< সামসঙ্গীত 105 >

1 যিহোৱাৰ ধন্যবাদ কৰা, তেওঁৰ নামত প্ৰাৰ্থনা কৰা; জাতিবোৰৰ মাজত তেওঁৰ কাৰ্যবোৰ জনোৱা।
Alleluia. Give thanks to the Lord, and call upon his name; declare his works among the heathen.
2 তেওঁৰ উদ্দেশ্যে গীত গোৱা, তেওঁৰ উদ্দেশ্যে প্ৰশংসাৰ গান কৰা; তেওঁৰ আচৰিত কাৰ্যবোৰৰ বিষয়ে কোৱা।
Sing to him, yea, sing praises to him: tell forth all his wonderful works.
3 তোমালোকে তেওঁৰ পবিত্ৰ নামৰ গৌৰৱ কৰা; যিহোৱাক বিচৰাসকলৰ হৃদয়ে আনন্দ কৰক।
Glory in his holy name: let the heart of them that seek the Lord rejoice.
4 তোমালোকে যিহোৱা আৰু তেওঁৰ শক্তি বিচাৰা; নিতৌ তেওঁৰ সাক্ষাৎ হ’বলৈ বিচাৰা।
Seek ye the Lord, and be strengthened; seek his face continually.
5 তেওঁ কৰা আচৰিত কাৰ্যবোৰ সোঁৱৰণ কৰা; তেওঁৰ অদ্ভুত কার্য আৰু তেওঁৰ মুখে কৰা বিচাৰবোৰ সোঁৱৰণ কৰা।
Remember his wonderful works that he has done; his wonders, and the judgments of his mouth;
6 তোমালোক তেওঁৰ দাস অব্ৰাহামৰ বংশধৰ, তেওঁৰ মনোনীত যাকোবৰ সন্তান।
[ye] seed of Abraam, his servants, [ye] children of Jacob, his chosen ones.
7 তেৱেঁই আমাৰ ঈশ্বৰ যিহোৱা; তেওঁৰ শাসন-প্ৰণালী সমুদায় পৃথিৱীত বিদ্যমান।
He is the Lord our God; his judgments are in all the earth.
8 তেওঁ অনন্তকাললৈকে নিজ নিয়ম সোঁৱৰণ কৰে, আৰু সেই বাক্যৰ আদেশ তেওঁ হাজাৰ হাজাৰ পুৰুষলৈকে দিলে।
He has remembered his covenant for ever, the word which he commanded for a thousand generation:
9 সেই নিয়ম তেওঁ অব্ৰাহামৰে সৈতে স্থাপন কৰিছিল আৰু ইচহাকৰ আগত প্রতিজ্ঞা কৰিছিল।
which he established as a covenant to Abraam, and [he remembered] his oath to Isaac.
10 ১০ তেওঁ তাক যাকোবৰ কাৰণে এক বিধি ৰূপে, ইস্ৰায়েলৰ কাৰণে এটি অনন্তকলীয়া নিয়ম ৰূপে স্থিৰ কৰিলে।
And he established it to Jacob for an ordinance, and to Israel for an everlasting covenant;
11 ১১ তেওঁ ক’লে, “মই তোমাক কনান দেশখন দিম; সেয়াই হ’ব তোমাৰ আধিপত্য।
saying To thee will I give the land of Chanaan, the line of your inheritance:
12 ১২ সেই কালত তেওঁলোকৰ সংখ্যা অধিক নাছিল, তেওঁলোক অতি তাকৰ আছিল আৰু তাত তেওঁলোক প্ৰবাসী আছিল;
when they were few in number, very few, and sojourners in it.
13 ১৩ তেওঁলোকে যেতিয়া তাত এটা জাতিৰ পৰা আন জাতিৰ ওচৰলৈ, এক ৰাজ্যৰ পৰা আন লোক সমূহৰ মাজত ভ্ৰমি ফুৰিছিল,
And they went from nation to nation, and from [one] kingdom to another people.
14 ১৪ তেতিয়া তেওঁ কোনো মনুষ্যকে তেওঁলোকৰ ওপৰত উপদ্রৱ কৰিবলৈ নিদিলে; বৰং তেওঁলোকৰ কাৰণে তেওঁ ৰজাসকলক ধমক দি কৈছিল,
He suffered no man to wrong them; and he rebuked kings for their sakes:
15 ১৫ “তোমালোকে মোৰ অভিষিক্ত ব্যক্তিসকলক স্পর্শ নকৰিবা; মোৰ ভাববাদীসকলৰো কোনো অপকাৰ নকৰিবা।”
[saying], Touch not my anointed ones; and do my prophets no harm.
