< প্রবচন 30 >

1 যাকিৰ পুত্ৰ আগুৰে ঈশ্বৰীয় বচন কোৱা: এই মানুহে ঈথীয়েল আৰু উকালত ঘোষণা কৰে:
Yaqe oğlu Aqurun sözləri, onun kəlamı. Bu adam Yetielə, Yetiel və Ukala belə dedi:
2 যি কোনো মনুষ্যতকৈ নিশ্চয় মই বহুত বেছি জন্তুৰ দৰে, আৰু মনুষ্যজাতিৰ বুজা শক্তি মোৰ নাই,
Həqiqətən, mən hamıdan ağılsızam, İnsan idrakına malik deyiləm.
3 আৰু মই প্ৰজ্ঞা শিকা নাই, নাইবা পবিত্ৰ জনাৰ বিষয়েও জ্ঞান পোৱা নাই।
Nə hikmət öyrənmişəm, Nə də Müqəddəsin biliyindən xəbərim var.
4 কোন স্বৰ্গলৈ উঠি গৈছিল, আৰু নামি আহিছিল? কোনে নিজৰ হাতৰ মুঠিত বতাহ ধৰিছিল? কোনে জল সমূহক বান্ধি লুকুৱাই ৰাখিছিল? কোনে পৃথিবীৰ সকলো সীমা স্থাপন কৰিছিল? তেওঁৰ নাম কি? আৰু তেওঁৰ পুত্ৰৰ নাম কি? নিশ্চয় তুমি জানা!
Kim göylərə qalxıb endi? Kim yeli ovcunda topladı? Kim suları paltarına sarıdı? Yer üzünün qurtaracağınadək hər yeri kim yaratdı? Adı nədir? Oğlunun adı nədir? Bilirsənmi?
5 ঈশ্বৰৰ প্ৰতিটো বাক্য প্রমাণিত, তেওঁত আশ্ৰয় লোৱা সকলৰ তেওঁ ঢাল হয়।
Allahın hər bir kəlamı safdır, Ona pənah gətirənlərin sipəri Odur.
6 তেওঁৰ বাক্যৰ লগত একো যোগ নিদিবা; নহ’লে তেওঁ তোমাক তিৰস্কাৰ কৰিব, আৰু তুমি মিছলীয়া বুলি প্রমাণিত হবা।
Onun sözünə heç nəyi əlavə etmə, Yoxsa səni tənbeh edər, yalanını çıxarar.
7 মই তোমাৰ আগত দুটা বস্তু খুজিছোঁ; মোৰ মৃত্যু হোৱাৰ আগতে সেই বস্তু দুটা মোক দিবলৈ অমান্তি নহ’বা।
Ey Allah, Səndən iki şey istəyirəm, Nə qədər ömrüm var, məndən onları əsirgəmə:
8 অহংকাৰ আৰু মিছা কথা মোৰ পৰা দূৰ কৰা; মোক দৰিদ্ৰ নাইবা ধনৱান নকৰিবা; কেৱল মোৰ প্রয়োজনীয় আহাৰ মোক দিয়া।
Saxta, yalan sözlər qoy məndən uzaq olsun; Məni nə yoxsul, nə də zəngin et, Ancaq mənə gündəlik çörəyimi ver.
9 কাৰণ মোৰ যদি অতিৰিক্ত থাকে, তেনেহ’লে মই তোমাক অস্বীকাৰ কৰিম আৰু ক’ম, “যিহোৱা নো কোন?” বা মই যদি দৰিদ্ৰ হওঁ আৰু চুৰ কৰোঁ, তেনেহ’লে মোৰ ঈশ্বৰৰ নাম মই অপবিত্র কৰিম।
Varlansam, «Rəbb kimdir?» deyə Sənə küfr edərəm, Yoxsul olsam, oğurlaram və Allahımın adını ləkələrəm.
10 ১০ দাসক তেওঁৰ মালিকৰ আগত নিন্দা নকৰিবা; কৰিলে তেওঁ তোমাক শাও দিব, আৰু তুমি দোষী বুলি গণিত হ’ব।
Qul barədə ağasına pis sözlər demə, Yoxsa sənə qarğış edər, bu təqsirlə yüklənərsən.
