< ফিলীমন 1 >

1 আমাৰ প্ৰিয় ভাই আৰু সহকৰ্মী ফিলীমনৰ প্রতি, খ্ৰীষ্ট যীচুৰ বন্দীয়াৰ পৌল আৰু আমাৰ ভাই তীমথিয়;
παυλοσ δεσμιοσ χριστου ιησου και τιμοθεοσ ο αδελφοσ φιλημονι τω αγαπητω και συνεργω ημων
2 আৰু আমাৰ ভনী আপ্পিয়া, সহসেনা আর্খিপ্প আৰু তোমাৰ ঘৰত গোট খোৱা মণ্ডলীৰ প্রতি,
και απφια τη αγαπητη και αρχιππω τω συστρατιωτη ημων και τη κατ οικον σου εκκλησια
3 আমাৰ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচু খ্ৰীষ্টৰ পৰা অনুগ্রহ আৰু শান্তি কামনা কৰিলোঁ।
χαρισ υμιν και ειρηνη απο θεου πατροσ ημων και κυριου ιησου χριστου
4 মোৰ প্ৰাৰ্থনাত মই তোমাৰ নাম উল্লেখ কৰি, সদায় মোৰ ঈশ্বৰৰ ধন্যবাদ দিওঁ,
ευχαριστω τω θεω μου παντοτε μνειαν σου ποιουμενοσ επι των προσευχων μου
5 প্রভু যীচুৰ প্রতি তোমাৰ বিশ্বাস আৰু ঈশ্বৰৰ সকলো পবিত্র লোকৰ প্রতি থকা তোমাৰ প্রেমৰ কথা শুনিবলৈ পালোঁ।
ακουων σου την αγαπην και την πιστιν ην εχεισ προσ τον κυριον ιησουν και εισ παντασ τουσ αγιουσ
6 তোমাৰ বিশ্বাসৰ সহভাগিতা যেন আমাৰ লগত থকা সকলো উত্তম বিষয়ৰ জ্ঞানত খ্ৰীষ্টৰ অৰ্থে কাৰ্যসাধক হয়, এনে প্ৰাৰ্থনা কৰোঁ।
οπωσ η κοινωνια τησ πιστεωσ σου ενεργησ γενηται εν επιγνωσει παντοσ αγαθου του εν ημιν εισ χριστον ιησουν
7 হে ভাই, তোমাৰ প্রেমত মই অতি আনন্দ আৰু সান্ত্বনা পালোঁ, কিয়নো তোমাৰ দ্বাৰা ঈশ্বৰৰ পবিত্র লোক সকলৰ হৃদয় পুনৰাই সজীৱ কৰা হ’ল।
χαριν γαρ εχομεν πολλην και παρακλησιν επι τη αγαπη σου οτι τα σπλαγχνα των αγιων αναπεπαυται δια σου αδελφε
8 গতিকে যি উচিত সেইটো কৰিবৰ বাবে তোমাক আজ্ঞা দিবলৈ যীচু খ্রীষ্টত মোৰ সাহস আছে,
διο πολλην εν χριστω παρρησιαν εχων επιτασσειν σοι το ανηκον
9 তথাপি মই তোমাক, তোমাৰ প্ৰেমৰ কাৰণে ইয়াৰ পৰিৱর্তে অনুৰোধ কৰোঁ। মই পৌল, বৃদ্ধ হৈছোঁ আৰু এতিয়া খ্রীষ্ট যীচুৰ কাৰণে মই বন্দী।
δια την αγαπην μαλλον παρακαλω τοιουτοσ ων ωσ παυλοσ πρεσβυτησ νυνι δε και δεσμιοσ ιησου χριστου
10 ১০ মোৰ বন্দী অৱস্থাত জন্মা পুত্র ওনীচিমৰ প্রসংগত মই তোমাক অনুৰোধ কৰোঁ;
παρακαλω σε περι του εμου τεκνου ον εγεννησα εν τοισ δεσμοισ μου ονησιμον
11 ১১ তেওঁ আগেয়ে তোমাৰ অনুপকাৰী আছিল কিন্তু এতিয়া তোমাৰ আৰু মোৰ বাবেও উপকাৰী হ’ল।
τον ποτε σοι αχρηστον νυνι δε σοι και εμοι ευχρηστον ον ανεπεμψα
12 ১২ যি জন মোৰ প্ৰাণৰ প্ৰিয়, তেওঁকেই মই তোমাৰ ওচৰলৈ উভতাই পঠালোঁ।
συ δε αυτον τουτ εστιν τα εμα σπλαγχνα προσλαβου
13 ১৩ শুভবাৰ্তাৰ কাৰণে হোৱা মোৰ বন্ধনত, তোমাৰ সলনি তেওঁ যেন মোৰ পৰিচৰ্যা কৰে, এই কাৰণে মই তেওঁক লগত ৰাখিব খুজিছিলোঁ৷
