< প্রবচন 6 >

1 হে মোৰ পুত্র, তুমি যদি তোমাৰ চুবুৰীয়াৰ জামিন হ’বলৈ তোমাৰ ধন এফলিয়া কৈ ৰাখা, তুমি যদি কোনো অচিনাকী লোকক ধাৰ দিবলৈ প্রতিজ্ঞা কৰা,
Mans bērns, ja tu priekš sava tuvākā galvojis un roku devis priekš cita,
2 তেনেহ’লে তুমি নিজে কৰা প্রতিজ্ঞাৰ দ্বাৰাই ফান্দত পৰিবা, আৰু তুমি নিজৰ মুখৰ কথাৰ দ্বাৰাই ধৰা পৰিবা।
Tad tu esi sasaistīts ar savas mutes valodu un savaldzināts ar savas mutes vārdiem.
3 হে মোৰ পুত্র, সেই বিষয়ত তুমি এইদৰে কৰা আৰু নিজকে ৰক্ষা কৰা; কাৰণ তুমি তোমাৰ চুবুৰীয়াৰ অনুগ্রহত আছা। যোৱা আৰু নিজকে নম্র কৰি তোমাক মুক্ত কৰিবলৈ তোমাৰ চুবুৰীয়াক মিনতি কৰা।
Tad dari jel tā mans bērns, un izglābies, ja tu savam tuvākam rokā esi nācis; ej, meties zemē priekš viņa un spied savu tuvāko;
4 তোমাৰ চকুক টোপনি যাবলৈ নিদিবা, আৰু চকুৰ পতাক মুদ যাবলৈ নিদিবা।
Nedod savām acīm miega, nedod savām acīm dusas;
5 হৰিণে চিকাৰীৰ হাতৰ পৰা ৰক্ষা পোৱাৰ দৰে, আৰু চৰাইয়ে চিকাৰীৰ হাতৰ পৰা ৰক্ষা পোৱাৰ দৰে তুমি নিজকে ৰক্ষা কৰা।
Izglābies kā stirna no viņa rokas un kā putns no mednieka rokas!
6 হে এলেহুৱা লোক, পৰুৱালৈ দৃষ্টি কৰা, সিহঁতৰ কাৰ্যলৈ চাই জ্ঞানী হোৱা।
Ej pie skudras, sliņķi, skaties viņas ceļus un topi gudrs!
7 সিহঁতৰ কোনো অধিপতি, কাৰ্যধ্যক্ষ, বা শাসনকৰ্ত্তা নাই,
Lai tai nav valdnieka, ne virsnieka, ne kunga,
8 তথাপি সিহঁতে জহকালৰ আহাৰ গোটায়, আৰু শস্য দোৱাৰ সময়ত আহাৰ চপায়।
Tā tomēr savu maizi sagādā vasarā, savu barību sakrāj pļaujamā laikā.
9 হে এলেহুৱা, তুমি কিমান কাল শুই থাকিবা? আৰু কেতিয়া টোপনিৰ পৰা উঠিবা?
Cik ilgi tu gulēsi, sliņķi? Kad tu celsies no sava miega?
10 ১০ “আৰু অলপ শুই থাকো, আৰু অলপ টোপনিয়াও, আৰু অলপ জিৰণী লবলৈ হাত সাৱটো”-
Guli maķenīt, snaudi maķenīt, saliec maķenīt rokas miegā;
11 ১১ তেতিয়া তোমাৰ দৰিদ্ৰতা ডকাইতৰ দৰে, আৰু তোমাৰ প্রয়োজনীতা সুসজ্জিত ৰণুৱাৰ দৰে আহিব।
Tad tava nabadzība tev pienāks nākdama, un tavs trūkums, kā apbruņots vīrs.
12 ১২ এজন অপদাৰ্থ ব্যক্তি, এজন পাপী লোক- কটু কথাৰ দ্বাৰাই জীয়াই থাকে।
Nelieša cilvēks ir tāds negants vīrs, kas staigā ar netiklu muti,
13 ১৩ তেওঁ চকু টিপিয়াই আৰু ভৰিৰে সঙ্কেত দিয়ে, আৰু আঙুলিৰে ইঙ্গিত কৰে।
Met ar acīm, piegrūž ar kājām, zīmē ar pirkstiem.