11 ১১ এটা বংশ আছে, যি নিজৰ পিতৃক শাও দিয়ে, আৰু নিজৰ মাতৃক মহিমান্বিত নকৰে।
Adam var ki, atasına qarğış edir, Anasına alqış etmir.
12 ১২ সেই বংশই নিজে নিজৰ দৃষ্টিত শুদ্ধ; কিন্তু তেওঁলোকে নিজৰ কলুষিতা পৰিত্যাগ নকৰে।
Adam var ki, özünü təmiz sanır, Amma murdarlıqdan təmizlənməyib.
13 ১৩ সেই বংশ নিজৰ দৃষ্টিতে নিজে বহুত অহংকাৰী! আৰু তেওঁলোকে চকুৰ পিৰিঠি ওপৰ কৰি ৰাখে!
Adam var ki, yuxarıdan aşağı baxar, Təkəbbürlə baxmaq üçün gözlərini qaldırar.
14 ১৪ তেওঁলোক এনে বংশ; যিসকলৰ দাঁত তৰোৱালৰ দৰে, আৰু গালৰ হাড় ছুৰিৰ দৰে, সেয়ে তেওঁলোকে দেশৰ পৰা দৰিদ্ৰ সকলক আৰু মানুহৰ মাজৰ পৰা অভাৱী সকলক গ্রাস কৰিব পাৰে।
Adam var ki, dişləri qılınca bənzər, Elə bil çənəsinə bıçaqlar düzüb, Yer üzündən məzlumları udar, İnsanların içindən fəqirləri məhv edər.
15 ১৫ জোকৰ দুজনী জীয়েক আছে; “দিয়া দিয়া” বুলি তেওঁলোকে কান্দে। তিনিটা বিষয় আছে, যি কেতিয়াও সন্তুষ্ট নহয়, চতুৰ্থ বিষয়ে কেতিয়াও নকয় “যথেষ্ট হ’ল”
Zəlinin iki qızı var, «Ver, ver» deyib bağırar. Üç şey var ki, heç doymaz, Dörd şey var ki, «bəsdir» deməz:
16 ১৬ চিয়োল, বাঁজী তিৰোতাৰ গৰ্ভ, পানীৰ বাবে তৃষ্ণাতুৰ হোৱা মাটি, আৰু জুইয়ে কেতিয়াও নকয়, “যথেষ্ট হ’ল।” (Sheol h7585)
Ölülər diyarı, qısır bətn, Sudan doymayan torpaq, «Bəsdir» deməyən alov. (Sheol h7585)
17 ১৭ যি চকুৱে নিজৰ পিতৃক উপহাস কৰে, আৰু মাতৃৰ আজ্ঞা পালন কৰিবলৈ ঘিণ কৰে, তেওঁৰ চকু উপত্যকাৰ কাউৰীবোৰৰ দ্বাৰাই কাঢ়ি উলিওৱা হ’ব, আৰু শগুণে তেওঁক খাব।
Kim ki atasına rişxənd edir, Anasının sözünə xor baxır, Dərələrdəki qarğalar onun gözlərini deşəcək, Qartal balaları onun bəbəklərini yeyəcək.
18 ১৮ ইয়াত তিনিটা বিষয় আছে, যি মোৰ বাবে অতি অদ্ভুত, চতুৰ্থ বিষয় মই বুজি নাপাওঁ:
Mənim ağlım kəsməyən üç şey var, Anlamadığım dörd şey var:
19 ১৯ ঈগলে আকাশত উৰে; সাপে শিলত বগায়; জাহাজে সমুদ্রৰ মাজত গতি কৰে, আৰু পুৰুষে মহিলাৰ সৈতে জীৱনধাৰণ কৰে।
Səmada qartalın yolu, Qayada ilanın yolu, Dənizdə gəminin yolu, Kişi ilə gənc qadının yolu.
20 ২০ এইদৰে ব্যভিচৰিণীৰ পথ; তেওঁ খাই আৰু মুখ মঁচে আৰু কয়, “মই কোনো ভুল কৰা নাই।”
Zinakar qadının da yolu belədir: Yeyər, ağzını silər, «Nə pis iş görmüşəm ki?» deyər.
