< সামসঙ্গীত 11 >

1 মই যিহোৱাতে আশ্ৰয় লৈছোঁ। তোমালোকে কেনেকৈ মোক ক’ব পাৰা, “পক্ষীৰ দৰে উৰি পৰ্ব্বতলৈ পলাই যোৱা?”
Musiqi rəhbəri üçün. Davudun məzmuru. Rəbbə pənah gətirmişəm. Könlümə necə deyə bilərsiniz ki, Quş kimi dağlara uç?
2 কিয়নো চোৱা! শুদ্ধ অন্তৰৰ লোকক আন্ধাৰৰ পৰা আহত কৰিবৰ কাৰণে দুষ্টবোৰে নিজৰ ধনু ভিৰাই লৈছে, তেওঁলোকে তাত কাঁড় লগাইছে।
Bax pislər ox-kaman qurublar, Oxlarını yayın üstünə qoyublar, Qaranlıqda dayanıblar, Ürəyidüz olanları nişan alıblar.
3 যদি ভিত্তিমূলবোৰ ধ্বংস কৰা হয়, তেন্তে ধাৰ্মিকসকলে কি কৰিব পাৰিব?
Əgər hər şey təməlindən dağılarsa, Salehlər nə edə bilər?
4 কিন্তু যিহোৱা, তেওঁৰ পবিত্ৰ মন্দিৰত আছে; তেওঁৰ সিংহাসন স্বর্গতে আছে। তেওঁ মানুহলৈ চাই থাকে, তেওঁৰ চকুৱে মানুহক পৰীক্ষা কৰে।
Rəbb Öz müqəddəs məbədindədir, Onun taxtı göylərdədir. Rəbbin görən gözləri var, gözünü açar, Bəşər övladlarına diqqətlə baxar.
5 যিহোৱাই ধাৰ্মিক আৰু দুষ্ট সকলোকে পৰীক্ষা কৰে; কিন্তু যিবোৰ দুষ্ট, অত্যাচাৰপ্রিয়, তেনেলোকক তেওঁ ঘৃণা কৰে।
Rəbb saleh adamı sınaqdan keçirir, Pisə, zülmkarasa nifrət edir.
6 তেওঁ দুষ্ট লোকৰ ওপৰত জ্বলন্ত অগ্নি আৰু গন্ধক বর্ষাব; তেওঁৰ পাত্রৰ পৰা দগ্ধ কৰি নিয়া বতাহ তেওঁলোকৰ ভাগত হ’ব।
Pislərin üstünə odlu köz, kükürd yağdırır, Onların kasalarına düşən pay səmum yeli olacaq.
7 যিহোৱা ধাৰ্মিক, আৰু ধার্মিকতা তেওঁ ভাল পায়; সৎ লোকে তেওঁৰ মুখ দেখা পাব।
Çünki Rəbb adildir, ədaləti sevir, Əməlisalehlər Onun üzünü görəcək.

< সামসঙ্গীত 11 >