< সামসঙ্গীত 115 >

1 হে যিহোৱা, আমাক নহয়, আমাক নহয়, কিন্তু তোমাৰ নামকহে গৌৰৱাম্বিত কৰা; তোমাৰ অসীম প্রেম আৰু বিশ্ৱস্ততাৰ অর্থেই কৰা। 2 আন জাতিবোৰে কিয় ক’ব, “ক’ত আছে তেওঁলোকৰ ঈশ্বৰ?” 3 আমাৰ ঈশ্বৰ হ’লে স্বৰ্গত আছে; তেওঁ যিহকে ইচ্ছা কৰে, তাকে কৰে। 4 তেওঁলোকৰ প্রতিমাবোৰ হ’লে ৰূপ আৰু সোণৰ, মনুষ্যৰ হাতৰ কাৰ্য। 5 সেইবোৰৰ মুখ আছে, কিন্তু কথা ক’ব নোৱাৰে; চকু আছে, কিন্তু নেদেখে; 6 কাণ আছে, কিন্তু নুশুনে; নাক আছে, কিন্তু ঘ্ৰাণ ল’ব নোৱাৰে; 7 হাত আছে, কিন্তু চুব নোৱাৰে; ভৰি আছে, কিন্তু খোজ কাঢ়িব নোৱাৰে; কন্ঠই একো মাত উলিয়াব নোৱাৰে। 8 যিসকলে সেইবোৰক নিৰ্ম্মাণ কৰে আৰু সেইবোৰত নির্ভৰ কৰে, তেওঁলোক সেইবোৰৰ নিচিনাই। 9 হে ইস্ৰায়েল, যিহোৱাত ভাৰসা কৰা! তেৱেঁই তেওঁলোকৰ সহায় আৰু ঢাল। 10 ১০ হে হাৰোণৰ বংশ, যিহোৱাত ভাৰসা কৰা; তেৱেঁই তেওঁলোকৰ সহায় আৰু ঢাল। 11 ১১ হে যিহোৱাৰ ভয়কাৰী লোক, যিহোৱাত ভাৰসা কৰা; তেৱেঁই তেওঁলোকৰ সহায় আৰু ঢাল। 12 ১২ যিহোৱাই আমাক সোঁৱৰণ কৰিলে, সেইবাবে তেওঁ আমাক আশীৰ্ব্বাদ কৰিব; ইস্ৰায়েলৰ বংশক আশীৰ্ব্বাদ কৰিব; হাৰোণৰ বংশক আশীর্ব্বাদ কৰিব; 13 ১৩ যিসকলে যিহোৱাক ভয় কৰে, তেওঁলোক সকলোকে তেওঁ আশীর্ব্বাদ কৰিব, সৰু কি বৰ সকলোকে আশীৰ্ব্বাদ কৰিব। 14 ১৪ যিহোৱাই তোমালোকক বৃদ্ধি কৰক; তোমালোকক আৰু তোমালোকৰ সন্তান সকলক বৃদ্ধি কৰক। 15 ১৫ যিহোৱা, যিজন স্বৰ্গ আৰু পৃথিৱীৰ স্ৰজনকৰ্ত্তা, তেওঁ তোমালোকক আশীৰ্ব্বাদ কৰক। 16 ১৬ স্বৰ্গ হৈছে যিহোৱাৰেই স্বৰ্গ; কিন্তু পৃথিৱীখন হ’লে তেওঁ মনুষ্যক দিলে। 17 ১৭ মৃতলোকে যিহোৱাৰ প্রশংসা নকৰে; যিসকলে নিস্তব্ধ স্থানলৈ নামি যায়, তেওঁলোক কোনেও তেওঁৰ স্তুতি নকৰে। 18 ১৮ কিন্তু আমি হ’লে যিহোৱাৰ ধন্যবাদ কৰিম, এতিয়াৰ পৰা অনন্ত কাল পর্যন্ত কৰিম। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

< সামসঙ্গীত 115 >