14 ১৪ তেওঁ হৃদয়ৰ প্রতাৰণাৰ সৈতে বেয়া চক্রান্ত কৰে, তেওঁ সদায় বিবাদক আলোড়িত কৰে,
Netiklība ir viņa sirdī, viņš domā vienmēr uz ļaunu, saceļ ķildas.
15 ১৫ সেই কাৰণে তেওঁলৈ অকস্মাতে দুৰ্যোগ আহে; তৎক্ষণাত সুস্থ হ’ব নোৱাৰাকৈ তেওঁ ভাঙি পৰে।
Tādēļ viņam nelaime nāks piepeši, viņš ātri taps satriekts un dziedināšanas nebūs.
16 ১৬ যিহোৱাই ঘিণ কৰা বিষয় ছয়টা, সপ্তমটো তেওঁলৈ বিতৃষ্ণাজনক।
Šās sešas lietas Tas Kungs ienīst, un tā septītā viņam ir negantība:
17 ১৭ গৰ্ব্ব কৰা চকু, মিছা কথা কোৱা জিভা, নিৰ্দ্দোষীৰ তেজত পতিত হোৱা হাত,
Lepnas acis, melu mēle un rokas, kas nenoziedzīgas asinis izlej,
18 ১৮ বেয়া পৰিকল্পনা কৰা হৃদয়, বেয়া কৰ্ম কৰিবলৈ বেগাই দৌৰ মৰা ভৰি,
Sirds, kas negantus nodomus perē; kājas, kas mudīgas uz ļaunu skriet;
19 ১৯ মিছা কথা ব্যক্ত কৰা সাক্ষী, আৰু ভাইসকলৰ মাজত কন্দলৰূপ গুটি সিচোঁতা লোক।
Viltīgs liecinieks, kas droši melus runā, un kas ķildu ceļ starp brāļiem. -
20 ২০ হে মোৰ পুত্র, তুমি তোমাৰ পিতৃৰ আজ্ঞা পালন কৰা, আৰু তোমাৰ মাতৃৰ শিক্ষা হেয়জ্ঞান নকৰিবা।
Mans bērns, glabā sava tēva pamācīšanu un nepamet savas mātes mācību.
21 ২১ সেইবোৰ সদায় তোমাৰ হৃদয়ত গাঁঠি থোৱা, আৰু সেইবোৰ ডিঙিত বান্ধি ৰাখা।
Sasien to allažiņ uz savas sirds un sien to ap savu kaklu.
22 ২২ তুমি যেতিয়া খোজ কাঢ়িবা, তেতিয়া সেইবোৰে তোমাক পৰিচালনা কৰিব, তুমি যেতিয়া শুবা, তেতিয়া সেইবোৰে তোমাক পৰ দি ৰাখিব, আৰু যেতিয়া তুমি শুই উঠিবা, তেতিয়া সেইবোৰে তোমাক শিক্ষা প্রদান কৰিব।
Kad tu staigā, tad tā tevi pavadīs; kad tu apgulies, tad tā tevi apsargās, un kad tu uzmodies, tad tā ar tevi runās;
23 ২৩ কাৰণ সেই আজ্ঞাবোৰ প্ৰদীপস্বৰূপ, আৰু সেই শিক্ষা পোহৰস্বৰূপ হয়, নেতিবাচক অনুশাসন জীৱনৰ পথ হয়।
Jo pamācīšana ir spīdeklis, un mācība gaišums, un kad pārmāca un rāj, tas ir dzīvības ceļš;
24 ২৪ অসৎ মহিলাৰ পৰা, আৰু ব্যভিচাৰিণীৰ মিঠা কথাৰ পৰা ই তোমাক দূৰ কৰি ৰাখে,
Ka tās tev izsargā no negodīgas sievas, no svešas sievietes mīkstās mēles.
