< সামসঙ্গীত 112 >

1 তোমালোকে যিহোৱাৰ প্ৰশংসা কৰা! ধন্য সেইজন, যিজনে যিহোৱালৈ ভয় ৰাখে আৰু তেওঁৰ আজ্ঞাবোৰত অতি আনন্দিত হয়। 2 তেওঁলোকৰ বংশধৰসকল পৃথিৱীত শক্তিশালী হ’ব; ঈশ্বৰভক্তসকলৰ বংশ আশীৰ্ব্বাদপ্ৰাপ্ত হ’ব। 3 তেওঁলোকৰ ঘৰত ধন-সম্পদ থাকে; তেওঁলোকৰ ধাৰ্মিকতা চিৰকাললৈকে থাকে। 4 ঈশ্বৰভক্তসকলৰ কাৰণে অন্ধকাৰতো দীপ্তি উদয় হয়; তেওঁলোক কৃপাময়, স্নেহশীল আৰু ধাৰ্মিক। 5 যিসকলে কৃপা কৰে আৰু ঋণ দিয়ে, তেওঁলোকৰ মঙ্গল হয়; তেওঁলোকে সকলো কার্যৰ বিচাৰ ন্যায়ভাৱে সম্পন্ন কৰে। 6 কাৰণ ধার্মিক লোক কেতিয়াও লৰচৰ নহ’ব; ধাৰ্মিক লোকক মানুহে চিৰকাল সোঁৱৰণ কৰিব। 7 দুঃসংবাদ শুনিলেও তেওঁলোকে ভয় নকৰিব; তেওঁলোকৰ হৃদয় দৃঢ় হৈ থাকে; তেওঁলোকে যিহোৱাত ভাৰসা ৰাখে। 8 তেওঁলোকৰ হৃদয় সুস্থিৰ; তেওঁলোকে ভয় নকৰে; শেষত তেওঁলোকে নিজৰ শত্ৰুবোৰৰ ওপৰত বিজয় দেখিব। 9 তেওঁলোকে মুক্তহস্তে দৰিদ্রসকলক দান কৰিলে; তেওঁলোকৰ ধাৰ্মিকতা চিৰকাললৈকে থাকে; তেওঁলোকৰ শিং মৰ্য্যদাৰে উন্নত হয়। 10 ১০ দুষ্টলোকে তাকে দেখি ক্রোধিত হ’ব; তেওঁলোকে দাঁত কৰচিব আৰু গলি যাব; দুষ্টবোৰৰ মনৰ কামনা নিস্ফল হ’ব।

< সামসঙ্গীত 112 >