< সামসঙ্গীত 114 >

1 ইস্রায়েল জাতি যেতিয়া মিচৰৰ পৰা ওলাই আহিল, যাকোবৰ বংশই যেতিয়া বিদেশী ভাষা কোৱা লোকৰ মাজৰ পৰা ওলাই আহিল, 2 তেতিয়া যিহূদা হ’ল ঈশ্বৰৰ পবিত্র স্থান, ইস্ৰায়েল হ’ল তেওঁৰ ৰাজ্য। 3 সমুদ্ৰই তাকে দেখি পলায়ন কৰিলে; যৰ্দ্দন নদী উজাই গ’ল। 4 পর্বতবোৰে মতা মেৰ-ছাগৰ নিচিনাকৈ, পাহাৰবোৰে মেৰ-ছাগ পোৱালীৰ নিচিনাকৈ জঁপিয়াবলৈ ধৰিলে। 5 হে সমুদ্ৰ, তোমাৰ কি হ’ল? কিয় তুমি পলাই গ’লা? হে যৰ্দ্দন, কিয় তুমি উজাই গ’লা? 6 হে পৰ্বতসমূহ, কিয় তোমালোকে মতা মেৰ-ছাগৰ দৰে জঁপিয়াবলৈ ধৰিলা? হে পাহাৰসমূহ, কিয় তোমালোকে মেৰ-ছাগ পোৱালীৰ দৰে জঁপিয়াবলৈ ধৰিলা? 7 হে পৃথিৱী! তুমি যিহোৱাৰ সন্মুখত কম্পমান হোৱা, যাকোবৰ ঈশ্বৰৰ সন্মুখত কম্পমান হোৱা। 8 তেওঁ শিলক জলাশয়লৈ পৰিণত কৰিলে, চক্‌মকীয়া কঠিন শিলক জলৰ এক ভুমুক কৰিলে।

< সামসঙ্গীত 114 >