25 ২৫ তুমি তোমাৰ অন্তৰেৰে তেওঁৰ সৌন্দৰ্যত মোহ নাযাবা, আৰু তেওঁক তেওঁৰ চকুৰে তোমাক মোহিত কৰিব নিদিবা।
Nekāro savā sirdī pēc viņas skaistuma, un lai viņa tevi nesagūsta ar savām acīm;
26 ২৬ বেশ্যা মহিলাৰ সৈতে শয়ন কৰা, এটা পিঠাৰ মূল্যৰ সমান হ’ব পাৰে, কিন্তু অন্য লোকৰ ভাৰ্যাই তোমাৰ সমগ্র জীৱন ক্ষতি কৰিব পাৰে।
Jo caur mauku tiek līdz maizes drupekļiem, un vīra sieva tev notvers pat dārgo dzīvību.
27 ২৭ কাপোৰ নোপোৰাকৈ কোনোবাই নিজৰ বুকুত, জুই ৰাখিব পাৰে নে?
Vai arī uguni var klēpī ņemt, un drēbes nesadegtu?
28 ২৮ কোনোবাই জানো নিজৰ ভৰি নোপোৰাকৈ, জ্বলি থকা আঙঠাৰ ওপৰত খোজকাঁঢ়িব পাৰে নে?
Vai uz kvēlošām oglēm var iet un nesadedzinātu kājas?
29 ২৯ সেয়ে যি মানুহে নিজৰ চুবুৰীয়াৰ ভাৰ্যাৰ ওচৰলৈ যায়, সেই জনে তেওঁৰে সৈতে সম্পৰ্ক কৰিলে, তেওঁ দণ্ড নোপোৱাকৈ নাথাকে।
Tāpat, kas ieiet pie otra sievas; nesodīts nepaliks, kas to aizskar.
30 ৩০ চোৰে ক্ষুধাতুৰ হৈ পেট ভৰাবলৈ চুৰ কৰিলে, লোকসকলে তেওঁক ঘিণ নকৰিব পাৰে;
Zaglim nepiedod vis, ka zog izsalcis, vēderu pildīt.
31 ৩১ কিন্তু ধৰা পৰিলে, তেওঁ তাৰ সাত গুণ ক্ষতি পুৰণ কৰিব লাগিব, আৰু নিজৰ ঘৰৰ সৰ্ব্বস্বৰ মূল্য দিব লগা হ’ব।
Bet pieķerts tas septiņkārt atlīdzinās, visu sava nama padomu tas atdos.
32 ৩২ যিজনে পৰস্ত্ৰীৰ সৈতে সহবাস কৰে তেওঁ জ্ঞানশূন্য; যি মানুহে এনে কাৰ্য কৰে, তেওঁ নিজকে ধ্বংস কৰে।
Kas ar sievu laulību pārkāpj, tam prāta nav; to tik dara, kas sev dzīvību grib nogalināt.
33 ৩৩ তেওঁ আঘাত আৰু অপমান পোৱাৰ যোগ্য; আৰু তেওঁৰ অপমান কেতিয়াও মচি দিয়া নহ’ব।
Tam būs kāviens un kauns un negods bez gala;
34 ৩৪ কাৰণ ঈৰ্ষাই মানুহক ক্রোধাম্বিত কৰে; তেওঁ যেতিয়া প্ৰতিশোধ লয়, তেতিয়া তেওঁ দয়া নেদেখোৱায়।
Jo viņas vīra dusmas iekarsušās netaupīs atriebšanas laikā.
35 ৩৫ তেওঁ কোনো প্ৰকাৰৰ ক্ষতিপূৰণ গ্ৰহণ নকৰিব; আৰু তুমি তেওঁক বহুত উপহাৰ দিলেও তেওঁক কিনিব নোৱাৰিবা।
Tas nebēdās ne par kādu līdzību(izpirkumu), un nebūs miera, cik dāvanu arī nedotu.

< প্রবচন 6 >