< প্রবচন 24 >

1 দুষ্ট লোকক ঈৰ্ষা নকৰিবা, নাইবা তেওঁলোকৰ লগত থাকিবলৈ ইচ্ছা নকৰিবা;
Neiekarsies uz nelabiem cilvēkiem un nekāro būt ar viņiem;
2 কাৰণ তেওঁলোকৰ হৃদয়ে অত্যাচাৰৰ চক্রান্ত কৰে, আৰু তেওঁলোকৰ ওঁঠে সমস্যাৰ কথা কয়।
Jo viņu sirds domā uz postu, un viņu lūpas runā mokas.
3 প্ৰজ্ঞাৰ দ্বাৰাই ঘৰ নিৰ্মাণ হয়, আৰু বিবেচনাৰ দ্বাৰাই ঘৰ সংস্থাপন হয়।
Ar gudrību uzceļ namu un ar saprašanu to stiprina,
4 জ্ঞানৰ দ্বাৰাই কোঁঠালিবোৰ পৰিপূৰ্ণ হয়, লগতে সকলো বহুমুল্য আৰু আনন্দদায়ক বস্তুৰে পৰিপূৰ্ণ হয়।
Un ar samaņu pilda kambarus ar visādu dārgu un jauku bagātību.
5 সাহসী লোক বলৱান হয়, কিন্তু বলৱান লোকতকৈ জ্ঞানী লোক ভাল।
Gudrs vīrs ir spēcīgs, un vīrs, kam atzīšana, ir varens spēkā;
6 সুপৰামৰ্শৰ দ্বাৰাই তুমি তোমাৰ যুদ্ধ আৰম্ভ কৰিব পাৰা, আৰু বহুতো উপদেষ্টাৰ সৈতে জয় লাভ হয়।
Jo ar gudriem padomiem tu izvedīsi savu karu, un uzvarēšana ir, kur padoma devēju papilnam.
7 অজ্ঞানী লোকৰ বাবে প্ৰজ্ঞা অতি উচ্চ বিষয়; আৰু দুৱাৰত তেওঁ কথা কয়।
Ģeķim gudrība ir neaizsniedzama; savu muti lai tas neatdara pilsētas vārtos.
8 তাত আমাৰ এজন দুষ্ট কাৰ্য কল্পনা কৰা লোক আছে, লোকসকলে তেওঁক পৰিকল্পনাৰ পৰিচালক বুলি কয়।
Kas tīšām ļaunu dara, tas jāsauc blēdis pār visiem blēžiem.
9 জ্ঞানহীন আঁচনি পাপ, আৰু নিন্দক লোকক মানুহে ঘৃণা কৰে।
Ģeķības nodomi ir grēks, un mēdītājs cilvēkiem ir negantība.
10 ১০ সমস্যাৰ দিনত যদি তোমাৰ ভীৰুতা দেখুওৱা, তেনেহ’লে তুমি নিশকতীয়া।
Ja tu bēdu dienā nogursi, tad tavs spēks pagalam.
11 ১১ মৃত্যুলৈ লৈ যোৱা লোকসকলক ৰক্ষা কৰা, আৰু বধ কৰিবলৈ নিওতে যিসকল হতভম্ব হয় তেওঁলোকক তুমি যদি পাৰা ঘূৰাই আনা।
Glāb, kas uz nāvi pazudināti, un kas pie kaušanas top vesti, vai tu no tiem atrausies?
12 ১২ তুমি যদি কোৱা, “আমি এই বিষয়ে একো নাজানো।” তুমি কি কৈছা? সেই বিষয়ে যি জনাই হৃদয় পৰীক্ষা কৰে, তেওঁ জানো নুবুজে? আৰু যিজনাই তোমাৰ জীৱন ৰক্ষা কৰে, তেওঁ জানো এই বিষয়ে নাজানে? ঈশ্বৰে মানুহক কৰ্ম অনুসাৰে জানো ফল নিদিয়ে?
