< প্রবচন 15 >

1 মৃদু উত্তৰে ক্ৰোধ ক্ষান্ত কৰে; কিন্তু কঠোৰ কথাই খং তোলে।
Łagodna odpowiedź uśmierza zapalczywość, a przykre słowa wzniecają gniew.
2 জ্ঞানীলোকৰ জিভাই জ্ঞানৰ প্ৰশংসা কৰে; কিন্তু অজ্ঞানীৰ মুখে অজ্ঞানতাৰ কথা কয়।
Język mądrych zdobi wiedzę, ale usta głupich tryskają głupotą.
3 যিহোৱাৰ দৃষ্টি সকলো ঠাইতে থাকে, ভাল আৰু বেয়াৰ ওপৰত তেওঁৰ দৃষ্টি থাকে।
Oczy PANA są na każdym miejscu, upatrują złych i dobrych.
4 সুস্থ জিভা জীৱন বৃক্ষস্বৰূপ; কিন্তু প্রতাৰণাপূৰ্ণ জিভাই আত্মাক গুৰি কৰে।
Zdrowy język [jest] drzewem życia, a jego przewrotność [jest] zniszczeniem dla ducha.
5 অজ্ঞানী লোকে নিজৰ পিতৃৰ নিয়মানুৱৰ্তিতা অৱজ্ঞা কৰে; কিন্তু যি জনে শুধৰণিৰ পৰা শিক্ষা লয়, তেওঁ দূৰদৰ্শী।
Głupi gardzi pouczeniem swego ojca, a kto przyjmuje upomnienia, jest roztropny.
6 যি সকলে সত্যতাত চলে, তেওঁলোকৰ ভঁৰাল বৃহৎ হয়; কিন্তু দুষ্ট সকলৰ উপাৰ্জনে তেওঁলোকক সমস্যাত পেলায়।
W domu sprawiedliwego [jest] wielki dostatek, a w dochodach niegodziwego jest zamieszanie.
7 জ্ঞানী লোকৰ ওঁঠে জ্ঞানৰ বিষয়ে কয়, কিন্তু অজ্ঞানী লোকৰ হৃদয়ে সেইদৰে নকৰে।
Wargi mądrych szerzą wiedzę, a serce głupich nie.
8 দুষ্ট সকলৰ বলিদান যিহোৱাই ঘিণ কৰে; কিন্তু ন্যায়পৰায়ণ লোকৰ প্ৰাৰ্থনাত তেওঁ আনন্দিত হয়।
Ofiara niegodziwych budzi odrazę w PANU, [a] modlitwa prawych mu się podoba.
9 দুষ্ট লোকৰ পথ যিহোৱাই ঘিণ কৰে; কিন্তু সত্যতাক অনুসৰণ কৰা জনক তেওঁ প্ৰেম কৰে।
Droga niegodziwego wzbudza odrazę w PANU, a miłuje on tego, kto podąża za sprawiedliwością.
10 ১০ যিজনে সৎ পথ ত্যাগ কৰে, তেওঁলৈ কঠিন শাস্তি থাকে; আৰু যিজনে অনুযোগ ঘিণ কৰে তেওঁৰ মৃত্যু হ’ব।
Sroga kara [należy się] temu, kto zbacza z drogi, a kto nienawidzi upomnień, umrze.
11 ১১ চিয়োল আৰু বিনাশ যিহোৱাৰ দৃষ্টিত লুকাই থকা নাই; তেনেহ’লে কিমান অধিক পৰিমাণে মনুষ্য সন্তান সকলৰ হৃদয় তেওঁৰ দৃষ্টিত থাকে। (Sheol h7585)
Piekło i zatracenie [są] przed PANEM; o ileż bardziej serca synów ludzkich. (Sheol h7585)
12 ১২ নিন্দক লোকে অনুযোগত বিৰক্তি পায়; তেওঁ জ্ঞানী লোকৰ ওচৰলৈ নাযায়।
Szyderca nie miłuje tego, który go strofuje, ani nie pójdzie do mądrych.
13 ১৩ আনন্দিত হৃদয়ে মুখমণ্ডলক প্ৰফুল্লিত কৰে; কিন্তু মানসিক যন্ত্রণাই আত্মা ভাঙি দিয়ে।
Radosne serce rozwesela twarz, [ale] gdy smutek w sercu, duch jest przygnębiony.
14 ১৪ সুবিবেচকৰ হৃদয়ে জ্ঞান বিচাৰ কৰে; কিন্তু অজ্ঞানী লোকৰ মুখে অজ্ঞানতা গ্রহণ কৰে।
Serce rozumne szuka wiedzy, a usta głupich karmią się głupotą.
15 ১৫ নিৰ্যাতিত লোকৰ সকলো দিন কষ্টদায়ক; কিন্তু প্ৰফুল্লিত হৃদয়ৰ ভোজ চিৰস্থায়ী।
Wszystkie dni strapionego [są] złe, ale kto jest wesołego serca, ma nieustanną ucztę.
16 ১৬ বিভ্রান্তিৰ সৈতে বৃহৎ ভঁৰালতকৈ যিহোৱালৈ ভয় কৰি ৰখা অলপেই ভাল।
Lepiej [mieć] mało z bojaźnią PANA niż wielki skarb z kłopotem.
17 ১৭ হিংসাৰ সৈতে স্বাস্থ্যৱান গৰুতকৈ প্রেমেৰে সৈতে শাক-পাচলি ভোজন কৰাই ভাল।
Lepsza jest potrawa z jarzyn, gdzie miłość, niż tuczny wół, gdzie panuje nienawiść.
