< সামসঙ্গীত 10 >

1 হে যিহোৱা, তুমি কিয় দূৰৈত ৰৈ আছা? সঙ্কটৰ সময়ত কিয় তুমি নিজকে লুকুৱাই ৰাখা?
למה יהוה תעמד ברחוק תעלים לעתות בצרה׃
2 অহংকাৰৰ কাৰণে দুষ্টলোকে দৰিদ্রক নির্যাতিত কৰে; তেওঁলোকৰ নিজৰ কু-পৰিকল্পনাত তেওঁলোক নিজেই ধৰা পৰক;
בגאות רשע ידלק עני יתפשו במזמות זו חשבו׃
3 দুষ্টলোকে নিজৰ মনৰ দুষ্ট ইচ্ছাত অহংকাৰ কৰে; লুভীয়া লোকে নিজৰ লাভৰ বাবে যিহোৱাক অভিশাপ দিয়ে আৰু তেওঁক হেয়জ্ঞান কৰে।
כי הלל רשע על תאות נפשו ובצע ברך נאץ יהוה׃
4 দুষ্টলোকে নিজৰ সমর্থনত গৰ্ব্ব কৰি কয়; “ঈশ্বৰে ইয়াক বিচাৰি নাপাব;” তেওঁলোকৰ চিন্তাবোৰ এয়ে যে, “ঈশ্বৰ বুলি কোনো নাই।”
רשע כגבה אפו בל ידרש אין אלהים כל מזמותיו׃
5 সকলো সময়তে তেওঁলোক সফলতাৰ পথত আগবাঢ়ি যায়; তোমাৰ ন্যায় বিচাৰ ইমান ওপৰত আছে যে, সেয়া তেওঁলোকৰ চকুৰ দৃষ্টিৰ বাহিৰত; তেওঁলোকে নিজৰ সকলো শত্রুকে তুচ্ছ কৰে।
יחילו דרכו בכל עת מרום משפטיך מנגדו כל צורריו יפיח בהם׃
6 তেওঁলোকে মনতে কয়, “একোৱেই মোক লৰচৰ কৰিব নোৱাৰিব। আমাৰ সকলো পুৰুষতে কোনো কালে বিপদ নহ’ব।”
אמר בלבו בל אמוט לדר ודר אשר לא ברע׃
7 তেওঁলোকৰ মুখ অভিশাপ, ছলনা আৰু অত্যাচাৰী কথাৰে পৰিপূৰ্ণ; তেওঁলোকৰ জিভাৰ তলত অন্যায় আৰু অপৰাধৰ কথা থাকে।
אלה פיהו מלא ומרמות ותך תחת לשונו עמל ואון׃
8 গাৱঁৰ ওচৰত তেওঁলোকে গোপনে খাপ পাতি বহি থাকে; সেই গোপন ঠাইতে তেওঁলোকে নিৰ্দ্দোষীক হত্যা কৰে; কোনোবাই অসহায়ৰ ওপৰত গোপনে লক্ষ্য ৰাখি খাপ দি থাকে।
ישב במארב חצרים במסתרים יהרג נקי עיניו לחלכה יצפנו׃
9 তেওঁলোকে গুপুত ঠাইত খাপ পাতি সিংহৰ দৰে প্রতীক্ষাত থাকে; তেওঁলোকে প্রতীক্ষা কৰি থাকে যাতে অসহায় দৰিদ্রজনক ধৰিব পাৰে; তাৰ পাছত তেওঁলোকে দৰিদ্রজনক ধৰি চোঁচোৰাই লৈ নিজৰ জালত পেলায়।
יארב במסתר כאריה בסכה יארב לחטוף עני יחטף עני במשכו ברשתו׃
10 ১০ তেওঁলোকে চাপৰি কুঁজা হৈ অসহায়জনক তেওঁলোকৰ শক্তিত আৱদ্ধ কৰে।
ודכה ישח ונפל בעצומיו חלכאים׃
11 ১১ তেওঁলোকে নিজৰ মনতে ভাৱে, “ঈশ্বৰে পাহৰিলে; তেওঁ নিজৰ মুখ লুকুৱাই থৈছে; তেওঁ কেতিয়াও আমাক দেখা নাপাব।”
אמר בלבו שכח אל הסתיר פניו בל ראה לנצח׃
12 ১২ হে যিহোৱা, উঠা; হে ঈশ্বৰ তোমাৰ হাত তুলি ধৰা; নির্যাতিত সকলক পাহৰি নাযাবা।
קומה יהוה אל נשא ידך אל תשכח עניים׃
13 ১৩ দুষ্টবোৰে ঈশ্বৰক কিয় তুচ্ছ বুলি ভাৱে? তেওঁলোকে কিয় মনে মনে ভাৱে যে, “তেওঁ আমাৰ ওচৰত কোনো হিচাব নিবিচাৰিব?”
על מה נאץ רשע אלהים אמר בלבו לא תדרש׃
14 ১৪ কিন্তু, হে ঈশ্বৰ, তুমি হ’লে দেখা পোৱা; অৱশ্যেই তুমি দুখ-কষ্ট আৰু সঙ্কটলৈ চকু দিয়া, তুমি তোমাৰ হাতেৰেই ইয়াৰ ব্যৱস্থা ল’ব পাৰা; অসহায়জনে তোমাৰ ওচৰতে নিজক সমৰ্পণ কৰে; তুমিয়েইতো অনাথক সহায় কৰোঁতা জনা
ראתה כי אתה עמל וכעס תביט לתת בידך עליך יעזב חלכה יתום אתה היית עוזר׃
15 ১৫ দুষ্ট আৰু অসৎ লোকৰ ক্ষমতাৰ বাহু তুমি ভাঙি পেলোৱা; তেওঁলোকৰ সকলো অন্যায় কার্যৰ শেষ পর্যন্ত হিচাব বিচাৰ কৰা।
שבר זרוע רשע ורע תדרוש רשעו בל תמצא׃
16 ১৬ যিহোৱা চিৰকালৰ ৰজা; তেওঁৰ দেশৰ পৰা জাতিবোৰ ধ্বংস হৈ যাব।
יהוה מלך עולם ועד אבדו גוים מארצו׃
17 ১৭ হে যিহোৱা, নম্ৰ লোকৰ অন্তৰৰ ইচ্ছাৰ কথা তুমি শুনিবা; তুমি তেওঁলোকৰ হৃদয়ত সাহস দিবা, তুমি তেওঁলোকৰ প্রার্থনালৈ কাণ দিবা;
תאות ענוים שמעת יהוה תכין לבם תקשיב אזנך׃
18 ১৮ এই পৃথিৱীৰ লোকে তেওঁলোকক যেন পুনৰ ভয় দেখুৱাব নোৱাৰিব; তাৰবাবে তুমিয়েই অনাথ আৰু নির্য্যাতিত লোকসকলৰ পক্ষত থিয় হ’ব পাৰা।
לשפט יתום ודך בל יוסיף עוד לערץ אנוש מן הארץ׃

< সামসঙ্গীত 10 >