্পবোৰ পূর্ণ কৰিম; তেওঁৰ সমুদায় লোকৰ সাক্ষাতেই কৰিম।
わたしはすべての民の前で主にわが誓いをつぐないます。
19 ১৯ হে যিৰূচালেম, তোমাৰেই মাজত, যিহোৱাৰ গৃহৰ চোতাল কেইখনত, মই সেই সকলো পূর্ণ কৰিম। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা!
エルサレムよ、あなたの中で、主の家の大庭の中で、これをつぐないます。主をほめたたえよ。

< সামসঙ্গীত 116 >