< সামসঙ্গীত 108 >

1 হে ঈশ্বৰ, মোৰ মন সুস্থিৰ; মোৰ মন সুস্থিৰ আছে; মই গীত গাম; মোৰ প্ৰাণেৰে সৈতে প্ৰশংসাৰ গানৰ সুৰ তুলিম।
canticum psalmi David paratum cor meum Deus paratum cor meum cantabo et psallam in gloria mea
2 হে নেবল আৰু বীণা, সাৰ পোৱা; মই প্ৰভাতক জগাম।
exsurge psalterium et cithara exsurgam diluculo
3 হে যিহোৱা, জাতি সমূহৰ মাজত মই তোমাৰ ধন্যবাদ কৰিম। তেওঁলোকৰ মাজত তোমাৰ প্ৰশংসাৰ গান কৰিম।
confitebor tibi in populis Domine et psallam tibi in nationibus
4 কিয়নো তোমাৰ গভীৰ প্রেম আকাশমণ্ডলতকৈয়ো উচ্চ; তোমাৰ বিশ্ৱস্ততা মেঘ পর্যন্ত ব্যাপ্ত।
quia magna super caelos misericordia tua et usque ad nubes veritas tua
5 হে ঈশ্বৰ, আকাশমণ্ডলৰ ওপৰলৈকে তুমি উন্নত হোৱা; গোটেই পৃথিৱীৰ ওপৰত তোমাৰ গৌৰৱ হওক।
exaltare super caelos Deus et super omnem terram gloria tua
6 তুমি যি সকলক ভালপোৱা, তেওঁলোকে যেন উদ্ধাৰ পায়, তোমাৰ সোঁ হাতেৰে আমাক উদ্ধাৰ কৰা, আৰু মোক উত্তৰ দিয়া।
ut liberentur dilecti tui salvum fac dextera tua et exaudi me
7 ঈশ্বৰে নিজৰ পবিত্ৰতাত প্রতিজ্ঞা কৰিলে, “মই আনন্দেৰে সৈতে চিখিম ভাগ বাঁটি দিম, চুক্কোতৰ উপত্যকাৰ জৰীপ কৰি ভাগ কৰি দিম।
Deus locutus est in sancto suo exaltabor et dividam Sicima et convallem tabernaculorum dimetiar
8 গিলিয়দ মোৰেই, মনচিও মোৰেই; ইফ্ৰয়িম মোৰ শিৰোৰক্ষক; যিহূদা মোৰ বিচাৰদণ্ড;
meus est Galaad et meus est Manasse et Effraim susceptio capitis mei Iuda rex meus
9 মোৱাব মোৰ প্ৰক্ষালন-পাত্ৰ; ইদোমৰ ওপৰলৈ মই মোৰ জোতা নিক্ষেপ কৰিম; পলেষ্টিয়াৰ ওপৰত মই বিজয়ৰ উচ্চ-ধ্বনি কৰিম।”
Moab lebes spei meae in Idumeam extendam calciamentum meum mihi alienigenae amici facti sunt
10 ১০ কোনে মোক সেই শক্তিশালী নগৰৰ ভিতৰলৈ লৈ যাব? কোনে ইদোমলৈকে মোক পথ দেখুৱাই লৈ যাব?
quis deducet me in civitatem munitam quis deducet me usque in Idumeam
11 ১১ হে ঈশ্বৰ, তুমি আমাক জানো ত্যাগ কৰা নাই? আমাৰ সৈন্যসকলৰ লগত যুদ্ধলৈ তুমিতো পুনৰ নোযোৱা।
nonne tu Deus qui reppulisti nos et non exibis Deus in virtutibus nostris
12 ১২ শত্ৰুৰ বিৰুদ্ধে তুমি আমাক সহায় কৰ; কিয়নো মানুহৰ সাহার্য বৃথা।
da nobis auxilium de tribulatione quia vana salus hominis
13 ১৩ ঈশ্বৰৰ সহায়ত আমি সাহসেৰে কাৰ্য কৰিম; কিয়নো আমাৰ শত্ৰুবোৰক তেৱেঁই ভৰিৰে গচকিব।
in Deo faciemus virtutem et ipse ad nihilum deducet inimicos nostros

< সামসঙ্গীত 108 >