16 ১৬ তেওঁ সেই দেশলৈ দুৰ্ভিক্ষ মাতি আনিলে, তেওঁ সম্পূর্ণৰূপে শস্যৰ ভঁৰালবোৰ ধ্বংস কৰি পেলালে।
Moreover he called for a famine upon the land; he broke the whole support of bread.
17 ১৭ তেতিয়া তেওঁ তেওঁলোকৰ আগেয়ে এজন মানুহ পঠালে- যিজনৰ নাম যোচেফ আছিল; তেওঁক দাসৰূপে বেচা হ’ল।
He sent a man before them; Joseph was sold for a slave.
18 ১৮ লোকসকলে তেওঁৰ ভৰিত বেৰীৰ শিকলিৰে দুখ দিলে; লোহাৰ শিকলিৰে তেওঁৰ ডিঙি বন্ধা হ’ল।
They hurt his feet with fetters; his soul passed into iron,
19 ১৯ যেতিয়ালৈকে তেওঁ কোৱা বাক্য সিদ্ধ নহয়, তেতিয়ালৈকে যিহোৱাৰ বাক্যই তেওঁক পৰীক্ষা কৰি আছিল।
until the time that his cause came on; the word of the Lord tried him as fire.
20 ২০ ৰজাই লোক পঠাই তেওঁক মুকলি কৰি দিলে, লোকসকলৰ শাসনকর্তাই তেওঁক মুক্ত কৰিলে।
The king sent and loosed him; [even] the prince of the people, and let him go free.
21 ২১ তেওঁ তেওঁক নিজৰ ৰাজগৃহৰ প্ৰভু পাতিলে, সকলো সম্পত্তিৰ কর্তা কৰিলে।
He made him Lord over his house, and ruler of all his substance;
22 ২২ যাতে তেওঁ তেওঁৰ ৰাজকর্মচাৰীসকলক ইচ্ছা অনুসাৰে অধীনত ৰাখিব পাৰে, আৰু তেওঁৰ বৃদ্ধসকলক জ্ঞানৰ পৰামর্শ দিব পাৰে।
to chastise his rulers at his pleasure, and to teach his elders wisdom.
23 ২৩ তাৰ পাছত ইস্ৰায়েল মিচৰ দেশলৈ আহিল, যাকোবে হাম বংশীয়সকলৰ দেশত প্ৰবাস কৰিলে।
Israel also came into Egypt, and Jacob sojourned in the land of Cham.
24 ২৪ ঈশ্বৰে নিজৰ লোকসকলৰ বংশ অতিশয় বৃদ্ধি কৰিলে, শত্ৰুবোৰতকৈয়ো তেওঁলোকক শক্তিশালী কৰিলে।
And he increased his people greatly, and made them stronger than their enemies.
25 ২৫ তেওঁ মিচৰীয়সকলৰ অন্তৰক এনে পৰিবর্তন আনি দিলে যে, তেওঁলোকে তেওঁৰ লোকসকলক ঘৃণা কৰিলে; তেওঁৰ দাসবোৰৰ প্রতি ধূর্ত ব্যৱহাৰ কৰিলে।
And he turned their heart to hate his people, to deal craftily with his servants.
26 ২৬ তেওঁ নিজ দাস মোচিক আৰু তেওঁৰ মনোনীত হাৰোণক পঠালে;
He sent fort Moses his servant, [and] Aaron whom he had chosen.
27 ২৭ তেওঁলোকে তেওঁলোকৰ মাজত নানা চিন আৰু হাম দেশত অদ্ভুত লক্ষণবোৰ দেখুৱালে;
He established among them his signs, and [his] wonders in the land of Cham.
28 ২৮ তেওঁ অন্ধকাৰ পঠালে, তাতে সেই দেশ আন্ধাৰ হ’ল; তেওঁৰ বাক্যৰ বিৰুদ্ধে তেওঁলোকে বিৰুদ্ধাচৰণ নকৰিলে।
He sent forth darkness, and made it dark; yet they rebelled against his words.
29 ২৯ তেওঁলোকৰ জল সমূহক তেওঁ তেজলৈ পৰিণত কৰিলে; তাতে তেওঁলোকৰ সকলো মাছ মৰিল।
He turned their waters into blood, and slew their fish.
30 ৩০ তেওঁলোকৰ দেশ বেঙেৰে ভৰি পৰিল; এনে কি, তেওঁলোকৰ ৰজাসকলৰ ৰাজপ্রাসাদো বেঙেৰে ভৰি পৰিল।
Their land produced frogs abundantly, in the chambers of their kings.