21 ২১ তিনিটা বিষয়ত পৃথিৱী কঁপে, আৰু চতুৰ্থ বিষয় সহিব নোৱাৰি:
Yer üç şeydən lərzəyə gəlir, Dörd şey var ki, ona tab gətirmir:
22 ২২ যেতিয়া এজন দাস ৰজা হয়; আৰু এজন মুৰ্খই আহাৰ খাই তৃপ্ত হয়;
Qulun padşah olması, Sarsağın doyunca çörək tapması,
23 ২৩ ঘিণলগীয়া মহিলাই যেতিয়া বিবাহ হয়; আৰু এগৰাকী দাসীয়ে যেতিয়া নিজৰ গৃহিনীৰ স্থান লয়।
Nifrətəlayiq qadının ərə getməsi, Qarabaşın öz xanımının yerinə keçməsi.
24 ২৪ পৃথিবীত চাৰিটা ক্ষুদ্ৰ বস্তু আছে; তথাপিও সেইবোৰ বহুত জ্ঞানী।
Yer üzündə dörd şey var, Kiçik olsa da, hikməti çoxdur:
25 ২৫ পৰুৱা শক্তিশালী প্রাণী নহয়, তথাপি সিহঁতে গ্রীষ্ম কালত সিহঁতৰ আহাৰ যুগুত কৰে;
Qarışqalar qüvvətli olmayan birlikdir, Yemini yayda tədarük edir;
26 ২৬ চাফন পশু শক্তিমান জীৱ নহয়, তথাপি সিহঁতে শিলৰ মাজত নিজৰ ঘৰ সাজে;
Qayadovşanları da güclü olmayan birlikdir, Evlərini qaya içində tikir;
27 ২৭ ফৰিংবোৰৰ ৰজা নাথাকে, তথাপি সিহঁত সকলোৱে শ্রেণী অনুসাৰে অতিক্রম কৰে;
Çəyirtkələrin şahı yoxdur, Lakin hamısı dəstə-dəstə irəliləyir;
28 ২৮ জেঠীক তুমি তোমাৰ দুয়োখন হাতেৰে ধৰি ৰাখিব পাৰা; তথাপি সিহঁত ৰজাৰ অট্টালিকাত বাস কৰে।
Kərtənkələni əllə tutmaq olur, Amma o, padşah saraylarına çıxır.
29 ২৯ নিজৰ দীঘল খোজৰ বাবে গৌৰৱ কৰা তিনিটা জীৱ আছে, চতুৰ্থবোৰ নিজৰ খোজ কঢ়াৰ ধৰণৰত গৌৰৱ কৰে।
Üç məxluq var ki, yerişi gözəldir, Dörd məxluq var ki, gedişi gözəldir:
30 ৩০ জন্তুৰ মাজত শক্তিশালী সিংহ, আৰু ই কোনো বস্তুৰ পৰা আঁতৰি নাহে;
Heyvanların ən güclüsü, Heç nəyin qarşısından geri dönməyən şir,
31 ৩১ বুকু ফিন্দাই খোজ কঢ়া মতা কুকুৰা, মতা ছাগলী, আৰু সৈন্যসকলৰ কাষত থকা ৰজা।
Döyüşkən xoruz, təkə, Qoşun qabağına çıxan padşah.
32 ৩২ তুমি যদি অজ্ঞানী হোৱা, তেনেহ’লে তুমি নিজকে প্রশংসা কৰা, বা যদি তুমি কু-কল্পনা কৰা, তেনেহ’লে তোমাৰ মুখত তোমাৰ হাত দিয়া।
Əgər özünü ucaltmaqla sarsaqlıq etmisənsə, Fikrində pis niyyətin varsa, əlinlə ağzını tut.
33 ৩৩ যিদৰে গাখীৰ মন্থন কৰিলে মাখন হয়, আৰু নাক মোহাৰিলে তেজ ওলায়, সেইদৰে ক্ৰোধে বিবাদ সৃষ্টি কৰে।
Çünki südü çalxalayanda yağ çıxdığı kimi, Burnu sıxanda qan çıxdığı kimi Qəzəbi qızışdıranda da dava yaranar.

< প্রবচন 30 >