18 ১৮ ক্রোধি লোকে বিতৰ্কৰ সৃষ্টি কৰে; কিন্তু ক্ৰোধত ধীৰ লোকে বিবাদ ক্ষান্ত কৰে।
Człowiek gniewny wszczyna kłótnie, a nieskory do gniewu łagodzi spory.
19 ১৯ এলেহুৱাৰ পথ কাঁইটৰ বেৰা স্বৰূপ; কিন্তু ন্যায়পৰায়ণৰ পথ ৰাজপথ স্বৰূপ।
Droga leniwego jest jak płot cierniowy, a ścieżka prawych jest wyrównana.
20 ২০ জ্ঞানৱান পুত্ৰই পিতৃক আনন্দিত কৰে; কিন্তু অজ্ঞানলোকে নিজ মাতৃক অবজ্ঞা কৰে।
Mądry syn jest radością ojca, a człowiek głupi gardzi własną matką.
21 ২১ জ্ঞানশূন্যজনক অজ্ঞান জনে আনন্দ দিয়ে; কিন্তু যি জন বিবেচক, তেওঁ সৰল পথত চলে।
Głupota [jest] radością dla nierozumnego, a człowiek roztropny postępuje uczciwie.
22 ২২ পৰামৰ্শৰ অবিহনে কৰা পৰিকল্পনা ব্যৰ্থ হয়; কিন্তু বহু লোকৰ পৰামৰ্শত সেয়ে সিদ্ধ হয়।
Gdzie nie ma rady, nie udają się zamysły; powiodą się zaś przy mnóstwie doradców.
23 ২৩ মানুহে নিজৰ উপযুক্ত উত্তৰত আনন্দ পায়, আৰু উচিত সময়ত কোৱা বাক্য কেনে ভাল।
Człowiek cieszy się z odpowiedzi swoich ust, a słowo powiedziane we właściwym czasie jakże jest dobre!
24 ২৪ দূৰদৰ্শী লোকৰ বাবে জীৱনৰ পথ উৰ্দ্ধগামী হয়; যাতে তলত থকা চিয়োলৰ পৰা তেওঁ আতৰিব পাৰে। (Sheol h7585)
Droga życia dla mądrego [jest] w górze, aby uniknął głębokiego piekła. (Sheol h7585)
25 ২৫ যিহোৱাই অহঙ্কাৰীলোকৰ উত্তৰাধিকাৰী উচ্ছন্ন কৰে, কিন্তু তেওঁ বিধৱা লোকৰ সম্পত্তি সুৰক্ষিত কৰে।
PAN zniszczy dom pysznych, a utwierdzi granicę wdowy.
26 ২৬ যিহোৱাই দুষ্ট লোকৰ কল্পনা ঘিণ কৰে; কিন্তু দয়াশীলৰ বাক্যবোৰ নিৰ্মল।
Myśli złego budzą odrazę w PANU, a słowa czystych [są] przyjemne.
27 ২৭ ডকাইতে নিজৰ পৰিয়াললৈ সমস্যা আনে; কিন্তু ভেঁটি ঘিণ কৰা জন কুশলে থাকে।
Kto jest chciwy zysku, ściąga kłopoty na własny dom, a kto nienawidzi darów, będzie żył.
28 ২৮ সত্যতাত চলা জনৰ হৃদয়ে উত্তৰ দিয়াৰ পূৰ্বেই চিন্তা কৰে; কিন্তু দুষ্টলোকৰ মুখেৰে সকলো বেয়া কথা বাহিৰ হয়।
Serce sprawiedliwego rozmyśla nad odpowiedzią, a usta niegodziwych tryskają złymi rzeczami.
29 ২৯ যিহোৱা দুষ্টলোকৰ পৰা দূৰত থাকে; কিন্তু সত্যতাত চলাজনৰ প্ৰাৰ্থনা শুনে।
PAN jest daleko od niegodziwych, ale wysłuchuje modlitwy sprawiedliwych.
30 ৩০ চকুৰ প্ৰসন্নতাই হৃদয়ক আনন্দিত কৰে; আৰু শুভবাৰ্ত্তাই শৰীৰক স্বাস্থ্যৱান কৰে।
Światło oczu rozwesela serce, a dobra wieść tuczy kości.
31 ৩১ যেতিয়া কোনো এজনে তোমাৰ আচৰণ শুধৰাই দিয়ে আৰু যদি তুমি মনোযোগ দিয়া, তেতিয়া তুমি জ্ঞানীসকলৰ মাজত গণ্য হবা।
Ucho, które słucha upomnienia życia, będzie mieszkać pośród mądrych.
32 ৩২ যিজনে নিয়মানুবৰ্তিতা অগ্ৰাহ্য কৰে, তেওঁ নিজকে হেয়জ্ঞান কৰে; কিন্তু যি জনে অনুযোগ শুনে, তেওঁ সুবিবেচনা লাভ কৰে।
Kto odrzuca karność, gardzi własną duszą, a kto przyjmuje upomnienie, nabiera rozumu.
33 ৩৩ যিহোৱালৈ ৰখা ভয়ে প্ৰজ্ঞাৰ শিক্ষা দিয়ে, আৰু নম্ৰতা সন্মানৰ আগত আহে।
Bojaźń PANA [jest] pouczeniem w mądrości, a pokora poprzedza chwałę.

< প্রবচন 15 >