Ja tu saki: „Redzi, mēs to nezinām!“Vai tad tas, kas sirdis pārmana, to nemana, un kas tavu dvēseli pasargā, to nezin un cilvēkiem neatmaksās pēc viņu darba?
13 ১৩ হে মোৰ পুত্র, মৌ খোৱা, কাৰণ ই ভাল, আৰু মৌচাকৰ পৰা নিগৰি অহা মৌ তোমাৰ জিভাৰ বাবে সুস্বাদু।
Ēd, mans dēls, medu, jo tas ir labs, un tīrs medus ir salds tavā mutē;
14 ১৪ তেনেকৈ প্ৰজ্ঞা তোমাৰ আত্মাৰ বাবে তুমি যদি তাক বিচাৰি পোৱা, তেনেহ’লে তাত তোমাৰ ভবিষ্যত আছে, আৰু তোমাৰ আশা খণ্ডন কৰা নহব।
Tāpat tavai dvēselei būs gudrības atzīšana, ja tu to atrodi; jo ir pastara diena, un tava gaidīšana nebūs veltīga.
15 ১৫ ন্যায় কাৰ্য কৰাসকলৰ ঘৰ যিজনে আক্রমণ কৰে, তেনে দুষ্ট মানুহৰ দৰে তুমি মিছা কথা নকবা, তেওঁলোকৰ ঘৰ ধ্বংস নকৰিবা।
Neglūn, tu bezdievīgais, uz taisnā dzīvokli, neposti viņa vietu;
16 ১৬ কাৰণ যিসকলে ন্যায় কাৰ্য কৰে, তেওঁলোক সাতবাৰ পৰিলেও, তেওঁ পুনৰ উঠিব। কিন্তু দুষ্ট লোক দুৰ্যোগত পৰি বিনষ্ট হয়।
Jo taisnais krīt septiņ reiz un ceļas augšām; bet bezdievīgie nogrimst nelaimē.
17 ১৭ যেতিয়া তোমাৰ শত্ৰুৰ পতন হয়, তেতিয়া আনন্দ নকৰিবা, আৰু যেতিয়া তেওঁ উজুতি খায়, তেতিয়া তোমাৰ মনক উল্লাসিত হ’বলৈ নিদিবা।
Nepriecājies, kad tavs ienaidnieks krīt, un lai tava sirds nelīksmojās, kad viņš klūp,
18 ১৮ কিয়নো যিহোৱাই চাব আৰু অগ্রাহ্য কৰিব, আৰু তেওঁৰ পৰা তেওঁৰ ক্ৰোধ দূৰ কৰিব।
Ka Tas Kungs to neredz, un tas viņa acīm neriebj, un viņš savu dusmību no tā nenovērš.
19 ১৯ কুকৰ্ম কৰা সকলৰ বাবে উদ্বিগ্ন নহবা, আৰু দুষ্ট লোকক ঈৰ্ষা নকৰিবা,
Neapskaities par ļauniem un neiekarsies par bezdievīgiem!
20 ২০ কাৰণ দুষ্ট লোকৰ কোনো ভবিষ্যত নাই, আৰু দুষ্ট লোকৰ প্ৰদীপ নুমাই যাব।
Jo ļaunam nenāk cerētais gals; bezdievīgo spīdeklis izdzisīs.
21 ২১ হে মোৰ পুত্র, যিহোৱালৈ ভয় কৰা, আৰু ৰজাক ভয় কৰা। তেওঁলোকৰ বিৰুদ্ধে বিদ্রোহ কৰা সকলৰ সৈতে সহযোগ নকৰিবা।
Mans dēls, bīsties To Kungu un ķēniņu, un nejaucies ar dumpiniekiem.
22 ২২ কাৰণ হঠাতে তেওঁলোকলৈ বিপৰ্যয় আহিব, তেওঁলোক দুয়োৰে পৰা বিনাশ কিমান পৰিমানে হ’ব কোনে জানে?
Jo piepeši nāks viņiem nediena, - un abēju sodu, kas to zin!
