< সামসঙ্গীত 113 >

1 তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা। হে যিহোৱাৰ দাসবোৰ, প্ৰশংসা কৰা; যিহোৱাৰ নামৰ প্ৰশংসা কৰা। 2 এতিয়াৰ পৰা অনন্ত কাললৈকে যিহোৱাৰ নাম ধন্য হওক। 3 সূৰ্যৰ উদয়স্থানৰ পৰা অস্তস্থান পর্যন্ত যিহোৱাৰ নাম প্ৰশংসিত হওঁক। 4 যিহোৱা সর্বজাতিৰ ওপৰত উন্নত; তেওঁৰ গৌৰৱ আকাশ-মণ্ডলতকৈয়ো ওখ। 5 আমাৰ ঈশ্বৰ যিহোৱাৰ তুল্য কোন আছে? যি জনাৰ আসন আকাশৰ ওপৰত সমাহীন, 6 যি জনাই নত হৈ আকাশ-মণ্ডল আৰু পৃথিৱীলৈ দৃষ্টিপাত কৰে; 7 তেওঁ ধুলিৰ পৰা দুখীয়াক উঠায়, সাৰৰ দ’মৰ পৰা দীনহীনক তোলে, 8 যাতে তেওঁ প্ৰধানসকলৰ লগত তেওঁলোকক বহুৱাব পাৰে, নিজৰ লোক সকলৰ প্ৰধানসকলৰ লগত বহুৱাব পাৰে। 9 তেওঁ বন্ধ্যা মহিলাক সুখী মাতৃ কৰি পৰিয়াল দান কৰে। তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা।

< সামসঙ্গীত 113 >