ον εγω εβουλομην προσ εμαυτον κατεχειν ινα υπερ σου διακονη μοι εν τοισ δεσμοισ του ευαγγελιου
14 ১৪ কিন্তু তোমাৰ অনুমতি অবিহনে মই একো কৰিবলৈ আৱশ্যক নেদেখিলোঁ, সেয়েহে তোমাৰ সৎ গুণ উপায়ন্তৰ হৈ কৰা নহওক, কিন্তু স্ব-ইচ্ছাৰে হওক।
χωρισ δε τησ σησ γνωμησ ουδεν ηθελησα ποιησαι ινα μη ωσ κατα αναγκην το αγαθον σου η αλλα κατα εκουσιον
15 ১৫ সম্ভৱত: তেওঁক চিৰকাল পাবৰ বাবে, তোমাৰ পৰা কিছু সময়ৰ কাৰণে পৃথক কৰা হৈছিল। (aiōnios g166)
ταχα γαρ δια τουτο εχωρισθη προσ ωραν ινα αιωνιον αυτον απεχησ (aiōnios g166)
16 ১৬ এজন দাসৰ দৰে নহয় কিন্তু দাসতকৈ শ্রেষ্ঠ, বিশেষকৈ মোৰ বাবে এজন প্রিয় ভাইৰ দৰে; মাংস আৰু প্রভু উভয়তে তোমালৈ অধিক প্রিয়।
ουκετι ωσ δουλον αλλ υπερ δουλον αδελφον αγαπητον μαλιστα εμοι ποσω δε μαλλον σοι και εν σαρκι και εν κυριω
17 ১৭ যদি তুমি মোক সহভাগী বুলি গণ্য কৰা তেনেহলে মোৰ তুল্য বুলি তেওঁক গ্ৰহণ কৰিবা।
ει ουν με εχεισ κοινωνον προσλαβου αυτον ωσ εμε
18 ১৮ আৰু তেওঁ যদি তোমাক কিবা অন্যায় কৰিলে বা ধৰুৱা হৈছে, তেনেহলে তাক মোৰ বুলিয়েই গণনা কৰিবা।
ει δε τι ηδικησεν σε η οφειλει τουτο εμοι ελλογει
19 ১৯ মই পৌল, নিজ মনৰ সৈতে নিজ হাতে লিখিলোঁ, মই পৰিশোধ কৰিম। তোমাৰ জীৱনৰ কাৰণে তুমি যে মোৰ ওচৰত ঋণী, সেই বিষয়ে মই নকওঁ।
εγω παυλοσ εγραψα τη εμη χειρι εγω αποτισω ινα μη λεγω σοι οτι και σεαυτον μοι προσοφειλεισ
20 ২০ হয় ভাই, প্রভুত মোক আনন্দিত হবলৈ দিয়া আৰু খ্রীষ্টত মোৰ প্ৰাণ পুনৰ সতেজ কৰা।
ναι αδελφε εγω σου οναιμην εν κυριω αναπαυσον μου τα σπλαγχνα εν κυριω
21 ২১ তোমাৰ আনুগত্যতাত আত্মবিশ্বাস আছে, সেয়েহে মই তোমালৈ লিখিলোঁ, তুমি মই কোৱাতকৈও অধিক কৰিবা বুলি জানিছোঁ।
πεποιθωσ τη υπακοη σου εγραψα σοι ειδωσ οτι και υπερ ο λεγω ποιησεισ
22 ২২ কিন্তু সেই একে সময়তে, মোলৈ এটা থকা ঠাই যুগুত কৰি ৰাখিবা; মই আশা কৰোঁ তোমালোকৰ প্ৰাৰ্থনাৰ দ্বাৰাই মই তোমালোকৰ ওচৰলৈ আহিবলৈ অনুমতি পালোঁ।
αμα δε και ετοιμαζε μοι ξενιαν ελπιζω γαρ οτι δια των προσευχων υμων χαρισθησομαι υμιν
23 ২৩ খ্ৰীষ্ট যীচুৰ সম্বন্ধে মোৰ লগৰ বন্দীয়াৰ ইপাফ্ৰাই তোমাক মঙ্গলবাদ কৰিছে;
ασπαζονται σε επαφρασ ο συναιχμαλωτοσ μου εν χριστω ιησου
24 ২৪ আৰু মাৰ্ক, আৰিষ্টাৰ্খ, দীমা আৰু লূক, মোৰ এই সহকাৰী সকলেও মঙ্গলবাদ কৰিছে।
μαρκοσ αρισταρχοσ δημασ λουκασ οι συνεργοι μου
25 ২৫ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ তোমালোকৰ আত্মাৰ লগত থাকক। আমেন।
η χαρισ του κυριου ημων ιησου χριστου μετα του πνευματοσ υμων αμην

< ফিলীমন 1 >