23 ২৩ এই সকলো জ্ঞানী লোকৰ বচন। বিচাৰত পক্ষপাত কৰা উচিত নহয়।
Arī šie ir gudro vārdi: Tiesā cilvēka vaigu uzlūkot nav labi.
24 ২৪ যি জনে দোষীজনক কয়, “তুমি নিৰ্দোষী হোৱা,” তেওঁক মানুহে শাও দিব, আৰু দেশবাসীয়ে ঘিণ কৰিব।
Kas uz vainīgo saka: „Tev taisnība!“to cilvēki lād un ļaudis ienīst.
25 ২৫ কিন্তু যিসকলে দুষ্টলোকক নিন্দা কৰে, তেওঁলোক আনন্দিত হ’ব, আৰু তেওঁলোকলৈ ওপৰত উত্তম আশীৰ্ব্বাদ আহে।
Bet tie (viņiem) mīļi, kas (tādu) pārmāca, un pār tiem nāks visu labākā svētība.
26 ২৬ যিজনে সত্যতাত উত্তৰ দিয়ে, তেওঁ ওঁঠক চুমা খায়।
Kas pareizi atbildējis, ir kā saldu muti devis.
27 ২৭ তোমাৰ বাহিৰৰ কাম প্রস্তুত কৰা, আৰু নিজৰ বাবে মুকলি ঠাইত সকলো বস্তু যুগুত কৰা, আৰু তাৰ পাছতহে তোমাৰ গৃহ নিৰ্মাণ কৰা।
Padari savu darbu laukā un apkopies tīrumā, un tad vēl uztaisi savu namu.
28 ২৮ কাৰণ নোহোৱাকৈ তোমাৰ চুবুৰীয়াৰ অহিতে সাক্ষী নহবা; আৰু তোমাৰ মুখেৰে প্ৰতাৰণা নকৰিবা।
Nedod velti liecību pret savu tuvāko! Vai tu mānīsi ar savām lūpām?
29 ২৯ এইদৰে নকবা, “তেওঁ মোলৈ যিদৰে কৰিলে, মইয়ো তালৈ সেইদৰেই কৰিম; তেওঁ যি কৰিলে তাৰ প্রতিফল মই তেওঁক দিম।”
Nesaki: „Kā viņš man darījis, tā es viņam darīšu; es tam atmaksāšu pēc viņa darba!“
30 ৩০ মই এলেহুৱা মানুহৰ পথাৰৰ মাজেৰে গৈছিলোঁ, জ্ঞানশূন্য মানুহৰ দ্ৰাক্ষাবাৰীৰ ওচৰেদি গৈছিলোঁ।
Es gāju gar sliņķa tīrumu un gar ģeķa vīna kalnu.
31 ৩১ চাৰিওফালে কাঁইটীয়া বন গজিছিল, গোটেই পথাৰ কাঁইটে ঢাকি ধৰিছিল, আৰু সীমাত থকা শিলৰ বেৰা ভাঙি গৈছিল।
Un redzi, tur auga tik nātres vien, un dadži pārņēma visu, un viņa akmeņu mūris bija sagruvis.
32 ৩২ তাৰ পাছত মই চাই বিবেচনা কৰিলোঁ; আৰু চালোঁ আৰু শিক্ষা পালোঁ।
Un es to ieraudzīju, to liku vērā: es to redzēju, ņēmos mācību:
33 ৩৩ “অলপ টোপনি, আৰু অলপ টোপনি, জীৰণি লবলৈ হাত সাৱটি থাকিলে,
Guli maķenīt, snaud maķenīt, saliec maķenīt rokas miegā;
34 ৩৪ দৰিদ্ৰতা ডকাইতৰ দৰে তোমালৈ আহিব, আৰু তোমাৰ প্রয়োজনীয়তা সুসজ্জিত যুদ্ধাৰুৰ দৰে আহিব।
Tad tava nabadzība tev pienāks nākdama, un tavs trūkums kā apbruņots vīrs.

< প্রবচন 24 >