31 ৩১ তেওঁৰ কথাতেই তেওঁলোকৰ সকলো অঞ্চলত জাকে জাকে ডাঁহ আৰু ওকণী আহিল।
He spoke, and the dog-fly came, and lice in all their coasts.
32 ৩২ তেওঁ তেওঁলোকক বৰষুণৰ পৰিবর্তে শিলাবৃষ্টি দিলে; গোটেই দেশ বিজুলী আৰু বজ্ৰপাতৰ অগ্নি বৰষালে।
He turned their rain into hail, [and sent] flaming fire in their land.
33 ৩৩ তেওঁলোকৰ দ্ৰাক্ষালতা আৰু ডিমৰু গছবোৰত তেওঁ আঘাত কৰিলে, আৰু দেশৰ গছবোৰ ভাঙি পেলালে।
And he smote their vines and their fig trees; and broke every tree of their coast.
34 ৩৪ তেওঁৰ কথাতেই কাকতি ফৰিং আহিল, অসংখ্য সৰু ফৰিঙো আহিল।
He spoke, and the locust came, and caterpillars innumerable,
35 ৩৫ সেইবোৰে তেওঁলোকৰ দেশৰ সকলো শাক-পাচলি আৰু ভূমিৰ সকলো শস্য খাই পেলালে।
and devoured all the grass in their land, and devoured the fruit of the ground.
36 ৩৬ তাৰ পাছত তেওঁলোকৰ সকলো শক্তিৰ প্রথম ফল অর্থাৎ দেশৰ জ্যেষ্ঠ পুত্র সংহাৰ কৰিলে।
He smote also every first-born of their land, the first-fruits of all their labour.
37 ৩৭ পাছত তেওঁ লোকসকলক ৰূপ আৰু সোণে সৈতে উলিয়াই আনিলে; তেওঁৰ ফৈদ সমূহৰ মাজত এজনো দুৰ্ব্বল হোৱা নাছিল।
And he brought them out with silver and gold; and there was not a feeble one among their tribes.
38 ৩৮ তেওঁলোক গুছি যোৱাত মিচৰীয়সকলে আনন্দ কৰিলে, কিয়নো তেওঁলোকে ইস্রায়েলীয়াসকলক ভীষণ ভয় কৰিছিল।
Egypt rejoiced at their departing; for the fear of them fell upon them.
39 ৩৯ তেওঁ চন্দ্ৰতাপৰ কাৰণে মেঘ বিস্তাৰ কৰিলে; ৰাতি পোহৰ দিবৰ কাৰণে অগ্নি দিলে।
He spread out a cloud for a covering to them, and fire to give them light by night.
40 ৪০ তেওঁলোকে আহাৰ বিচাৰিছিলে, তাতে তেওঁ তেওঁলোকক বটা চৰাই আনি দিলে; আৰু স্বর্গীয় আহাৰেৰে তেওঁলোকক তৃপ্ত কৰিলে।
They asked, and the quail came, and he satisfied them with the bread of heaven.
41 ৪১ তেওঁ শিল খুলি দিলে, তাতে জল ওলাই আহিল; সেয়ে নদীৰ দৰে মৰুভূমিৰ মাজেদি বৈ গ’ল।
He clave the rock, and the waters flowed, rivers ran in dry places.
42 ৪২ তেওঁ তেওঁৰ পবিত্ৰ প্রতিজ্ঞা সোঁৱৰণ কৰিলে; তেওঁৰ দাস অব্ৰাহামকো সোঁৱৰণ কৰিলে।
For he remembered his holy word, which [he promised] to Abraam his servant.
43 ৪৩ এইদৰে তেওঁ নিজৰ লোক সমূহক আনন্দেৰে সৈতে, তেওঁৰ মনোনীত লোকসকলক গীত-মাতেৰে সৈতে উলিয়াই আনিলে।
And he brought out his people with exultation, and his chosen with joy;
44 ৪৪ তেওঁ তেওঁলোকক অন্যান্য জাতিবোৰৰ দেশবোৰ দিলে; সেই সকলো জাতিৰ পৰিশ্রমৰ ফল তেওঁৰ লোকসকলে অধিকাৰ কৰিলে,
and gave them the lands of the heathen; and they inherited the labours of the people;
45 ৪৫ যেন তেওঁলোকে তেওঁৰ বিধিবোৰ পালন কৰে আৰু তেওঁৰ ব্যৱস্থাবোৰ মানি চলে। তোমালোকে যিহোৱাৰ প্রশংসা কৰা।
that they might keep his ordinances, and diligently seek his law.

< সামসঙ্গীত 105 >